ন-আলি ঢেকীয়াজুলি উত্তৰ হাতীচুঙী গাঁও নিৱাসী তথা ভাৰতীয় সেনা বাহিনীৰ প্ৰাক্তন সৈনিক নোমল চন্দ্ৰ গগৈৰ (৭২) কালি নিজা গৃহত দেহাৱসান ঘটে ৷ দীৰ্ঘদিনৰ পৰা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি হোৱাত সমগ্ৰ অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰিছে।
উল্লেখ্য যে যোৰহাট জিলাৰ চৰাইবাহী সাৰ্বজনীন আঞ্চলিক ভাগৱত পাঠ সমিতিৰ সক্ৰিয় সদস্যৰ উপৰি বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত অমায়িক ব্যক্তিজনৰ মৃত্যুৰ খবৰ পাই আঞ্চলিক ভাগৱত সমিতিৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজে গৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, এজন পুত্ৰ-বোৱাৰী, নাতি আৰু আত্মীয়-স্বজনক ইহসংসাৰত এৰি যায়।