নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছুৰ নৱনিৰ্বাচিত উপ-সভাপতি ভৱজিৎ বেজবৰুৱাক নলবাৰীত বিপুল আদৰণি

বিশেষ বাৰ্তা, ২৯ নৱেম্বৰঃ সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ সদ্যসমাপ্ত অষ্টাদশ মৰিগাঁও অধিৱেশনত উপ-সভাপতিৰ পদ অলংকৃত কৰা ভৱজিৎ বেজবৰুৱাক আজি গৃহ জিলা নলবাৰীত বিপুলভাৱে অভিনন্দন জনোৱা হয়। এই উপলক্ষে শ্বহীদ ভৱন বাকৰিত অনুষ্ঠিত এক অনুষ্ঠানত ছাত্র নেতাগৰাকীক নলবাৰী জিলা ছাত্র সন্থা, আঞ্চলিক ছাত্র সন্থা, জিলা উন্নতি সভা, অসম সেনাৰ নলবাৰী জিলা সমিতি, বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰ উপৰি জিলাখনৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাৰ তৰপৰ পৰা ফুলাম গামোচা, ফুলাম জাপি আৰু ফুলৰ থোপা, শৰাই আৰু মানপত্ৰৰে অভিনন্দন জনায়। উল্লেখ্য যে ছাত্র নেতাগৰাকীক আজি জিলা ছাত্র সন্থা আৰু আঞ্চলিক ছাত্র সন্থাৰ শতাধিক ছাত্র কৰ্মীয়ে জিলাখনৰ হাজো নলবাৰী পথৰ অময়াপুৰৰ পৰা বাইক ৰেলীৰে শ্লোগান দি শ্বহীদ ভৱনলৈ আদৰি আনে। ইয়াৰ পিছত এই উপলক্ষে শ্বহীদ ভৱন বাকৰিত নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ সভাপতি বিশাল বিক্ৰম চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰি বেজবৰুৱাই কয় যে জাতীয় জীৱনৰ হকে সমৰ্পিত মনোভাবেৰে আমি কাম কৰি আছোঁ আৰু সদায় কাম কৰি যাম । নলবাৰী জিলাক আমি কেনেদৰে আগুৱাই নিব পাৰোঁ, তাৰ বাবেও সদায় আমি চেষ্টা কৰি আছোঁ। ৰাইজৰ লগত থাকি ৰাইজৰ হৈ ৰাইজৰ বাবে থাকি কাম কৰি যাম বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। লগতে অসমীয়া জাতীয় জীৱন ,জাতি সত্তাৰ বাবে আজীৱন উচৰ্গা কৰাৰ ধাৰাৰে আগবাঢ়ি গৈছোঁ বুলিও সদৰী কৰে। অনাগত দিনত অসমীয়া জাতীয় জীৱনৰ আৱেগ অনুভূতি সকলো সুৰক্ষিত হোৱাকৈ এটোপাল ৰক্ত থকালৈকে কৰ্ম কৰাৰ কথা উল্লেখ কৰে বেজবৰুৱাই। উল্লেখ্য যে শ্বহীদ ভৱন বাকৰিত ছাত্র কৰ্মী সকলে আছুৰ বিভিন্ন শ্লোগান দি ফটকা ফুটাই আনন্দ উল্লাস প্ৰকাশ কৰে। অনুষ্ঠানত আছুৰ নৱনিৰ্বাচিত সাংগঠনিক সম্পাদক ৰিয়াজ উদ্দিন আহমেদ, ৰাজ্যিক কাৰ্যনিৰ্বাহক তন্ময় কাজী, জিলা ছাত্র সন্থাৰ উপ-সভাপতি ৰুবুল বৰ্মন, উপদেষ্টা অক্ষয় ডেকা, গুণজ্যোতি পাঠক, জিলা উন্নতি সভাৰ সভাপতি হোমেশ্বৰ তালুকদাৰ, প্ৰাক্তন ছাত্ৰ নেতা অজিত ভাগৱতী, হিমান বৰ্মন, নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ হৰিহৰ শৰ্মা, হেমেন কলিতাকে ধৰি ভালেমান বিশিষ্ট লোক উপস্থিত থাকে।

#বাৰ্তা ডেস্ক

You might also like