নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰাগাৰলৈ পদ্মশ্রী উদ্ধৱ ভৰালী

নাবালিকাক নির্যাতনৰ গোচৰ

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ অৱশেষত ন্যায়িক জিম্মালৈ গ’ল পদ্মশ্রী উদ্ধৱ ভৰালী৷ শুকুৰবাৰে বিয়লি লখিমপুৰ মুখ্য ন্যায়িক আদালতত তেওঁ আত্মসমর্পণ কৰাৰ পাছতে আদালতে তেওঁক চৈধ্য দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷ আদালতে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰি স্বাস্থ্যজনিত সমস্যা সম্পর্কে চিকিৎসাৰ সুব্যৱস্থা কৰিবলৈ কাৰাগাৰ কর্তৃপক্ষলৈ নির্দেশনা দিয়ে৷ উল্লেখ্য যে নাবালিকাক যৌন নির্যাতনৰ গোচৰত অভিযুক্ত হৈছিল দেশৰ চতুর্থ অসামৰিক সন্মান পদ্মশ্রীপ্রাপ্ত বিশিষ্ট উদ্ভাৱকজন৷ তেওঁ তোলনীয়া নাবালিকা কন্যাকে যৌন নির্যাতন চলোৱাৰ অভিযোগ তুলি লখিমপুৰ সদৰ থানাত ১৩৩২/২০২১ নম্বৰত এটা গোচৰ ৰুজু হৈছিল৷ ২০২১ চনৰ ১৭ ডিচেম্বৰত গোচৰটো পঞ্জীয়ন হৈছিল৷ এই গোচৰমর্মে ভৰালীয়ে উচ্চ ন্যায়ালয়ৰ পৰা যোৱা ২৮ ডিচেম্বৰত অন্তর্ৱর্তী জামিন লাভ কৰিছিল৷ কিন্তু সেই জামিনৰ ম্যাদ উকলি যোৱাত তেওঁ উচ্চ ন্যায়ালয়ত পুনৰ জামিন আবেদন কৰে৷ এই সন্দর্ভত তেওঁৰ ৪৪১৪/২০২১ নম্বৰৰ জামিন আবেদনখন কালি উচ্চ ন্যায়ালয়ে নামঞ্জুৰ কৰে৷ ফলত তেওঁৰ কাৰাগাৰ যাত্রাৰ পথ প্রশস্ত হৈ পৰে৷

উল্লেখ্য যে প্রটেকচন অৱ চিলড্রেন ফ্রম ছেক্সুৱেল অফেনছ– পকছ’ ২০১২ৰ আইনৰ আধাৰত তেওঁৰ ওপৰত গোচৰ ৰুজু কৰা হৈছিল৷ উচ্চ ন্যায়ালয়ত জামিন আবেদন নাকচ হোৱাৰ পাছত ভৰালীয়ে উচ্চতম ন্যায়ালয়লৈ যোৱাৰ পৰিৱর্তে আজি আদালতত আত্মসমর্পণ কৰাৰ সিদ্ধান্ত লয়৷ সেইমর্মে তেওঁ মানসিকভাৱে প্রস্তুত কৰি পুৱাবেলা সংবাদ মাধ্যমৰ সৈতে মুখামুখি হয় আৰু কয়– কাৰাগাৰত থাকিবলগীয়া সময়খিনিত তেওঁ ‘যন্ত্র আৰু যন্ত্রণা’ শীর্ষক এখন গ্রন্থ ৰচনা কৰিব৷ যিখন গ্রন্থ ছাত্র–ছাত্রীৰ বাবে হাতপুথি হ’ব বুলি তেওঁ আশা ব্যক্ত কৰে৷ সৃষ্টিশীল কামৰ এটা নিচা সকলোৰে জীৱনত প্রয়োজন বুলি উল্লেখ কৰি তেওঁ কয়– এনে নিচাই সংকটকালত যথেষ্ট সহায় কৰে৷ তেওঁ এক বৃহৎ উদ্ভাৱনী চিন্তা–চর্চাত মগ্ণ হৈ কাম আৰম্ভ হোৱাৰ সময়তে এক ষড়যন্ত্রৰ বলি হোৱা বুলি আক্ষেপ কৰে৷ বিয়লি তেওঁ আদালতত হাজিৰ হোৱাৰ পাছত আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্রেৰণ কৰাৰ সময়ত তেওঁৰ অধিবক্তাই কয়– এক গভীৰ ষড়যন্ত্রৰ বলি হ’ল উদ্ধৱ ভৰালী৷ তেওঁ কৰা সামাজিক কাম–কাজে আন একাংশক অসুবিধাত পেলোৱাৰ বাবেই তেওঁক এনেদৰে ষড়যন্ত্র কৰি জে’ললৈ প্রেৰণ কৰা হ’ল৷ উল্লেখ্য যে কিছুদিন পূর্বে এই গোচৰত অভিযুক্ত হৈ মর্মাহত হোৱা উদ্ধৱ ভৰালীয়ে এই গোচৰ সমাপ্তিৰ পাছত অসম এৰি একেবাৰেই গুচি যাবগৈ বুলি আক্ষেপ প্রকাশ কৰিছিল৷

You might also like