নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্য-কেন্দ্রক Lockdown-ৰ পৰামর্শ উচ্চতম ন্যায়ালয়ৰ

নিয়মীয়া বাৰ্তা, ৩ মে’: লকডাউন সন্দৰ্ভত ৰাজ্যসমূহলৈ উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ। লকডাউন অবিহনে ক’ভিড ৰোধ কৰা অসম্ভৱ। লকডাউনৰ কথা চিন্তা-চৰ্চা কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্যসমূহক পৰামৰ্শ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে।

শুনানিত কোৱা হৈছে যে কভিডৰ দ্বিতীয় ঢৌৱে যি সংহাৰী ৰূপ লৈছে তাৰ পৰিপ্ৰেক্ষিতত তৃতীয় ঢৌ অহাৰ পূৰ্বেই দেশত লকডাউন জাৰী কৰা উচিত। লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ভৱিষ্যতে কি ব্যৱস্থা ল’ব পাৰি তাৰ পৰিকল্পনা কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।

 কিন্তু লকডাউন জাৰি কৰাৰ পৰামৰ্শ দিয়াৰ উপৰিও, উচ্চতম ন্যায়ালয়ে ৰাজ্যসমূহক লকডাউনৰ ফলত হোৱা অসুবিধাৰ বিষয়ে বিবেচনা কৰিবলৈও কৈছে।  লকডাউনৰ ফলত মানুহে যাতে বিত্তীয় সমস্যাৰ সন্মুখীন নহয়, সেয়া নিশ্চিত কৰিবলৈও কোৱা হৈছে।

You might also like