নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিতাৰ বসবাসৰ উপযুক্ত পৰিৱেশ নাই ভাৰতৰ অৰণ্যত

বিশেষ বাৰ্তা, ১ জুনঃ ভাৰতত চিতা বাঘৰ বসবাসৰ উপযুক্ত পৰিৱেশ নাই ৷ মধ্যপ্রদেশৰ কুনো ৰাষ্ট্রীয় উদ্যানত মার্চ মাহৰে পৰা তিনিটা পোৱালিসহ মুঠ ৬টা চিতাৰ মৃত্যু হোৱা ঘটনাক লৈ উদ্বেগ প্রকাশ কৰিছে বিশেষজ্ঞসকলে ৷ নামিবিয়া আৰু দক্ষিণ আফ্রিকাৰ পৰা ভাৰতলৈ অনা হৈছে চিতা ৷ ‘ইণ্ডিয়া টুডে ছাউথ কনক্লেভ’ত এই বিষয়টোৰ ওপৰত বক্তব্য ৰাখি ডব্লিউডব্লিউএফ ইণ্ডিয়াৰ বৈজ্ঞানিক উপদেষ্টা এজেটি জনসিঙে উল্লেখ কৰিছে যে চিতাৰ বাবে ভাৰতত উপযুক্ত আৱাসস্থলেই নাই ৷ কুনোৰ পার্বত্য অংশ অৰণ্যৰে ঢকা আছে ৷ আনফালে অতিৰিক্ত তাপমাত্রাৰ বাবে চিকাৰৰ সংখ্যাও কম কুনোত ৷

You might also like