নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাট আৰক্ষীৰ জালত পিষ্টলসহ দুই ডকাইত

নিয়মীয়া বাৰ্তা, ৩ জুনঃ নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষীয়ে আজি সন্ধিয়াৰ ভাগত গোপন সূত্ৰৰ পম খেদি পিষ্টলসহ দুটা ডকাইতক কৰায়ত্ত কৰে । জানিব পৰা মতে, ৰূপহীহাটৰ বন্ধন বেংকৰ সমীপৰ পৰা ডকাইত দুটাক আটক কৰে । বেংকৰ কৰ্মচাৰী ওলাই যোৱাৰ পিছত পথ ডকাইতিৰ উদ্দেশ্যেৰেই ভকতগাঁৱৰ লাওখোৱা-নলতলী পথত বাহৰ পাতি আছিল । দুই জাঁই সক্ৰিয় গুলীৰ সৈতে আটক হোৱা ডকাইত দুটা হল চুলতান আলী আৰু ফাৰুক আব্দুলা । ডকাইত দুটা AS-02-AB-6648 নম্বৰৰ গ্লেমাৰ বাইকেৰে আহিছিল বুলি জানিব পৰা গৈছে ।

প্ৰেৰক জহিৰুল ইছলাম

You might also like