নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম গুৱাহাটীত ষষ্ঠবাৰৰ বাবে বিজয়ী অগপৰ প্রার্থী ৰমেন্দ্র নাৰায়ণ কলিতা

নিয়মীয়া বাৰ্তা, ৩ মে’: পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা ষষ্ঠবাৰৰ বাবে পুনৰ বিধায়ক হিচাপে বিপুল ভোটত নির্বাচিত হৈছে মিত্রজোঁটৰ প্রার্থী অগপ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা৷ কালি ঘোষিত ফলাফল অনুসৰি, ৰমেন্দ্র নাৰায়ণ কলিতাই মুঠ ১,৩৭,৭৭৩টা ভোট লাভ কৰি নিকটতম প্রতিদ্বন্দ্বী কংগ্রেছৰ মীৰা বৰঠাকুৰ গোস্বামীক ৭৮,০৪০টা ভোটৰ ব্যৱধানত পৰাজিত কৰে৷ মীৰা বৰঠাকুৰ গোস্বামীয়ে মুঠ ৫৯,৪৮৯টা ভোট লাভ কৰি দ্বিতীয় স্থানত থকাৰ বিপৰীতে ৫,৩৬০টা ভোট লাভ কৰি তৃতীয় স্থানত থাকে নির্দলীয় প্রার্থী বলেশ্বৰ ৰংপী৷

ফলাফল ঘোষিত হোৱাৰ পিছতেই ৰমেন্দ্র নাৰায়ণ কলিতাই তেওঁক বিপুল ভোটৰ ব্যৱধানত পুনৰ বিজয়ী কৰাৰ বাবে ভোটদাতা ৰাইজৰ লগতে অগপ–বিজেপি–ইউপিপি ধৰি মিত্রজোঁটৰ অন্তর্গত দলৰ সকলো কর্মী, কার্যকর্তা, সমর্থকলৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই কয়– সমষ্টিটোৰ সর্বাংগীণ উন্নয়নেই হ’ব তেওঁৰ মূল লক্ষ্য৷ ফেব্রুৱাৰী মাহত নির্বাচনী অধিসূচনা জাৰি কৰাৰ বাবে ৰৈ যোৱা কেইবাটাও উন্নয়নমূলক প্রকল্প আৰু এতিয়াও যিসমূহ অঞ্চলত উন্নয়নমূলক আঁচনিসমূহ বিভিন্ন কাৰণত সঠিক ৰূপত ৰূপায়ণ হোৱা নাই, সেই কামসমূহ অগ্রাধিকাৰ ভিত্তিত সম্পন্ন কৰা হ’ব৷

আনহাতে, বিজেপিৰ ৰাজ্যিক কার্যনির্বাহক আৰু নির্বাচনত সমষ্টিটোৰ মিত্রজোঁটৰ দায়িত্ববাহী প্রশান্ত মহন্ত, অগপৰ পশ্চিম গুৱাহাটী সমষ্টি কমিটীৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰীয়ে নির্বাচনী অধিসূচনা জাৰি কৰাৰ পৰা আৰম্ভ কৰি নির্বাচনৰ দিনালৈকে সমষ্টিটোত মিত্রজোঁটৰ কর্মী–সমর্থক, কার্যকর্তাসকলে দিনে–নিশাই কৰা কাম, ত্যাগ, পৰিশ্রমৰ বাবে ৰমেন্দ্র নাৰায়ণ কলিতাই বিগত ২০১৬ চনতকৈ এইবাৰ ৫ হাজাৰতকৈ অধিক ভোট লাভ কৰা বুলি সদৰী কৰিছে৷

You might also like