ছিপাঝাৰত ভয়াৱহ পথ দুৰ্ঘটনা : ট্রাকৰ খুন্দাত নিহত দুই যুৱক, আহত ১
আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি পলাতক ট্রাকখনক উদ্ধাৰ কৰিবলৈ অভিযান আৰম্ভ কৰিছে
ছিপাঝাৰত ঘটিল এক ভয়াৱহ পথ দুৰ্ঘটনা। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমজিলা কাৰ্যালয় প্ৰাংগণত এখন ট্রাকে খুন্দা মাৰে এখন বাইকক, য’ত ঘটনাস্থলীতে দুজন যুৱকে প্ৰাণ হেৰুৱায়।
প্ৰাপ্ত তথ্য অনুসাৰে, এএচ ২৫ কিউ ৯৭৬৬ নম্বৰৰ বাইকখনত তিনিজন যুৱক আহি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। চানিদুল আলী (১৮) আৰু মোবাৰক আলী (১৮) নামেৰে দুজন যুৱক নিহত হয়, লগতে কোৰান আলী (১৭) আহত অৱস্থাত চিকিৎসাধীন।
দূৰ্ঘটনাটোৰ পাছতে ট্রাকখন ঘটনাস্থলৰ পৰা পলাই যায় বুলি স্থানীয়সকলে জনায়। আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি পলাতক ট্রাকখনক উদ্ধাৰ কৰিবলৈ অভিযান আৰম্ভ কৰিছে।
স্থানীয় লোক আৰু আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠাইছে। এই ঘটনাই সমজিলা অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে।
ডিজিটেল ডেস্ক, ২৯ অক্টোবৰ