নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত বিজেপিৰ কৃতজ্ঞতা সমাৰোহত মন্ত্রী ড০ শর্মাঃ বিধানসভা নির্বাচন হ’ব সভ্যতা–সংস্কৃতি ৰক্ষাৰ যুঁজ

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ  আগন্তুক বিধানসভা নির্বাচন হ’ব সভ্যতা–সংস্কৃতিৰ যুঁজ৷ আমাৰ অস্তিত্বৰ প্রতি নামি অহা সংকটৰ বিৰুদ্ধে হ’ব যুঁজ৷ অসমক ধ্বংস কৰিব বিচৰা অপশক্তিৰ বিৰুদ্ধে আমি এক হ’ব লাগিব৷ –এই মন্তব্য ‘নেডা’ৰ আহ্বায়ক তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড০ হিমন্ত বিশ্ব শর্মাৰ৷ আজি মৰিগাঁৱত তিৱা স্বায়ত্তশাসিত পৰিষদৰ সদ্যসমাপ্ত নির্বাচনত বিজেপি প্রার্থীসকলক নির্বাচিত কৰাৰ কৃতজ্ঞতা জ্ঞাপনৰ উদ্দেশ্যে আয়োজিত সমাৰোহত উদাত্ত ভাষণত মন্ত্রীগৰাকীয়ে কয়– আমাৰ ভাষা–সাহিত্য, কলা–কৃষ্টিৰ ওপৰত নামি আহিছে সংকট৷ আনকি মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা থানত সন্দেহযুক্ত বাংলাদেশীয়ে দখল দিছে৷ এই সন্দেহজনক বিদেশীয়ে এটা এটাকৈ কাজিৰঙাৰ গঁড় হত্যা কৰিছে৷ বটদ্রৱা–কাজিৰঙা দখল কৰিবলৈও কুণ্ঠাবোধ কৰা নাই এই সন্দেহজনক লোকসকলে৷ অসম ধ্বংস কৰিব বিচৰা এই অপশক্তিৰ বিৰুদ্ধে এইবাৰ আমি এক হ’ব লাগিব৷ উল্লেখ্য যে বিটিচি নির্বাচনৰ জয়লাভৰ পাছতেই বিজেপিয়ে তিৱা স্বায়ত্তশাসিত পৰিষদীয় নির্বাচনতো অভাৱনীয় সাফল্য লাভ কৰিলে৷ ক্রমাগতভাৱে দুটাকৈ নির্বাচনত বিজয়ৰ পাছত ২০২১ৰ নির্বাচনত ফাইনেল যুঁজৰ বাবে সাজু হোৱা শাসকীয় দলটোৱে আজি মৰিগাঁও স্কুল খেলপথাৰত আয়োজিত কৃতজ্ঞতা সমাৰোহৰ জৰিয়তে বিধানসভা নির্বাচনৰ বাবে দিলে ৰণহুংকাৰ৷ এই সমাৰোহতে মন্ত্রী ড০ শর্মাই উপস্থিত ৰাইজক উদ্দেশ্যি কয়– আপোনালোকৰ মৰম আৰু আদৰে ডিচেম্বৰ মাহতে আমি দুটাকৈ নির্বাচনত বিজয় হ’বলৈ সক্ষম হ’লোঁ৷ বিটিচি নির্বাচনৰ পাছত তিৱা স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনে বুজাই দিলে যে ২০২১ত বিজেপিৰ চৰকাৰ যে পুনৰ গঠন হ’ব, তাত কোনো সন্দেহ নাই৷ মধ্য অসমবাসীলৈ কৃতজ্ঞতা জনাই মন্ত্রীগৰাকীয়ে কয়– ২০২১ৰ নির্বাচন মন্ত্রী–বিধায়ক হোৱাৰ নির্বাচন নহয়৷ এই নির্বাচন অসমৰ সভ্যতা–সংস্কৃতি ৰক্ষাৰ বাবে নির্বাচন৷ এই নির্বাচন অসমীয়া জাতিক অসাধু চক্রৰ পৰা ৰক্ষা কৰাৰ নির্বাচন৷ বিজেপিৰ শাসনকালতেই এই অসাধু চক্রৰ লোকসকলে প্রথমবাৰৰ বাবে মূৰ তল কৰিছে৷ কংগ্রেছ চৰকাৰৰ দিনত এইসকল লোকে মৰিগাঁও চহৰ, নগাঁও চহৰ আৰু গুৱাহাটী চহৰত ভৰি দিবলৈ সক্ষম হ’ল৷

বদৰুদ্দিন আজমলৰ সাম্প্রদায়িক ৰাজনীতি আঙুলিয়াই মন্ত্রী ড০ শর্মাই কয়– অসমৰ ৰাইজৰ মৰম যেতিয়ালৈকে বিজেপিৰ লগত থাকিব, তেতিয়ালৈকে দিছপুৰৰ ২০০ মিটাৰ ওচৰলৈকে আজমলক প্রৱেশ কৰিবলৈ নিদিওঁ৷ অসমীয়া ৰাইজৰ মৰম থাকিলে আজমলৰ দৰে ব্যক্তিয়ে অসমীয়া জাতিৰ নোম এডালো লৰাব নোৱাৰে৷ তেওঁ কয়– আজি মিঞা মিউজিয়াম, মিঞা কবিতা লিখা মানুহ ওলাইছে৷ আজি অসমত চিলাৰায়, জোঙাল বলহুৰ দৰে বীৰৰ গৌৰৱ কাহিনীৰ বিপৰীতে মিঞা কবিতা লিখা মানুহ ওলাইছে৷ সেয়েহে আগন্তুক নির্বাচন হ’ব সভ্যতা ৰক্ষা কৰাৰ নির্বাচন৷ এই সমাৰোহতে বিত্ত, স্বাস্থ্যমন্ত্রীগৰাকীয়্ ঘোষণা কৰি কয়– মৰিগাঁৱত অচিৰেই নির্মাণ হ’ব চিকিৎসা মহাবিদ্যালয়৷ তিৱা পৰিষদৰ প্রতি সমষ্টিত চৰকাৰে আন্তঃগাঁথনি উন্নয়নৰ বাবে দিব ৫ কোটিকৈ টকা৷ ইয়াৰ বাবে অতি সোনকালে মোকলাই দিয়া হ’ব ১৫০ কোটি টকা৷ চৰকাৰখনে ৪.৫০ লাখ ছাত্র–ছাত্রীক বিনামূলীয়াকৈ নামভর্তিৰ সুবিধা দিয়াৰ কথা উল্লেখ কৰি মন্ত্রীগৰাকীয়ে কয়– অসমৰ গাঁৱে–ভূঞে এক অশান্তিৰ পৰিৱেশ সৃষ্টি কৰা মাইক্র’ফাইনেন্সৰ বিৰুদ্ধে চৰকাৰে কঠোৰ স্থিতি গ্রহণ কৰিছে৷ এতিয়াৰে পৰা কোনো মাইক্র’ফাইনেন্সে ধন সংগ্রহ কৰিবলৈ গৈ মহিলাক হাৰাশাস্তি কৰিব নোৱাৰিব৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয়– খিলঞ্জীয়াৰ স্বার্থৰ সুৰক্ষাৰ দিশত অবিৰত কাম কৰি থকা চৰকাৰখনৰ মূল নীতি হৈছে আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ৷ এই নীতিত কোনোদিনে আপোচ নকৰে চৰকাৰে৷ পূর্বৰ কংগ্রেছ চৰকাৰক সমালোচনা কৰি মুখ্যমন্ত্রীৰ মন্তব্য– পূর্বৰ চৰকাৰৰ দিনত উন্নয়নৰ ৮০ শতাংশ ধন আত্মসাৎ হৈছিল৷ কিন্তু এই চৰকাৰৰ দিনত ১০০ শতাংশ উন্নয়ন পুঁজি ব্যৱহূত হৈছে৷ কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে সকলো জাতি–জনগোষ্ঠীৰ বাবে গ্রহণ কৰা বিভিন্ন আঁচনিৰ জৰিয়তে এতিয়া ৰাজ্যখনৰ ৭০ লাখৰো অধিক হিতাধিকাৰীয়ে সামাজিক নিৰাপত্তা লাভ কৰিবলৈ সক্ষম হৈছে৷ এখন বিদেশীমুক্ত অসম গঢ়ি তুলিবলৈ ভাৰত–বাংলা সীমান্ত সম্পূর্ণভাৱে ছীল কৰাৰ ফলত আজি অসমৰ বুকুত বিদেশীৰ দপদপনি নাইকিয়া হৈছে৷

অসমৰ ৰাইজে এই চৰকাৰখনক নিজৰ বুলি গণ্য কৰাৰ বাবে বিজেপিয়ে এটাৰ পাছত আন এটা নির্বাচনত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ পূর্বৰ চৰকাৰসমূহে জনসাধাৰণৰ কল্যাণৰ নামত আঁচনিৰ ধন আত্মসাৎ কৰাৰ বিপৰীতে বর্তমানৰ চৰকাৰখনে সকলোকে সমমর্যাদা প্রদানেৰে আর্থ–সামাজিক উত্তৰণত এক নজিৰবিহীন ধাৰা সৃষ্টি কৰাত সফল হৈছে৷ মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে আদৰণী ভাষণ প্রদান কৰা আজিৰ এই কৃতজ্ঞতা সমাৰোহত উপস্থিত থাকে স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্রী পীয়ূষ হাজৰিকা, অতুল বৰা, ৰূপক শর্মা, আঙুৰলতা ডেকা, ডিম্বেশ্বৰ দাস, প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰাজেন গোহাঁই, তিৱা স্বায়ত্তশাসিত পৰিষদৰ নৱনিযুক্ত মুখ্য কার্যবাহী সদস্য জীৱন চন্দ্র কোঁৱৰ, উপ–মুখ্য কার্যবাহী সদস্য তুলসী বৰদলৈৰ লগতে স্বায়ত্তশাসিত পৰিষদখনৰ নৱনির্বাচিত সদস্যসকল আৰু বিজেপিৰ বিষয়ববীয়া তথা কর্মকর্তাসকল৷
তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী বিষয়া ৰূপে শপত ল’লে জীৱন চন্দ্র কোঁৱৰে
তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী বিষয়া ৰূপে দায়িত্ব ল’লে জীৱন চন্দ্র কোঁৱৰে৷ আজি মৰিগাঁও জিলাৰ সদৰস্থিত পবিতৰা হাট সভাগৃহত আয়োজিত এক শপতগ্রহণ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ আয়ুক্ত মলয় বৰাই জীৱন চন্দ্র কোঁৱৰক মুখ্য কার্যবাহী ৰূপে শপতবাক্য পাঠ কৰোৱায়৷ উল্লেখ্য যে যোৱা ১৭ ডিচেম্বৰত অনুষ্ঠিত হৈ যোৱা তিৱা স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনত বিজেপিয়ে ৩৩খন আসন দখল কৰি পৰিষদ গঠন কৰিবলৈ সক্ষম হৈছে৷ আজি মদন বৰদলৈক পৰিষদৰ অধ্যক্ষ ৰূপে, উপ–মুখ্য কার্যবাহী সদস্য ৰূপে তুলসী বৰদলৈ আৰু পৰিষদৰ উপাধ্যক্ষ ৰূপে অংকুৰজ্যোতি দেউৰীক শপতবাক্য পাঠ কৰোৱা হয়৷ অনুষ্ঠানত মন্ত্রী পীয়ূষ হাজৰিকা, বিধায়ক ৰমাকান্ত দেউৰী, ৰূপক শর্মা আদিকে ধৰি কেইবাজনো চৰকাৰী উচ্চপদস্থ বিষয়া উপস্থিত থাকে৷

You might also like