নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত আগন্তুক চাৰি দিনত ধুমুহা–বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্রৰ

নিয়মীয়া বাৰ্তা, ৩ মে’: অসমকে ধৰি উত্তৰ–পূবৰ কেইবাখনো ৰাজ্যত আগন্তুক চাৰি দিনত গাজনি–ঢেৰেকনিৰে ঘণ্টাত ৩০ৰ পৰা ৫০ কিলোমিটাৰ গতিবেগত ধুমুহা–বতাহ বলাৰ আগজাননী দিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই৷ কেন্দ্রই দেওবাৰে সদৰী কৰা অনুসৰি, ওড়িশাৰ সাগৰীয় উপকূলত সৃষ্ট নিম্নচাপ আৰু বতৰৰ কেতবোৰ প্রাকৃতিক পৰিঘটনাৰ বাবে বিহাৰৰ আকাশেৰে আৰু হিমালয়ৰ পাদদেশত সাগৰপৃষ্ঠৰ পৰা মাত্র ৯০০ মিটাৰৰ পৰা ১.৫ কিলোমিটাৰ ওপৰেৰে বতাহ বলি আছে৷ এই বতাহজাকে ইতিমধ্যে পহিলা মে’ত অসমসহ উত্তৰ–পূবৰ ৰাজ্যকেইখনৰ আকাশত প্রৱেশ কৰিছে৷

ইয়াৰ প্রভাৱত নাগালেণ্ড, মেঘালয় আৰু অসমৰ কেতবোৰ ঠাইত দেওবাৰে সন্ধিয়াপর্যন্ত পাতলীয়া বৰষুণৰ সৈতে শিল পৰাৰ লগতে ধুমুহা–বতাহ বলিছে৷ তেনেদৰে অহা বুধবাৰ পর্যন্ত অসম, মেঘালয়, নাগালেণ্ড আৰু অৰুণাচল প্রদেশৰ আকাশ ঠাইবিশেষে ডাৱৰীয়া হৈ শিলাবৃষ্টিৰ লগতে গাজনি–ঢেৰেকনিৰে ধুমুহা–বতাহ আহিব৷

ইফালে, ৰাজ্যজুৰি ইয়াৰ প্রভাৱত পাতলীয়া বতাহ এছাটি বলি থাকিব বাবে আগন্তুক চাৰি দিনত তাপমাত্রা স্বাভাৱিকতকৈ কিছু কম হ’ব বাবে ৰাইজে প্রচণ্ড গৰমৰ পৰা সকাহ পাব বুলি বতৰ বিজ্ঞান কেন্দ্রৰ সূত্রত প্রকাশ৷

You might also like