নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুৱ প্ৰজন্মৰ মাজত কিয় বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা ?

বিশ্ব স্বাস্থ্য সন্থাই প্ৰকাশ কৰা তথ্য অনুসৰি বিগত কিছু বছৰত সমগ্ৰ বিশ্বজুৰি যুৱচামৰ মাজত কৰ্কট ৰোগীৰ সংখ্যা উদ্বেগজনক ভাৱে বৃদ্ধি পাবলৈ ধৰিছে ৷ চিকিৎসক আৰু বিশেষজ্ঞসকলে এই স্থিতিৰ বাবে যুৱচামে বাচি লোৱা অ-স্বাস্থ্য সন্মত জীৱনশৈলী, অতিৰিক্ত ওজন তথা মেদবহুলতাৰ ফলত দেখা দিয়া সমস্যাবোৰ আৰু তেওঁলোকৰ মাজত প্ৰচলিত ধুম্ৰপান নাইবা নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ আদিক দোষাৰূপ কৰিছে ৷ ঠিক একেদৰেই যুৱচামৰ মাজত বৃদ্ধি পোৱা কৰ্কট ৰোগৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰি জ্যেষ্ঠ শৈল্যবিদ, বিশেষজ্ঞ তথা ইন্দোৰ কৰ্কট ফাউণ্ডেশ্বনৰ প্ৰতিস্থাপক ডাঃ দিগপাল ধাৰকাৰে এক স্বাস্থ্যসন্মত জীৱনশৈলী অৱলম্বন কৰাৰ লগতে কৰ্কটৰ সাম্ভাব্য কাৰকবোৰক চিহ্নিত কৰি ততালিকে চিকিৎসা লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷

যুৱ প্ৰজন্মৰ মাজত কৰ্কট ৰোগ বৃদ্ধি পোৱাৰ কাৰণসমূহ

ডাঃ ধাৰকাৰে এই বিষয়ে বৰ্ণনা কৰি কয় যে, বহুতো কাৰণৰ ফলত যুৱ প্ৰজন্মৰ মাজত কৰ্কট ৰোগ ক্ৰমাগত ভাৱে বাঢ়িবলৈ লৈছে ৷ তাৰে ভিতৰত নিষ্ক্ৰিয় জীৱনশৈলী, মেদবহুলতা আৰু বংশগত এই কাৰক কেইটাৰ বিষয়ে আমি সকলো অৱগত ৷ কিন্তু আন কেইটামান কাৰণো আছে; যি কেইটাৰ বিষয়ে বৰ বেছি তথ্য উপলব্ধ নহয় ৷ সেইবাবেই এই কাৰক সমূহৰ বিষয়ে আৰু অধিক তথ্য আহৰণ কৰিবলৈ যুৱচামৰ মাজত কি পৰ্যায়ত মাদক দ্ৰব্য/সুৰাৰ ব্যৱহাৰ প্ৰচলন হৈ আছে, শতকৰা কিমান শতাংশ যুৱতী বা প্ৰাপ্তবয়স্ক মহিলাই এটা বা তাতোধিক, বিভিন্ন কাৰণত হৰম’ন থেৰাপি লৈ আছে, শতকৰা কিমান শতাংশ পুৰুষ বা মহিলা মেদবহুলতাৰ ফলত হোৱা সমস্যাত ভূগি আছে ইত্যাদি কাৰণসমূহৰ বিষয়ে সমীক্ষা তথা অনুসন্ধান চলোৱাৰ প্ৰয়োজনীয়তা আছে ৷ ইয়াৰ উপৰিও আৰু অনেক কাৰক আছে, যিবোৰৰ বিষয়ে অনুসন্ধান অতীব প্ৰয়োজনীয় ৷

বাতৰি উৎসঃ ইটিভি ভাৰত

You might also like