নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ষেত্ৰীৰ মালয়বাৰীত গঁড়ৰ আতংক 

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰীঃ ক্ষেত্ৰী থানাৰ অন্তৰ্গত মালয়বাৰীৰ বৰঘূলিত আজি পুৱাই পবিতৰা অভয়াৰণ্যৰ পৰা ওলাই অহা এটি গঁড়ৰ বাবে ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয়৷ খেতি পথাৰত মুক্ত বিচৰণৰ ফলত গঁড়টোৱে এজন লোকক আক্ৰমণ কৰে৷ জানিব পৰা মতে পবিতৰা অভয়াৰন্যৰ পৰা  কলং নৈ পাৰ হৈ গঁড়টো  মালয়বাৰীৰ বৰঘূলি অঞ্চলৰ কৃষি ভূমিত বিচৰন কৰে৷ ঘটনাৰ খবৰ পোৱাৰ পিছতে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয়৷ আৰু হাতীৰ জৰিয়তে গঁড়টো পুনৰ পবিতৰালৈ খেদি পঠিয়াবলৈ সক্ষম  হয় ৷ বন বিভাগৰ লোকে জানিবলৈ দিয়া মতে পবিতৰাত একাংশ গঁড়ৰ মাজত কাজিয়া হয় আৰু বয়সস্থ গঁড়ে নিজক বচোৱাৰ বাবে অভয়াৰণ্যৰ পৰা এইদৰে বাহিৰলৈ ওলাই আহে ৷
প্ৰেৰক ৰমেশ দাস
You might also like