নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটৰ ঔঅনাত উত্তপ্ত পৰিস্থিতি : বিলাসী বাহনসহ দুটা চোৰাং গৰু উদ্ধাৰ

নিয়মীয়া বাৰ্তা,  ১১ ছেপ্টেম্বৰ : ৰূপহীহাটৰ ঔঅনাত আজি পুৱা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ এএছ-০১ এআৰ-০৯৮৭ নম্বৰৰ বিলাসী বাহনেৰে চোৰৰ দল এটাই গৰু চুৰি কৰি লৈ গৈ আছিল ৷ চোৰৰ দলটোৱে গৰু চুৰি কৰি ঔঅনা পোৱাৰ সময়তে গাড়ীখনৰ যান্ত্ৰিক বিজুতি ঘটে ৷ যাৰ বাবে চোৰৰ দলটোৱে গাড়ীৰ পৰা নামি পলাই যোৱা দেখি স্থানীয় ৰাইজৰ সন্দেহ হয় ৷
ৰাইজে গাড়ীখনৰ ওচৰত গৈ গাড়ীখনৰ ভিতৰত দুটা গৰু দেখা পায় ৷ গাড়ীৰ ভিতৰত গৰু দেখা পোৱাৰ লগে লগে ৰাইজৰ সন্দেহ হয় যে এইখন চোৰৰ গাড়ী আৰু চোৰে এই গাড়ীৰে গৰু চুৰি কৰি আনিছে ৷ লগে লগে ৰাইজে উত্তেজিত হৈ গাড়ীখন ভাঙি লণ্ড-ভণ্ড কৰি ৰূপহীহাট আৰক্ষীক খবৰ দিয়ে ৷
ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ দুটা চোৰাং গৰু আৰু গাড়ীখন জব্দ কৰে ৷ চোৰাং গৰু অনা গাড়ীখনৰ চালক ফৰিদুল ইছলাম বুলি ৰাইজে চিনাক্ত কৰিছে ৷ উল্লেখ্য যে ৰূপহীহাটৰ বিভিন্ন প্ৰান্তত প্ৰায় প্ৰতি নিশাই গৰু চুৰিৰ ঘটনা সংঘটিত হৈ আহিছে ৷ চোৰৰ দলটোৱে গৃহস্থৰ নিদ্ৰাহৰণ কৰি আহিছিল ৷ গৰু চোৰ চক্ৰটোৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে প্ৰশাসনৰ ওচৰত ৷
প্ৰেৰক জহিৰুল ইছলাম
You might also like