নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শোণিতপুৰৰ মিছামাৰীত বন্যহস্তীৰ আক্ৰমণত মহিলাৰ মৃত্যু

🔹 সোণাই ৰূপাই অভয়াৰণ্যৰ জাক জাক বন্যহস্তীৰ সন্ত্ৰাস

নিয়মীয়া বাৰ্তা, মিছামাৰী, ২৬ নৱেম্বৰ : শোণিতপুৰ জিলাৰ সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ এটা বন্যহস্তীৰ জাকে আজি নিচেই পুৱাতে জনাঞ্চলৰ পৰা অভয়াৰণ্যলৈ উভতি যাওঁতে বনগাঁও হাস্তাইপাৰাৰ দীপালী বড়ো (৫৩) নামৰ এগৰাকী মহিলাক আক্ৰমণ কৰি হত্যা কৰে ৷ আনহাতে, ইয়াৰ কিছু নিলগত অৱস্থিত জীয়াবাৰীত স্থাপিত বড়ো সাহিত্য সভাৰ প্ৰতীক স্তম্ভত হাতীৰ জাকটোৱে আক্ৰমণ কৰাত স্তম্ভটোৰ ক্ষতিসাধন হয় ৷

উল্লেখ্য যে কালি সন্ধিয়াৰ ভাগত সোণাই ৰূপাই অভয়াৰণ্যৰ পৰা প্ৰস্থান কৰা বন্যহস্তীৰ জাকটোৱে অভয়াৰণ্যৰ কাষৰীয়া গোলাই, জীয়াবাৰী, হাস্তাইপাৰা, সনাপুৰত, ৰামনাথপুৰ আদি বনগাঁৱৰ উপৰি গঁড়মাৰা চেঁচা বিল, জোৰপুখুৰী, নতুন মাটি, বেলশিৰি আদি ঠাই নিশাটো খাদ্যৰ সন্ধানত ভ্ৰমি নিচেই পুৱাতে হাতীৰ জাকটো বনাঞ্চললৈ উভতি যাওঁতে উক্ত মৰ্মান্তিক ঘটনাটো সংঘটিত হয় ৷ জিলাখনৰ বৃহত্তৰ মিছামাৰী অঞ্চলৰ উত্তৰ প্ৰান্তত অৱস্থিত সোণাই ৰূপাই অভয়াৰণ্যৰ জাক জাক বন্যহস্তীয়ে বিগত এপষেক ধৰি অভয়াৰণ্যখনৰ কাষৰীয়া অঞ্চলত সন্ত্ৰাস চলাই গঞাৰ নিদ্ৰা হৰিছে আৰু ইয়াৰ মাজতে বন্যহস্তীৰ জাকটোৱে অভয়াৰণ্যৰ পৰা প্ৰস্থান কৰি খাদ্যৰ সন্ধান কৰিবলৈ গৈ দুৰ্ভগীয়া মহিলাগৰাকীৰ প্ৰাণ লয় ৷

স্মৰ্তব্য যে অভয়াৰণ্যখনত বাহৰ পতা জাক জাক হাতীয়ে বেলি লহিওৱাৰ লগে লগে খাদ্যৰ সন্ধানত অভয়াৰণ্যৰ পৰা ওলাই বিগত এপষেক ধৰি কৃষকৰ পথাৰৰ কষ্টোপাৰ্জিত সোণগুটি ভক্ষণ কৰাৰ লগতে সোণালী বৰণীয়া ধাননি পথাৰৰ অনিষ্ট সাধন কৰি আহিছে ৷ কৃষকে কষ্টোপাৰ্জিত আঘোণৰ পথাৰৰ পৰা সোণগুটি চপোৱাৰ ভৰপক সময়ত জাক জাক বন্যহস্তীয়ে পথাৰৰ ধান খেতিৰ সঘনাই অনিষ্ট কৰাৰ ফলত দুৰ্ভগীয়া কৃষকসকল চিন্তিত হৈ পৰিছে ৷ বাৰিষাৰ বতৰত হাড়ভঙা পৰিশ্ৰম আৰু টকা-পইচা খৰচ কৰি পথাৰত কৰা খেতি চপাবৰ বেলিকা হাতীৰ জাকে বিধি-পথালি দিয়াত অভয়াৰণ্যখনৰ কাষৰীয়া বনগাঁও আৰু বৃহত্তৰ অঞ্চলটোৰ গঞা ৰাইজ চিন্তিত হোৱাৰ লগতে বন্যহস্তীৰ মুখামুখিৰ আশংকাত আন্ধাৰ নামি অহাৰ লগে লগে পৰিয়ালৰ সৈতে নিৰাপদ ঠাইত নিশা বিনিদ্ৰা ৰজনী কটাবলগীয়া হৈছে বুলি জানিবলৈ দিছে ৷

দুৰ্ভগীয়া মহিলা দীপালী বড়োৰ মৃত্যুৰ ঘটনাৰ খবৰ পায়েই আৰক্ষী আৰু বন বিভাগৰ লোকে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ কাৰণে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

You might also like