নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাংসাৰিৰ আঠিয়াবৈৰ কৃষিভূমিত জলসিঞ্চন আঁচনিৰ শুভাৰম্ভ ৰঞ্জিত ভট্টাচাৰ্যৰ

বিশেষ বাৰ্তা, ২৯ নৱেম্বৰঃ চাংসাৰিৰ আঠিয়াবৈত “আকাংক্ষা কৃষি গোট” তথা স্থানীয় ৰাইজে ৰাজ্য চৰকাৰ আৰু বিজেপি কৃষক মৰ্চাৰ সহযোগত বৃহৎ অঞ্চলটোত ৬০ বিঘা মাটিত আৰম্ভ কৰিছে আলু আৰু সৰিয়হ খেতি। তদুপৰি তেওঁলোকে ইতিমধ্যে ৪টাকৈ বিদ্যুতচালিত জলসিঞ্চন আঁচনি পাবলৈ সক্ষম হৈছে। তাৰে আজি ২টা জলসিঞ্চন আঁচনিৰ শুভাৰম্ভ কৰে বিজেপিৰ কিষাণ মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্যই। এই উপলক্ষে জালুকবাৰী সমষ্টিৰ আঠিয়াবৈ অঞ্চলত উপস্থিত হৈ কৃষক তথা যুৱ সতীৰ্থসকলক উৎসাহ যোগোৱাৰ লগতে কৃষি কৰ্মৰ বাবে সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰে উপ-সভাপতিগৰাকীয়ে। গোটটোৱে কৃষি বিপ্লৱৰ জৰিয়তে অঞ্চলটোৰ যুৱকসকলে নিজে স্বাৱলম্বী হোৱাৰ প্ৰয়াস এটি উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি কৃষক মৰ্চাৰ তৰফৰ পৰাও এইসকল থলুৱা কৃষক তথা যুৱ সতীৰ্থসকলক সহায়-সহযোগিতা আগবঢ়োৱা হৈছে। আগন্তুক দিনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সকলো আঁচনিৰ সুবিধা লাভ প্ৰদান কৰি স্থানীয় যুৱকসকলক কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী কৰিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কৃষি কৰ্মৰ বাবে আগবাঢ়ি আহি এই অঞ্চলসমূহত বৃহৎ কৃষি বিপ্লৱ আৰম্ভ কৰা এই কৃষকসকলক শুভেচ্ছা জনাইছে কিষাণ মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্যই।

You might also like