নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ আকাশ শুৱনি কৰিছে এজাক বিলুপ্তপ্ৰায় শগুনে

  • উৎফুল্লিত প্ৰকৃতিপ্ৰেমী

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চ:  :শগুনৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পোৱাক লৈ বিশ্বৰ পক্ষী বিশেষজ্ঞসকল উদ্বিগ্ন হৈ পৰাৰ সময়তে ঢকুৱাখনাৰ পৰা আহিছে আশাৰ খবৰ। ঢকুৱাখনাৰ কেইবাজোপা গছত শগুনৰ জাকে বাহৰ পাতি বংশ বিস্তাৰ কৰা ঘটনাই উৎফুল্লিত কৰিছে প্ৰকৃতিপ্ৰেমীক।প্ৰকৃতিৰ জামাদাৰ ৰূপে খ্যাত শগুন বিশ্বত ক্ৰমাৎ বিলুপ্তিৰ পথলৈ গতি কৰাৰ সময়তে শগুনৰ আশ্ৰয়স্থললৈ পৰ্যৱসিত পশ্চিম ঢকুৱাখনাৰ কঢ়াঘাট অঞ্চল।৩জোপা শিমলু গছত ভাৰতত উপলব্ধ ৪টা প্ৰজাতিৰ ৬০টাৰো অধিক শগুনে আশ্ৰয় গ্ৰহণ তাত বিলুপ্তপ্ৰায় শগুনে বাস কৰি অহাৰ লগতে বাঁহ সাজি দুৰ্লভ শগুনে বংশবৃদ্ধি কৰা পৰিলক্ষিত হৈছে।প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে শগুনে। শগুনে বিভিন্ন ঠাইত পৰি থকা মৃত জীৱ- জন্তু ভক্ষন কৰি প্ৰাকৃতিক সুস্থিৰতা প্ৰদান কৰাৰ লগতে মানৱ সমাজৰো উপকাৰ সাধন কৰি আহিছে। কিন্তু মানুহৰ অদূৰদৰ্শিতা বা অনান্য কাৰকৰ বাবে বিলুপ্তিৰ দিশলৈ গতি কৰিছে শগুনে। মাত্ৰ তিনি দশক আগলৈ ভাৰতত প্ৰায় ৪০ নিযুত শগুণ আছিল।

এসময়ত অসমৰ আকাশত জাকে জাকে প্ৰত্যক্ষ কৰা শগুন বৰ্তমান কমি আহি প্ৰায় ৬০,০০০ পাইছেহি আৰু ই দিনে দিনে ভয়ানক হাৰত হ্ৰাস পাই আহি আছে। ১৯৯৬-২০০৬ এই সময়চোৱা ভিতৰতেই শগুণৰ সংখ্যা ৯৭% হ্ৰাস হৈছিল। ইতিমধ্যেই আটাইতকৈ খৰকতীয়াকৈ সংখ্যা হ্ৰাস পোৱা প্ৰজাতিৰূপে পৰিগণিত হোৱা এই পৰিঘটনাটোক Asian Vulture Population Crash জনাজাত হৈছে। শেহতীয়াকৈ প্ৰকৃতি প্ৰেমী আৰু একাংশ চিকিৎসক, গৱেষকসকলে প্ৰকাশ কৰা মতে পক্ষীকুলৰ অস্তিত্ব সংকট নমাই অনাৰ মুল কাৰক হৈছে- ডাইক্লফিনাক দৰৱ। পশু চিকিৎসাৰ খাতিৰত ব্যৱহাৰ কৰা এই ডাইক্লফিনাক ঔষধৰ নেতিবাচক প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ২০০৬ বৰ্ষৰ পৰা এই ঔষধৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও এই মাৰাত্মক ঔষধ পশু চিকিৎসাৰ ক্ষেত্ৰত গোপনে এচাম পশু চিকিৎসক, ব্যৱসায়ীয়ে ব্যৱহাৰ কৰি অহাৰ সমসাময়িক ভাৱে ইয়াৰ কু-ফলৰ জৰিয়তে আক্ৰান্ত হৈ আহিছে শগুন পক্ষী। উল্লেখ্য যে, এই ঔষধ প্ৰয়োগ কৰা পশুৰ মৃত্যুৰ ৭২ ঘন্টাৰ ভিতৰত মৃত পশুৰ মাংস ভক্ষণ কৰা শগুন নিশ্চিত ভাৱে মৃত্যু মুখত পৰে।ঢকুৱাখনাৰ ‘পু এন ফৌ ৱাইল্ড’ নামৰপ্ৰকৃতি সংগঠনটোৱে চলোৱা সমীক্ষা অনুসৰি চলিত বৰ্ষত অসমত মৃত্যু হৈছে ৫৯টা শগুনৰ। ইয়াৰে ২৩ জানুৱাৰীত শিৱসাগৰ পাণবেচাৰ বৰবিলত ২৫টা,২২ ফেব্ৰুৱাৰীত মাজুলীৰ জেংৰাইমুখৰ বোকাবিল অঞ্চলত ৬টাৰ মৃত্যু,২৪ ফেব্ৰুৱাৰীত ঢকুৱাখনাত মৃত্যু ৬টা শগুনৰ।একেদিনাই কামৰূপৰ ছয়গাঁৱৰ বামুণীগাঁৱত ২টা শগুনৰ মৃত্যুৰ বিপৰীতে ১৪ মাৰ্চত ডিব্ৰুগড়ৰ জামিৰা পাত্ৰ গাঁৱত ২০টা শগুনৰ মৃত্যু হয়।

ইতিমধ্যে, পৃথিৱীৰ পৰা ৯৯ শতাংশ শগুন নোহোৱা হৈ যোৱাৰ সময়তে ঢকুৱাখনাৰ আকাশ শুৱনি কৰিছে বিলুপ্তপ্ৰায় এজাক শগুনে। শগুনৰ আশ্ৰয়স্থললৈ পৰ্যৱসিত হৈছে পশ্চিম ঢকুৱাখনাৰ কঢ়াঘাট অঞ্চল। অঞ্চলটোৰ ৩ জোপা গছত থকা ৪টা বাঁহত ৬০টাৰো অধিক শগুনৰ আশ্ৰয় গ্ৰহণ কৰি আহিছে। তাত চিনাক্ত কৰা হৈছে দুষ্প্ৰাপ্য বগাপিঠীয়া, লাহিঠুটীয়া সহ ৪টা প্ৰজাতিৰ শগুন। চিনাক্ত হৈছে হিমালয়ান শগুন, ভাৰতীয় শগুনৰ প্ৰজাতিও।মন কৰিবলীয়া যে ভাৰতত পোৱা ৯ টা প্ৰজাতিৰ শগুনৰ অসমত ৫ টা প্ৰজাতিয়েই পোৱা যায়।উল্লেখ্য যে অঞ্চলটোৰ কেইবাজোপা গছত বছৰ বছৰ ধৰি বিলুপ্তপ্ৰায় শগুনে বাস কৰি অহাৰ লগতে বাঁহ সাজি দুৰ্লভ শগুনে বংশবৃদ্ধি কৰা পৰিলক্ষিত হৈছে। এই কথাই উৎফুল্লিত কৰিছে স্থানীয় প্ৰকৃতিপ্ৰেমীক। অঞ্চলটোত ইতিমধ্যে ৪টাকৈ শগুনৰ বাঁহ চিনাক্ত কৰিছে দীৰ্ঘদিনৰ পৰা শগুন সংৰক্ষনৰ সৈতে জঢ়িত কেইবাজনো প্ৰকৃতিপ্ৰেমী যুৱকে।

 

পুলকজ্যোতি বৰা, ঢকুৱাখনা

You might also like