নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনুৰাগীৰ বিবাহ কাৰ্ডত মহেন্দ্ৰ সিং ধোনীৰ ফটো

বিশেষ বাৰ্তা, ৩ জুনঃ মহেন্দ্ৰ সিং ধোনীৰ ফটোসম্বলিত এখন বিবাহ কাৰ্ড ছচিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে । ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই বিবাহ কাৰ্ডখন ছত্তীশগড়ৰ ৰায়গড় জিলাৰ। এই বিবাহ কাৰ্ডখনৰ দুয়োফালে ভাৰতৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ ছবি আছে। ইয়াৰ বাহিৰেও কেপ্টেইন কুলৰ ৭ নম্বৰ জাৰ্ছী ছপা হৈছে। ধোনীৰ এই অনুৰাগীগৰাকীৰ নাম দীপক পেটেল। তেওঁ মিলুপাৰাৰ কণ্ডকেল জিলাৰ বাসিন্দা। মহেন্দ্ৰ সিং ধোনীৰ বাবেই শৈশৱতে ক্ৰিকেটৰ প্ৰেমত পৰিছিল দীপক। দীপক পেটেলে কয় যে তেওঁ নিজৰ গাঁৱৰ ক্ৰিকেট দলৰ অধিনায়ক। মহেন্দ্ৰ সিং ধোনীৰ পৰা শিকিছে অধিনায়কত্বৰ পাঠ। দীপক পেটেলে আৰু কয় যে তেওঁ জনপ্ৰিয়তাৰ বাবে এই কাম কৰা নাই, তেওঁ সঁচাকৈয়ে কেপ্টেইন কুলক অন্তৰৰ পৰা ভাল পায়।

You might also like