নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচ মাহে পেন্সনৰ পৰা বঞ্চিত জিএমচিৰ দুই সহস্রাধিক অৱসৰপ্রাপ্ত কর্মচাৰীৰ হুংকাৰ

গুৱাহাটী পৌৰ নিগমৰ দুই সহস্রাধিক অৱসৰপ্রাপ্ত কর্মচাৰীক ৫ মাহে জি এম চি কর্তৃপক্ষই আদায় দিয়া নাই অৱসৰী ভাট্টা৷ নিয়মীয়াকৈ অৱসৰপ্রাপ্ত কর্মচাৰীক পেন্সন আদায় দিয়াৰ বাবে গুৱাহাটী পৌৰ নিগমৰ লগতে চৰকাৰক বাৰম্বাৰ আবেদন জনোৱাৰ পিছতো অৱসৰপ্রাপ্ত কর্মচাৰীয়ে সুফল নোপোৱাত হতাশাত ভুগিবলগীয়া হৈছে৷

তদুপৰি, দীর্ঘদিন ধৰি পেন্সনৰ ধন নোপোৱাৰ বাবে বহু কর্মচাৰী আর্থিক সংকটৰ সন্মুখীন হৈছে৷ ফলত, জি এম চিৰ অৱসৰপ্রাপ্ত কর্মচাৰীসকলে দৈনন্দিন প্রয়োজনীয় ঔষধ আদি ক্রয় কৰিব পৰা নাই৷ জি এম চি পেন্সনাৰ সুৰক্ষা মঞ্চৰ তৰফৰ পৰা নিয়মীয়াকৈ পেন্সন আদায় দিয়াৰ বাবে পৌৰ আয়ুক্তৰ কাষ চাপিছিল যদিও চৰকাৰী ধন আদায় দিয়াৰ পিছতহে পৌৰ নিগমৰ অৱসৰপ্রাপ্ত কর্মচাৰীসকলক পেন্সনৰ ধন মোকলাই দিয়াৰ আশ্বাস দি বিষয়টো সম্পূর্ণৰূপে আওকাণ কৰি আহিছে৷

যিহেতু গুৱাহাটী পৌৰ নিগম এটা স্বতন্ত্র প্রতিষ্ঠান আৰু কর্মচাৰীসকলৰ নিযুক্তি–পত্র গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই প্রদান কৰিছিল সেয়েহে পৌৰ নিগমৰ অৱসৰপ্রাপ্ত কর্মচাৰীসকলৰ পেন্সন সংশ্লিষ্ট কর্তৃপক্ষই আদায় দিব লাগে বুলি জি এম চি পেন্সনাৰ সুৰক্ষা মঞ্চই জানিবলৈ দিয়ে৷

অৱশ্যে ২০১৬ চনৰ পৰা জি এম চিয়ে অৱসৰী কর্মচাৰীক নিয়মীয়াকৈ পেন্সন আদায় দি আহিছিল যদিও ২০২৩ চনৰ ২৪ জুলাইৰ পৰা ৰহস্যজনকভাৱে পেন্সন আদায় দিয়া নাই পৌৰ নিগম কর্তৃপক্ষই৷ এই সন্দর্ভত মঞ্চৰ তৰফৰ পৰা জি এম চিক বহুবাৰ জনোৱাৰ পিছতো পেন্সনৰ ধন মোকলাই দিয়া নাই৷

এই সন্দর্ভত জি এম চি পেন্সনাৰ সুৰক্ষা মঞ্চৰ উদ্যোগত শিলপুখুৰীস্থিত নৱগ্রহ নিৰামুহীয়া শিৱ মন্দিৰৰ প্রেক্ষাগৃহত এখন সভা অনুষ্ঠিত হয়৷ সভাত জি এম চিৰ অৱসৰপ্রাপ্ত কর্মচাৰীসকলৰ পেন্সন সন্দর্ভত বিষদভাৱে আলোচনা কৰাৰ লগতে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়৷

সভাত সর্বসন্মতিক্রমে প্রস্তাৱ গ্রহণ কৰি পৌৰ আয়ুক্তক ১৫ দিনৰ সময়সীমা বান্ধি দিয়াৰ লগতে নির্দিষ্ট সময়ৰ ভিতৰত পেন্সনৰ ধন মোকলাই নিদিলে ভুক্তভোগী কর্মচাৰীসকলে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিয়ে৷ উল্লেখ্য যে গুৱাহাটী পৌৰ নিগমৰ অধীনত ২,০৬৫ৰো অধিক অৱসৰপ্রাপ্ত কর্মচাৰী আছে আৰু অসম চৰকাৰৰ গেজেট অনুসৰি, ১৯৯৬ চনৰ পহিলা জানুৱাৰীৰ পৰা এইসকল কর্মচাৰীক বকেয়াসহ পেন্সনৰ ধন আদায় দিয়াৰ কথা আছিল৷

কিন্তু জি এম চি কর্তৃপক্ষই ২০১৬ চনতহে অসম চৰকাৰৰ এই নির্দেশনা কার্যকৰী কৰে আৰু ৰহস্যজনকভাৱে ২০২৩ চনৰ ২৪ জুলাইৰ পৰা অৱসৰী কর্মচাৰীক পেন্সনৰ ধন আদায় দিয়া নাই৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে অসম চৰকাৰৰ গেজেটৰ সিদ্ধান্ত অনুসৰি, পেন্সন মুকলি কৰি দিয়াৰ সময়তে কর্মচাৰীসকলৰ চি পি এফ সম্পূর্ণৰূপে বন্ধ কৰি দিয়া হৈছে৷

Niyomiya Barta Desk, 11 September

You might also like