নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড বিধি মানি গণৰাজ্য দিৱসৰ প্রস্তুতি

কোন মন্ত্রীয়ে ক’ত উত্তোলন কৰিব পতাকা

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ ক’ভিড প্রট’কলৰ মাজেৰে দেশৰ ৭৩সংখ্যক গণৰাজ্য দিৱস উদ্যাপনৰ প্রস্তুতি চলিছে অসমত৷ মহামাৰীৰ বর্ধিত সংক্রমণৰ প্রতি লক্ষ্য ৰাখি এইবাৰৰ গণৰাজ্য দিৱস উদ্যাপনৰ পৰিসৰ কেতবোৰ ক্ষেত্রত সীমাবদ্ধ থাকিব৷ বিশেষকৈ কোনো ধৰণৰ সাংস্কৃতিক কার্যসূচী নাথাকে বুলি ইতিমধ্যে সদৰী কৰিছে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ ইয়াৰ মাজতে কোন মন্ত্রী, স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য, উপ–মুখ্য কার্যবাহী সদস্যই কোন জিলাত গণৰাজ্য দিৱসত ৰাষ্ট্রীয় পতাকা উত্তোলন কৰিব, সেই সন্দর্ভত মুখ্যমন্ত্রী কার্যালয়ৰ তৰফৰ পৰা এক নির্দেশনা জাৰি কৰা হৈছে৷ নির্দেশনাটোত উল্লেখ কৰা মতে মন্ত্রী ৰঞ্জিত কুমাৰ দাসে নলবাৰীত, অতুল বৰাই যোৰহাটত, উর্খাও গৌৰা ব্রহ্মই তামুলপুৰত, চন্দ্রমোহন পাটোৱাৰীয়ে গোৱালপাৰাত, পৰিমল শুক্লবৈদ্যই বঙাইগাঁৱত, কেশৱ মহন্তই ডিব্রুগড়ত, ডাঃ ৰণোজ পেগুৱে শোণিতপুৰত, অশোক সিংহলে কাছাৰত, যোগেন মহনে লখিমপুৰত, সঞ্জয় কিষাণে গোলাঘাটত, অজন্তা নেওগে নগাঁৱত, পীয়ূষ হাজৰিকাই তিনিচুকীয়াত আৰু বিমল বৰাই ধুবুৰী জিলাত ৰাষ্ট্রীয় পতাকা উত্তোলন কৰিব৷ সেইদৰে বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে কোকৰাঝাৰত, উপ–মুখ্য কার্যবাহী সদস্য গোবিন্দ চন্দ্র বসুমতাৰীয়ে ওদালগুৰিত, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে কার্বি আংলঙত আৰু উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেৱলাল গার্লোছাই ডিমা হাছাও জিলাত উত্তোলন কৰিব গণৰাজ্য দিৱসৰ ৰাষ্ট্রীয় পতাকা৷

ইফালে গুৱাহাটীক বাদ দি আন জিলা আৰু মহকুমা সদৰসমূহত সংশ্লিষ্ট উপায়ুক্ত আৰু মহকুমাধিপতিয়ে ৰাষ্ট্রীয় পতাকা উত্তোলন কৰিব বুলি নির্দেশটোত কোৱা হৈছে৷ ইফালে, ক’ভিডকালত উদ্যাপন হ’বলগীয়া গণৰাজ্য দিৱসৰ প্রতি লক্ষ্য ৰাখি অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই আজি এক নতুন নির্দেশনা জাৰি কৰিছে৷ নির্দেশনা অনুসৰি গণৰাজ্য দিৱসৰ কার্যসূচী পতাকা উত্তোলন, সন্মানীয় অতিথিৰ ভাষণ আৰু আনুষ্ঠানিক পেৰেডৰ মাজতে সীমাবদ্ধ থাকিব৷ সাংস্কৃতিক কার্যসূচী, পুৰস্কাৰ বিতৰণ আদি অনুষ্ঠিত নহয়৷ গণৰাজ্য দিৱসৰ কার্যসূচীত জনসমাগমৰ ক্ষেত্রতো নির্দিষ্ট সংখ্যা নির্ধাৰণ কৰি দিয়া হৈছে৷ সেই অনুসৰি কামৰূপ মহানগৰ জিলাত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক পর্যায়ৰ কার্যসূচীত সর্বাধিক ১,০০০জনহে উপস্থিত থাকিব পাৰিব৷ সেইদৰে জিলা পর্যায়ৰ কার্যসূচীত সর্বাধিক ৫০০জনক আৰু অন্য পর্যায়ৰ কার্যসূচীত সর্বাধিক ২০০জনক অনুমতি দিয়া হৈছে৷ পেৰেডত স্কুলীয়া ছাত্র–ছাত্রীক জড়িত কৰাটোও বাৰণ কৰা হৈছে৷ পেৰেডত প্রতিষেধক সম্পূর্ণ কৰা আৰক্ষী, নিৰাপত্তাৰক্ষী আৰু গৃহৰক্ষী জোৱানেহে ভাগ ল’ব পাৰিব৷

You might also like