সম্পৰ্কীয় ককাকৰ কামনাৰ বলি নাবালিকা, লকআপত লম্পট গাঁওপ্ৰধান
হেলেম আৰক্ষীয়ে ধৃত বিমল বসুমতাৰীৰ বিৰুদ্ধে পকছ' আইনৰ অধীনত ৮২/২০২৫ নম্বৰত এক গোচৰ ৰুজু কৰি যাবতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিছে
গহপুৰ সমজিলাৰ হেলেম থানাৰ অন্তৰ্গত ধুনাবাৰীত এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এগৰাকী অৱসৰপ্ৰাপ্ত গাঁওপ্ৰধানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
প্ৰাপ্ত অভিযোগ মতে- যোৱা কেইদিনমান পূৰ্বে ঘৰত কোনো নথকাৰ সুযোগ লৈ ওচৰৰে এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলাইছিল বিমল বসুমতাৰী (৬৫) নামৰ অৱসৰপ্ৰাপ্ত গাঁওপ্ৰধানজনে।
প্ৰথমে এই কথা পোহৰলৈ অহা নাছিল যদিও পলমকৈ উক্ত দুস্কাৰ্য্য পোহৰলৈ আহে। পৰবৰ্তী সময়ত নাবালিকাগৰাকীৰ অভিভাৱক ন্যায় বিচাৰি হেলেম আৰক্ষীৰ কাষ চাপে।
ইয়াৰ পিছত হেলেম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় বিমল বসুমতাৰী। হেলেম আৰক্ষীয়ে ধৃত বিমল বসুমতাৰীৰ বিৰুদ্ধে পকছ’ আইনৰ অধীনত ৮২/২০২৫ নম্বৰত এক গোচৰ ৰুজু কৰি যাবতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিছে।
জানিব পৰা মতে নাবালিকাগৰাকীৰ সমন্ধত ককাক হিচাপে পৰিচিত লম্পট বিমল বসুমতাৰী।এগৰাকী অৱসৰপ্ৰাপ্ত গাঁওপ্ৰধানৰ এই কু-কাণ্ডৰ বিৰূদ্ধে গৰজি উঠিছে স্থানীয় ৰাইজ।
বিশেষ বাৰ্তা, গহপুৰ, ৩ ডিচেম্বৰ