নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেতিয়া ঘোষণা কৰা হ’ব নতুন মুখ্যমন্ত্ৰীৰ নাম, চৰ্চা অব্যাহত …

নিয়মীয়া বাৰ্তা ৩ মেঃ সদ্যঘোষিত নিৰ্বাচনত বিজেপি দলে নিৰংকুশ জয় লাভ কৰিছে যদিও এতিয়াও ঘোষণা কৰা হোৱা নাই  অসমৰ নতুন মুখ্য মন্ত্ৰীৰ নাম । এই সন্দৰ্ভত এতিয়ালৈকে কোনো চৃড়ান্ত সিদ্ধান্ত লোৱা নাই। যিহেতু ২০১৬ চনত বিজেপিয়ে মুখ্যমন্ত্ৰী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল এইবাৰ যিহেতু নাই কৰা গতিকে ৰাইজৰ মাজত কৌতুলহল বিৰাজ কৰিছে।

শেহতীয়াকৈ জানিব পৰা মতে ২৪ ঘণ্টা বা ৪৮ ঘণ্টাৰ ভিতৰত নতুন চৰকাৰ খনে শপত গ্ৰহণ কৰিব। এক বিশেষ সূত্ৰৰ ভিত্তিত ক’ব পাৰি যে মতে দুটা প্ৰক্ৰিয়াৰে মুখ্যমন্ত্ৰী নিৰ্বাচন কৰিব। প্ৰথমতে বিজেপিৰ সংসদীয় কমিটিৰ যিজন প্ৰতিনিধি আহিব তেওঁ হয়তো নিৰ্বাচন কৰিব বিধায়ক সকলৰ মতামত লৈ তাৰ ভিত্তিত । দ্বিতীয়তে সংসদীয় ব’ৰ্ডে প্ৰথমতেই সিদ্ধান্ত গ্ৰহণ কৰিব আৰু সেই প্ৰতিনিধি জনক কেৱল গুৱাহাটীলৈ প্ৰেৰণ কৰিব মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিবলৈ।

গতিকে সেই তেতিয়াহে ৰাজ্যৰ মুখ্যমন্ত্ৰী কোন হ’ব জানিব পৰা যাব।

যিহেতু বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব লগীয়া আছে সেইবাবে অহা ২৪ ঘণ্টা বা ৪৮ ঘণ্টাৰ ভিতৰত চৰকাৰ গঠন কৰিব।

You might also like