অগপমুখী হোৱাৰ পথত দুই নিলম্বিত কংগ্রেছী বিধায়ক, সংকটত কংগ্ৰেছ
অগপলৈ ছিদ্দিক আহমেদ–শশীকান্ত। দলবিৰোধী কার্যকলাপৰ বাবে হৈ আছে নিলম্বিত। বিজেপিৰে সম্পর্কত থকা কমলাক্ষ দে’ পুৰকায়স্থয়ো গণ পৰিষদত যোগদানৰ সম্ভাৱনা
অগপলৈ কংগ্রেছী বিধায়ক : ২০২৬ৰ বিধানসভা নির্বাচনক লৈ শাসক–বিৰোধীৰ কুচকাৱাজ আৰম্ভ হোৱাৰ লগতে এইবাৰ দল সলনিৰে পুনৰ বিধানসভালৈ যোৱাৰ প্রস্তুতি চলাইছে একাংশ বিদ্রোহী বিধায়কে৷ দলবিৰোধী কার্যকলাপৰ বাবে দলৰ পৰা নিলম্বিত হোৱা তিনি বিধায়ক ক্রমে ৰহা সমষ্টিৰ শশীকান্ত দাস, দক্ষিণ কৰিমগঞ্জৰ বিধায়ক ছিদ্দিক আহমেদ আৰু উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই দল সলনিৰে পুনৰ নির্বাচনী বৈতৰণী পাৰ হোৱাৰ আৰম্ভ কৰিছে কুচকাৱাজ৷
উল্লেখ্য যে কংগ্রেছৰ পৰা নির্বাচিত এই তিনি বিধায়ক দলবিৰোধী কার্যকলাপৰ বাবে কংগ্রেছৰ পৰা নিলম্বিত হৈছিল৷ ৰাজ্যসভা নির্বাচনত বিজেপিক ভোট দি নিলম্বিত হোৱা ছিদ্দিক আহমেদে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ পৰা পুনৰ প্রতিদ্বন্দ্বিতাৰ প্রস্তুতি চলাইছে যদিও বিধায়াকজনে কংগ্রেছৰ পৰা প্রার্থিত্ব নোপোৱাটো একপ্রকাৰ নিশ্চিত৷ সেয়েহে ছিদ্দিক আহমেদে অগপত যোগদানৰ সম্ভাৱনা বৃদ্ধি পাইছে৷
আনকি এই সন্দর্ভত বিধায়কজনে বিভিন্ন মঞ্চত অগপত যোগদানৰ সম্ভাৱনাকো উল্লেখ কৰি আহিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ যথেষ্ট ঘনিষ্ঠ বুলি পৰিচিত ছিদ্দিক আহমেদৰ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ ৮০ শতাংশ ভোটাৰেই হ’ল সংখ্যালঘু৷ যাৰ বাবে ছিদ্দিক আহমেদৰ বিজেপিত যোগদান লাভ নহ’ব৷ ইয়াৰ পৰিৱর্তে অগপত যোগদান কৰি সমষ্টিটো পুনৰ দখললৈ অনাৰ প্রস্তুতি চলাইছে বিধায়ক আহমেদে৷ এইক্ষেত্রত মুখ্যমন্ত্রীৰ জৰিয়তে অগপ সভাপতি অতুল বৰালৈও বার্তা প্রেৰণ কৰা বুলি জানিব পৰা গৈছে৷
আনহাতে, ছিদ্দিক আহমেদক দললৈ অনাৰ ক্ষেত্রতো অগপত কোনো দ্বিধাবোধ নাই৷ আগন্তুক নির্বাচনত ছিদ্দিক আহমেদৰ জয়ে অগপৰ বিধায়কৰ সংখ্যা বৃদ্ধিৰো সম্ভাৱনা প্রবল৷ ছিদ্দিক আহমেদৰ দৰে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসেও অগপত যোগদানৰ চিন্তা–চর্চা কৰা বুলি জানিব পৰা গৈছে৷ কংগ্রেছৰ পৰা জয়যুক্ত হোৱা শশীকান্ত দাসে হঠাতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ শৰণাপন্ন হৈ কংগ্রেছৰ পৰা নিলম্বিত হোৱাৰ পাছত চৰকাৰৰ সমর্থনতে কার্যকলাপ আগবঢ়াই নিছে৷
কিন্তু বিধানসভা নির্বাচনত বিজেপিয়ে এই সমষ্টি অগপক এৰি দিয়াৰ সম্ভাৱনা আছে৷ মিত্রতাৰ নীতি অনুসৰি ২০২১ চনত এই সমষ্টিটোত অগপই প্রতিদ্বন্দ্বিতা কৰিছিল৷ এইবাৰো সমষ্টিটোত অগপই প্রতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে৷ এনেক্ষেত্রত শশীকান্ত দাসে মুখ্যমন্ত্রীৰ জৰিয়তে অগপত যোগদানৰ সম্ভাৱনা আছে বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত৷ ২০১৬ চনত বিজেপিৰ দখলত থকা সমষ্টিটোত ২০২১ চনত শশীকান্ত দাসে কংগ্রেছৰ পৰা নির্বাচিত হৈছিল৷
সমষ্টিটোত শশীকান্ত দাসৰ প্রভাৱো যথেষ্ট বেছি৷ অগপৰ পৰা প্রতিদ্বন্দ্বিতা কৰিলে বিজেপিৰ পূর্ণ সমর্থনেৰে পুনৰবাৰ শশীকান্ত দাস নির্বাচিত হোৱাৰ সম্ভাৱনা আছে৷ মুখ্যতঃ এই লক্ষ্যৰে নির্বাচনৰ প্রাক্মুহূর্তত শশীকান্ত দাসেও অগপত যোগদানৰ সম্ভাৱনা অধিক৷ বিদ্রোহী এই দুই কংগ্রেছী বিধায়কৰ সমান্তৰালকৈ শেহতীয়াকৈ উচ্চাৰিত হৈছে আন এজন নিলম্বিত কংগ্রেছী বিধায়কৰ নাম৷ উত্তৰ কৰিমগঞ্জ সমষ্টিৰ নিলম্বিত কংগ্রেছী বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থয়ো অগপত যোগ দিয়াৰ সম্ভাৱনা আছে৷
বিদ্রোহ ঘোষণা কৰি হঠাৎ মুখ্যমন্ত্রীৰ শৰণাপন্ন হোৱা কংগ্রেছৰ প্রাক্তন কার্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থই ২০২৬ৰ নির্বাচনত উত্তৰ কৰিমগঞ্জ সমষ্টিৰ পৰিৱর্তে কাটিগড়া সমষ্টিতহে প্রতিদ্বন্দ্বিতা কৰাৰ আগ্রহী৷ জানিব পৰা মতে, উত্তৰ কৰিমগঞ্জ সমষ্টিৰ পৰা এইবাৰ বিজেপি প্রার্থী ৰূপে প্রতিদ্বন্দ্বিতা কৰিব দলৰ জ্যেষ্ঠ নেতা মিছনৰঞ্জন দাসে৷ সেয়েহে উক্ত সমষ্টিটোত কমলাক্ষ দে’ পুৰকায়স্থই বিজেপিৰ প্রার্থিত্ব পোৱাৰ কোনো সম্ভাৱনা নাই৷ তেনেক্ষেত্রত সমষ্টি সলাই কমলাক্ষ দে’ পুৰকায়স্থই কাটিগড়া সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতাৰ যো–জা চলাইছে৷
কাটিগড়া সমষ্টি বর্তমান কংগ্রেছৰ দখলত৷ সমষ্টি পুনৰ নির্ধাৰণৰ পাছত কাটিগড়া সমষ্টি এইবাৰ যথেষ্ট আকর্ষণীয় হোৱাৰ সম্ভাৱনা আছে৷ সমষ্টিটোত অগপ প্রার্থী ৰূপে প্রতিদ্বন্দ্বিতা কৰি নির্বাচিত হোৱাৰ পৰিকল্পনা কৰিছে কমলাক্ষ দে’ পুৰকায়স্থই৷ অৱশ্যে এইক্ষেত্রত এতিয়াও বিধায়কজনে আনুষ্ঠানিকভাৱে অগপত যোগদানৰ কথা সদৰী কৰা নাই যদিও মুখ্যমন্ত্রীৰ জৰিয়তে ৰাজনৈতিকভাৱে নিষ্কণ্টক হোৱাৰ পৰিকল্পনা প্রস্তুত কৰিছে নিলম্বিত কংগ্রেছী বিধায়কজনে৷ এনে অৱস্থাত বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত এই তিনি বিধায়কে অগপত যোগ দিলেও আচৰিত হ’বলগীয়া একো নাথাকিব৷ বিশেষকৈ বৰাক উপত্যকাত এই দুই বিধায়কৰ যোগদানেৰে দলীয় শক্তি বৃদ্ধিৰ সুযোগ হয়তো অগপয়ো নেহেৰুৱাব৷