নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইটাখোলাত ড্ৰাগছসহ দুই পেডলাৰ আটক

নিয়মীয়া বাৰ্তা, ১জুনঃ বিশ্বনাথ জিলাৰ ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত ইটাখোলা দৈনিক বজাৰৰ পৰা আজি বিয়লি  ড্ৰাগছসহ দুই পেডলাৰ  আটক হোৱা খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। এক গোপন সূত্ৰৰ পম খেদি চতিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামল জ্যোতি শইকীয়া আৰু ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰজ্যোতি শইকীয়াৰ নেতৃত্বত যোৱা এদল আৰক্ষীয়ে শোণিতপুৰ জিলাৰ খনামুখৰ কেকুকলি গাঁৱৰ দুই পেডলাৰ ক্ৰমে বাবুল আলী (৩০) আৰু ৰফিকুল ইছলাম (২৮)য়ে পালছাৰ মটৰচাইকেল (AS-12A F 3158) লৈ প্ৰায় ১৪ গ্ৰাম সন্দেহযুক্ত ব্ৰাউন ছুগাৰ কঢ়িয়াই আনি দৈনিক বজাৰত বিক্ৰী কৰাৰ উদ্দেশ্যে ৰৈ থকা অৱস্থাতে আৰক্ষীয়ে আটক কৰে। ড্ৰাগছৰ লগতে নকল সোণ আৰু টকাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জোৰদাৰ অভিযান চলাই থকাৰ সময়তে ইটাখোলা আৰু চতিয়া আৰক্ষীয়ে ইটাখোলাৰ দৈনিক বজাৰত অভিযান চলাই ড্ৰাগছৰ সৈতে উক্ত দুই পেডেলাৰক কৰায়ত্ত কৰাত ইটাখোলাৰ সচেতন মহলে আৰক্ষীক ভূয়সী প্ৰশংসা কৰে। উল্লেখ্য যে বিশ্বনাথ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী  ইটাখোলা অঞ্চলৰ পৰা অৰুণাচলৰ চিজুছালৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে ড্ৰাগছ পেডলাৰসকল আহে বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। ইয়াৰ আগতেও উক্ত দৈনিক বজাৰখনত অন্য এজন পেডলাৰক ড্ৰাগছসহ আটক কৰাৰ লগতে এবছৰ মান পূৰ্বে চিজুছাৰ শিবিৰৰ দুজন জোৱানক ড্ৰাগছসহ ইটাখোলা আৰক্ষীয়ে আটক কৰিছিল।

প্ৰেৰক শিবু মজুমদাৰ
You might also like