নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলাত সদৌ অসম শিশু ভাওনা সমাৰোহৰ লাইখুঁটা স্থাপন

ডিজিটেল ডেস্ক, ৭ ডিচেম্বৰ : বৰহোলাত সদৌ অসম শিশু ভাওনা সমাৰোহৰ লাইখুঁটা স্থাপন কৰা হয়। উদুলি-মদুলি পৰিৱেশত বৰহোলাৰ জয়ৰাম বৰা ক্ষেত্ৰত স্থাপন কৰা হয় লাইখুঁটা। ২১ ডিচেম্বৰৰ পৰা ৯ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব সদৌ অসম শিশু ভাওনা সমাৰোহখনি।

ভালেসংখ্যক লোকৰ উপস্থিতিত উদুলি-মুদুলি পৰিৱেশত শিক্ষাবিদ জয়ৰাম বৰা ক্ষেত্ৰত আজি তৃতীয় বাৰ্ষিক শিশু ভাওনা সমাৰোহৰ লাইখুঁটা স্থাপন কৰা হয়। এক আধ্যাত্মিক পৰিৱেশত শিশুৰ গায়ন-বায়নেৰে চৌপাশ মুখৰ হৈ পৰে।

উদযাপন সমিতিৰ মুখ্য সম্পাদক দেৱজিৎ সোণোৱালে আঁত ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে ঠেঙাল কছাৰী পৰিষদৰ অধ্যক্ষ প্ৰতাপ কছাৰীকে ধৰি স্থানীয় ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ২১ ডিচেম্বৰৰ পৰা ২৯ ডিচেম্বৰলৈ ৯ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই সমাৰোহখনি।

You might also like