নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলিয়াবৰত পুনৰ গঁড়ৰ মৃত্যু, অক্ষত খড়্গ

কলিয়াবৰৰ শিলঘাটত পুনৰ এটা গঁড়ৰ মৃত্যু হৈছে। শিলঘাট কামাখ্যা মন্দিৰৰ নামনিত কলিয়াবৰ চাহ বাগিচাৰ কাষতেই পুৱা মৃত অৱস্থাত গঁড়টোৰ মৃতদেহ প্ৰত‍্যক্ষ কৰে পথেৰে অহা-যোৱা কৰা লোকে। গঁড়টোৰ খৰ্গ সুৰক্ষিত অৱস্থাত আছে।

ঘটনাস্থলীত শিলঘাট বন বিভাগ উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। গঁড়টোৰ পিঠি অংশত গুৰুতৰ আঘাতৰ চিহ্ণ দেখা পোৱা গৈছে।

প্ৰাৰম্ভিক তদন্তত বাঘৰ আক্ৰমণৰ বাবেই গঁড়টো ওখ ঠাইৰ পৰা তলত পৰি যোৱাত মৃত্যু হোৱা বুলি সন্দেহ কৰিছে বন বিভাগে। পশু চিকিৎসকৰ পৰীক্ষাৰ পাছতহে সবিশেষ তথ‍্য পোহৰলৈ আহিব।

উল্লেখযোগ্য যে গঁড়টো কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰা প্ৰায় তিনি মাহ পূৰ্বেই ওলাই আহি কামাখ‍্যা সংৰক্ষিত বনাঞ্চলত আশ্ৰয় লৈ শিলঘাট অঞ্চলত বিচৰণ কৰি আছিল।

ডিজিটেল ডেস্ক, ২৯ অক্টোবৰ

You might also like