নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত এজন বাইক আৰোহী

শোণিতপুৰৰ বালিপৰাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হয় এজন বাইক আৰোহী। নিহত ব্যক্তিজনৰ নাম অনুপম সৰকাৰ বুলি জানিব পৰা গৈছে। তেওঁ বালিপৰাৰ সমীপৱৰ্তী সৰুপাট গাঁৱৰ বাসিন্দা আছিল।

প্ৰত্যক্ষদৰ্শীৰ তথ্য অনুসৰি, ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত AS-12M-3934 নম্বৰৰ এখন বাইকৰ সৈতে এজন ব্যক্তিক পৰি থকা অৱস্থাত দেখা পোৱা যায়। পিছত স্থানীয় লোকে ঘটনাৰ খবৰ চাৰিদুৱাৰ আৰক্ষীক দিয়ে।

খবৰ পাই চাৰিদুৱাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত ব্যক্তিজনক ততাতৈয়াকৈ বালিপৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত শোকৰ ছাঁ পৰিছে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

ডিজিটেল ডেস্ক, ৮ মে’

You might also like