নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফাই অচিৰেই মুকলি কৰি দিব কুইপোৰ দুই বিষয়াক

নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ আজি প্ৰায় আঢ়ৈ মাহ ধৰি আলফাৰ হাতত আবদ্ধ হৈ থকা কুইপোৰ দুই বিষয়া প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক মুকলি কৰি দিব আলফা স্বাধীনে। কুইপো আৰু আলফা স্বাধীনৰ মাজত আলোচনা যোগাত্মক দিশত আগবঢ়াত এনে সম্ভাৱনাই দেখা গৈছে।

উল্লেখ্য, আলফা আৰু কুইপোৰ মাজত আলোচনাৰ ক্ষেত্ৰত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰা কৌশিক ফুকনৰ পৰা এই খবৰ জানিব পৰা গৈছে। সম্প্ৰতি দিল্লীতে বাহৰ পাতি থকা মধ্যস্থতাকাৰী ফুকনে কুইপ’ কোম্পানীটোৱে আলফা স্বাধীনে দিয়া চৰ্ত মানি লৈছে বুলি সদৰি কৰিছে।

আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাই কোম্পানীটোক থলুৱাৰ নিযুক্তিৰ বাবে দিয়া চৰ্ত মানি লৈছে কুইপ’ৱে ৷ উল্লেখ্য, অসমৰ নিয়োজিত প্ৰতিটো ব্যক্তিগত তৈল প্ৰতিষ্ঠানে ৫ হাজাৰ যোগ্য নিবনুৱাক নিযুক্তি প্ৰদান কৰিব লাগিব। কুইপোৱে এই চৰ্ত মানি লৈছে।

দুই কৰ্মচাৰীৰ মুক্তিৰ প্ৰসংগত ইতিবাচক বাতৰি লাভ কৰি দুয়োটা পৰিয়ালৰ ফালৰ পৰা আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাক ধন্যবাদ জ্ঞাপন কৰিছে। উল্লেখ্য যে বিগত ২১ ডিচেম্বৰতেই আলফা স্বাধীন আৰু এন এছ চি এন-কেই অৰুণাচল প্ৰদেশৰ পৰা অপহৰণ কৰি নিছিল কুইপ’ৰ দুই বিষয়া ৰাম কুমাৰ আৰু প্ৰণৱ কুমাৰ গগৈক।

You might also like