নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ চাৰি সমষ্টিত মিত্রজোঁটৰ প্রার্থীৰ বিজয়

নিয়মীয়া বাৰ্তা, ৩ মে’: বহু জল্পনা–কল্পনাৰ অন্তত ঘোষিত হ’ল অসম বিধানসভা নির্বাচনৰ ফলাফল৷ এগজিট প’লৰ পূর্বানুমান অনুসৰিয়েই ৰাজ্যত বিজেপি মিত্রজোঁটৰ চৰকাৰ গঠনৰ পথ প্রশস্ত হ’ল৷ এইবাৰ বিধানসভা নির্বাচনত বহু ৰথী–মহাৰথীয়ে জয়লাভ কৰাৰ বিপৰীতে বহুকেইগৰাকী হেভীৱেইট প্রার্থী পৰাজিত হ’ল৷

প্রত্যাশিতভাৱে কামৰূপ মহানগৰ জিলাৰ অন্তর্গত চাৰি সমষ্টিত বিজেপি মিত্রজোঁটৰ প্রার্থীয়ে জয়লাভ কৰিলে৷ গুৱাহাটীৰ ৫১নং জালুকবাৰী সমষ্টিত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ১,০১,৯১১টা ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয়৷ ড০ শর্মাই ১,৩০,৭৬২টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্রেছ প্রার্থী ৰমেন চন্দ্র বৰঠাকুৰে ২৮,৮৫১টা ভোট লাভ কৰে৷ সমষ্টিটোত হেমন্ত কুমাৰ সূতে ৪,৮৩৮টা ভোট, নৱ কুমাৰ নাথে ১,২১৮টা আৰু মইনুল হকে ১,১৪১টা ভোট লাভ কৰিবলৈ সক্ষম হয়৷

৫২নং দিছপুৰ সমষ্টিত বিজেপিৰ প্রার্থী অতুল বৰাই অভিলেখসংখ্যক ১,৯৫,২১৮টা ভোট লাভ কৰি বিজয়ী হয়৷ ৰাজ্যৰ ভিতৰতে সর্বাধিক ১,২১,০৯১টা ভোটৰ ব্যৱধানত জয়ী হয় অতুল বৰা৷ সমষ্টিটোত কংগ্রেছ মহাজোঁটৰ প্রার্থী মনজিৎ মহন্তই ৭৪,১২৭টা, এজেপি দলৰ প্রার্থী প্রিন্স ফাইজুল হকে ১৫,৫৮২টা, নির্দলীয় প্রার্থী শৈলেন কলিতাই ৫,১৪৩টা, হূদয়ানন্দ গগৈয়ে ১,১৭৪টা, চৰণ চন্দ্র ডেকাই ২,১৩১টা, পল্লৱী ৰাভাই ৮৩৩, সুকান্ত মজুমদাৰে ৫৩৬টা, সোণমণি দাসে ৭৩৫টা, নিতুল দাসে ৫৯২টা, বিশ্বজিৎ নাথে ১,২৩৬টা, হেমেন্দ্র নাথ ডেকাই ১,২২৬টা ভোট লাভ কৰিবলৈ সক্ষম হয়৷ সমষ্টিটোত ন’টাত ভোটদান কৰে ৫,৭৫৬গৰাকী ভোটাৰে৷

একেদৰে ৫৩নং পূব গুৱাহাটী সমষ্টিত বিজেপি প্রার্থী সিদ্ধার্থ ভট্টাচার্যই ৮৩,৪১৪টা ভোটৰ ব্যৱধানত বিজয়ী হয়৷ সমষ্টিটোত বিজেপি প্রার্থী মন্ত্রী ভট্টাচার্যই ১,১২,৪৮৬টা ভোট লাভ কৰিবলৈ সক্ষম হয়৷ কংগ্রেছ মহাজোঁটৰ প্রার্থী অসীমা বৰদলৈয়ে লাভ কৰে ২৯,০৭২টা ভোট৷ অসম জাতীয় পৰিষদৰ প্রার্থী অদীপ কুমাৰ ফুকনে লাভ কৰে ২০,৭৬৫টা ভোট৷ এনপিপিৰ ৰাজ প্রসাদ শইকীয়াই ৬৪০টা, নির্দলীয় প্রার্থী প্রণৱজ্যোতি দাসে ২৫১, বাপ্পী আইচে ২২৮টা, ভূপেন শর্মাই ২৬৫টা, মিতালী ডেকা দেৱীয়ে ৩৬৯টা, দিৱস ফুকনে ১,১৪২টা, প্রণয় দাসে ৮৪৪টা ভোট লাভ কৰিবলৈ সক্ষম হয়৷ পূব গুৱাহাটী সমষ্টিত ন’টাত ভোটদান কৰে ৩,৩৭৯গৰাকী ভোটাৰে৷

৫৪নং পশ্চিম গুৱাহাটী সমষ্টিত বিজেপি মিত্রজোঁটৰ প্রার্থী ৰমেন্দ্র নাৰায়ণ কলিতাই ৭৭,৭৯৫টা ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে৷ বিধায়ক কলিতাই সর্বমুঠ ১,৩৬,৪৮৩টা ভোট লাভ কৰিবলৈ সক্ষম হয়৷ সমষ্টিটোত কংগ্রেছ মহাজোঁটৰ প্রার্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে ৫৮,৬৮৮টা ভোট লাভ কৰি দ্বিতীয় স্থানত, নির্দলীয় প্রার্থী বলেশ্বৰ ৰংপীয়ে ৫,৮৩৮টা ভোট লাভ কৰি তৃতীয় স্থানত, ধনঞ্জয় কলিতাই ৫,৭৭০টা ভোট লাভ কৰি চতুর্থ স্থানত থাকে৷ সমষ্টিটোত অভিজিৎ চক্রৱর্তীয়ে ২,২৯৭টা, কল্যাণ কুমাৰ শর্মাই ১,১৬৬টা, কিশোৰ কুমাৰ দাসে ৮৩২টা, দেৱাকেশ মল্ল বুজৰবৰুৱাই ৭৯২টা, পংকজ দাসে ৫৭৯টা, ৰুণা লাইলাই ৫,৬৭৭টা, অমিতাভ শর্মাই ৮৬৪টা, কাজী নেকিব আহমেদে ১,৩১১টা, ৰক্তিমাভা স্বামীয়ে ১,৭০৫টা ভোট লাভ কৰিবলৈ সক্ষম হয়৷ সমষ্টিটোৰ ৩,৮৯৯গৰাকী ভোটাৰে ন’টাত ভোটদান কৰে৷

You might also like