নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নি-খুমটাই-নগাঁৱত বন্যহস্তীৰ তাণ্ডৱ

মৰিয়নিত বৃদ্ধি হাতী-মানুহৰ সংঘাত

মৰিয়নিত দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে হাতী মানুহৰ সংঘাত ৷ গিৱন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰবেশ কৰা এক বৃহৎ হাতীৰ জাকে নিশা মৰিয়নিৰ ডকলংঙীয়া চাহ বাগিচাত কেইবাটা গৃহ লণ্ডভণ্ড কৰে৷ এক পৰিতাপৰ ঘটনা যে এতিয়ালৈকে ৭ ঘন্টা উকলি যোৱাৰ পাছতো কোনো বন বিভাগৰ লোক উপস্থিত হোৱা নাই৷ নিশা সীতা গোৱালা আৰু ৰাজু গোৱালাৰ গৃহ সম্পূৰ্ণ ৰূপে লণ্ড ভণ্ড কৰি থৈ যায় বৃহৎ জাকটোৱে৷

খুমটাইত বন্যহস্তীৰ তাণ্ডৱ

খুমটাইৰ প্ৰতিদিনাই নতুন নতুন অঞ্চলত বন্যহস্তীয়ে চলাইছে তাণ্ডৱ। পুৱতিনিশা হাতীয়ে শেনছোৱা গাঁৱত ভাঙি থানবান কৰিলে কেইবাটাও বাসগৃহ। কেঁচা ঘাম মাটিত পেলাই অধিক কষ্টৰ ফলত উৎপাদিত বৃহৎ পৰিমাণৰ ধান খাই নষ্ট কৰিলে বন্যহস্তী জাকে।। বন্যহস্তীৰ জাকটো খেদি পঠাবলৈ বন বিভাগে লোৱা নাই যথোপযুক্ত ব্যৱস্থা। কেৱল মাত্ৰ কেইজনমান বন কৰ্মী আহি ফটকা ফুটাই দ্বায়িত্ব সামৰিছে গোলাঘাট বন বিভাগে। যাৰ বাবে বন বিভাগৰ বিৰুদ্ধে তিব্ৰ ক্ষোভ প্ৰকাশ জনতাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰু খুমটাইৰ বিধায়ক মৃণাল শইকীয়াক বিষয়টো গুৰুত্বসহকাৰে লৈ হাতীৰ জাকটো খেদি পঠাবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান ভুক্তভোগী জনতাৰ।

নগাঁৱৰ নৈ পামত বন্যহস্তীৰ উপদ্ৰৱ

নগাঁও জিলাৰ নৈ পামত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। নিশা বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি অহা বন্যহস্তীৰ এটা জাকে ভাঙি লণ্ড-ভণ্ড কৰিলে নৈপামৰ পদ্মকান্ত দাস আৰু প্ৰভাত দাসৰ বাসগৃহ। হাতী খেদিবলৈ ৰাইজে চেষ্টা কৰিছে যদিও হাতী খেদিব পৰা নাই। এতিয়া আতংকত বিনিদ্ৰ ৰজনী কটাইছে গাঁওবাসীয়ে। স্থানীয় ৰাইজে বন বিভাগক শীঘ্ৰে হাতী খেদাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।

ডিজিটেল ডেস্ক, ১৯ ডিচেম্বৰ

You might also like