নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাহুলৰ হেলিকপ্টাৰত চলিল তালাচী

বিশেষ বাৰ্তা, ১৫ এপ্রিল : নির্বাচনী প্রচাৰ অভিযান যিমানেই তীব্রতৰ হৈছে, সিমানেই নির্বাচন আয়োগৰ ফ্লায়িং স্কোৱাডে বিৰোধী নেতাসকলৰ হেলিকপ্টাৰ তথা বাসগৃহত তালাচী চলোৱা ঘটনা বৃদ্ধি পাইছে৷ আজি ৱায়ানাড়ত ৰাহুল গান্ধীয়ে প্রচাৰ চলাবলৈ যোৱাৰ সময়ত তামিলনাডুৰ নীলগিৰিত নির্বাচন আয়োগৰ ফ্লায়িং স্কোৱাডে ৰাহুলৰ হেলিকপ্টাৰত তালাচী চলায়৷ এই ঘটনাক লৈ তীব্র অসন্তুষ্টি প্রকাশ কৰিছে কংগ্রেছে৷ মাত্র এদিন পূর্বে তৃণমূল কংগ্রেছৰ নেতা অভিষেক বেনার্জীৰ হেলিকপ্টাৰত তালাচী চলাইছিল নির্বাচন আয়োগৰ ফ্লায়িং স্কোৱাডৰ অন্তর্ভুক্ত আয়কৰ বিভাগৰ বিষয়াই৷ ইফালে, জ্যেষ্ঠ কংগ্রেছ নেতা কমল নাথৰ বাসগৃহতো কেন্দ্রীয় তদন্তকাৰী সংস্থাই তালাচী চলোৱা ঘটনাক লৈ সৃষ্টি হৈছে প্রতিক্রিয়া৷ কংগ্রেছে অভিযোগ কৰা অনুসৰি, নির্বাচন আয়োগক চৰকাৰে নিজৰ হাতৰ পুতলাৰ দৰে ব্যৱহাৰ কৰি এনেদৰে বিৰোধী নেতা তথা প্রার্থীসকলৰ মাজত আতংক বিস্তাৰৰ চেষ্টা চলাইছে৷ এই ঘটনাক গৰিহণাও দিছে বিৰোধী দলসমূহে৷

You might also like