নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীৰ জয়হৰি পিতাৰ থানৰ থান অধিকৰ্তা শৰৎ বৰ্মনৰ আবক্ষ মূৰ্তি উন্মোচন

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰীঃ “শুদ্ধ অন্তৰেৰে ঈশ্বৰৰ নাম লোৱাসকলক ঈশ্বৰে বুজি পায়৷ নিষ্পাপ অন্তৰেৰে কৰ্ম কৰিলে ভগৱানে প্ৰসাদ দিয়ে। ঋষি-মুনিসকল বা দৈৱশক্তিপ্ৰাপ্ত লোকসকল অলৌকিক শক্তিৰ অধিকাৰী হ’য়৷প্ৰয়াত শৰৎ বৰ্মনো এগৰাকী দৈৱশক্তিপ্ৰাপ্ত আধ্যাত্মিক পুৰুষ আছিল৷ তেওঁ শ্ৰীশ্ৰী জয়হৰি পিতাৰ থানখনৰ উত্তোৰণৰ ক্ষেত্ৰত দিনে-নিশাই কাম কৰি থানখনৰ দ্ৰুত ক্ৰমবিকাশ, প্ৰচাৰ আৰু প্ৰসাৰ ঘটাই বৃহত্তৰ অঞ্চলটোত ধৰ্মীয় আৰু আধ্যাত্মিক চিন্তা-চৰ্চাৰ যি এক পৰিৱেশ গঢ়ি থৈ গ’ল তাৰ কাৰণে বৃহত্তৰ অঞ্চলবাসীৰ মাজত তেওঁ সদায় জীয়াই থাকিব”৷ নলবাৰী জিলাৰ কৈঠালকুছিৰ সমিপৱৰ্তী  ষাঠিকুছি গাঁৱত অৱস্থিত ঐতিহ্যমণ্ডিত আধ্যাত্মিক অনুষ্ঠান শ্ৰীশ্ৰী জয়হৰি পিতাৰ থানখনত দীৰ্ঘদিন ধৰি এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰি সেৱা আগবঢ়াই ২০২২ বৰ্ষৰ ৫ ফেব্ৰুৱাৰীত পৰলোকলৈ গমন কৰা থান অধিকৰ্তা প্ৰয়াত শৰৎ বৰ্মনৰ ৰাজহুৱা সমাধিস্থলত নিৰ্মাণ কৰি উলিওৱা আৱক্ষ মূৰ্তিটো পহিলা মাঘৰ দিনা আনুষ্ঠানিকভাৱে উন্মোচন কৰি এইদৰে কয় উত্তৰ-পূৱ কৰ্কট চিকিৎসালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ অধ্যক্ষ তথা জয়হৰি পিতাৰ থানৰ থান পদাধিকাৰ গণেশ তামুলীয়ে৷প্ৰতিমূৰ্ত্তিৰ সন্মুখত বন্তি প্ৰজ্বলন, প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি প্ৰদান কৰি থান পদাধিকাৰ তামুলীয়ে প্ৰয়াত শৰৎ বৰ্মনৰ গুণৰাজি যুগৰ পৰা যুগলৈ মনত ৰাখিবলৈ সকলোকে আহ্বান জনায়৷ থান পৰিচালনা সমিতিৰ উপ-সভাপতি যতীন্দ্ৰ কুমাৰ দাসে আঁত ধৰি আগবঢ়াই নিয়া শ্ৰীশ্ৰী জয়হৰি পিতাৰ থানৰ থান অধিকৰ্তা শৰৎ বৰ্মন (ভকতি প্ৰদীপৰত্ন কৃষ্ণপ্ৰাণ শ্ৰীমৎ শৰদানন্দ অধিকাৰ)ৰ আবক্ষ প্ৰতিমূৰ্তিটোৰ উন্মোচনী অনুষ্ঠানত জয়হৰি পিতাৰ থান পৰিচালনা সমিতি আৰু ৩০সংখ্যক বাৰ্ষিক ধৰ্মীয় সভা মহোৎসৱ উদ্‌যাপন সমিতিৰ সভাপতি চন্দন ভট্টাচাৰ্য্য, সম্পাদক হিৰণ্য বৰ্মন, থান পদাধিকাৰ গনেশ তামুলীৰ সহধৰ্মিণী বিশিষ্ট সমাজসেৱীকা বিদ্যা তামুলী, থানৰ দেউৰী যতীন্দ্ৰ নাথ মেধি, অৱসৰী শিক্ষক সূৰ্য্যকান্ত কাকতি, অৱসৰী শিক্ষক ৰাজেন্দ্ৰ নাথ বৰ্মন, নৈশ উচ্চতৰ মাধ্যমিক বিদ্যালয়, গুৱাহাটীৰ প্ৰাক্তন অধ্যক্ষ ড° সৰ্বানন্দ বৰ্মন, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু সংখ্যক ভক্তপ্ৰাণ ৰাইজ, গোৱৰাদল-ষাঠিকুছি অঞ্চলৰ বহুকেইজন বিশিষ্ট ব্যক্তি, শিক্ষক, সাংবাদিক, শিল্পৰ লগতে প্ৰয়াত থান অধিকৰ্তা শৰৎ বৰ্মনৰ পৰিয়ালৰ লোকসকলে অংশগ্ৰহণ কৰে৷ শেষত অতি কম সময়ৰ ভিতৰতে প্ৰতিমূৰ্ত্তিটো নিৰ্মাণ কৰি উলিওৱা আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কলা নিৰ্দেশক, সংগীত নাটক একাডেমী বঁটা প্ৰাপক বিশিষ্ট ভাস্কৰ্যশিল্পী নুৰুদ্দিন আহমেদক থান পৰিচালনা সমিতিয়ে ধন্যবাদ জ্ঞাপন কৰে৷
প্ৰেৰকঃ শৈলেন বৰ্মন
You might also like