ফালি দিম
🔹 ড০ পার্থসাৰথি মহন্ত
‘ফালি দিম’৷ এই কথাটো এতিয়া আৰু মুষ্টিমেয় দুজনমান মুকুটবিহীন সম্রাটৰ কপিৰাইট হৈ থকা নাই৷ সামাজিক মাধ্যমত ‘ফালি দিম’ বুলি ভৱিষ্যদ্বাণী নকৰেই, ফালিয়েই দিয়ে৷ ৰ’বলৈ সময় নাই, ধৈর্য একেবাৰেই নাই৷ সামাজিক মাধ্যমত মানুহ কিয় দিনকদিনে অসহিষ্ণু হৈ পৰিছে?
২০২১ চনত আমেৰিকাৰ (সেই সময়ৰ) সদ্যপৰাজিত ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক টুইটাৰ, ফেচবুক আদিৰ পৰা বহিষ্কাৰ কৰা হৈছিল৷ কাৰণ তেওঁৰ কিছু টুইটে কেপিটল হিলত হোৱা দাংগাক উচটনি দিয়া বুলি ধাৰণা কৰা হৈছিল৷ তাৰ পিছত ইলন মাস্কে টুইটাৰ (এতিয়া x) ক্রয় কৰি এইবোৰ চেন্সৰশ্বিপ বুলি সমালোচনা কৰিলে আৰু ট্রাম্পৰ একাউণ্ট পুনৰুদ্ধাৰ কৰিলে৷ এই ঘটনাৰ কেইবছৰমান পিছত ২০২৫ চনৰ জুন–জুলাই মাহত ড’নাল্ড ট্রাম্পে x প্লেটফর্মত ইলন মাস্ককে আক্রমণ কৰিলে৷ তেওঁ মাস্কক ‘অমার্জিত’ আৰু ‘চালাকিৰে ভয় দেখুওৱা’ বুলি মন্তব্য কৰে৷ উত্তৰত মাস্কেও ট্রাম্প বহুত ‘বার্ধক্যগ্রস্ত’ বুলি লিখিলে৷ এই ঘটনাই এইটোৱেই প্রমাণ কৰে যে মত প্রকাশতকৈ মানুহক অপমান কৰাৰহে প্লেটফর্ম হৈ পৰিছে সামাজিক মাধ্যম৷ এইবোৰ মাথোঁ দুজন প্রভাৱশালী ব্যক্তি, এজন পৃথিৱীৰ আটাইতকৈ ক্ষমতাশালী আমেৰিকাৰ ৰাষ্ট্রপতি আৰু আনজন পৃথিৱীৰ সবাতোকৈ ধনী ব্যক্তিৰ কথোপকথন নহয়, এয়া সামাজিক মাধ্যমত সামূহিক মনোভাবৰ প্রতিচ্ছবি৷
মতামত প্রকাশৰ অধিকাৰ অতি গুৰুত্বপূর্ণ৷ কিন্তু তাৰ অর্থ অবাধ গালি হ’ব পাৰে জানো? সামাজিক মাধ্যমত মত প্রকাশৰ অধিকাৰ মানেতো আনৰ মর্যাদা হানি কৰা হ’ব নোৱাৰে৷ সকলো কথাই ক’ব পৰাৰ অর্থ এইটো নহয় যে ঘৃণা, গালি আৰু অপবাদৰ মেলা পাতিব পাৰি৷ কিন্তু প্রশ্ণ হ’ল– মুক্ত মতামত আৰু ঘৃণামূলক মন্তব্যৰ সীমা ক’ত?
সামাজিক মাধ্যমত মানুহ গোটত ভাগ ভাগ হৈ পৰে– ধর্ম, ৰাজনীতি, জাতি, অঞ্চল, দল, খেল, ইত্যাদি ইত্যাদিৰ ভিত্তিত৷ গোট বেয়া নহয়, কিন্তু ‘আমি বনাম তেওঁলোক’ চিন্তাটো আৰম্ভ হোৱাৰ লগে লগে সহিষ্ণুতা শেষ হয়৷
ফেচবুক, ইনষ্টাগ্রাম, টিকটক, এক্স (টুইটাৰ) আদি সকলো প্লেটফর্মে এলগ’ৰিদম প্রযুক্তি ব্যৱহাৰ কৰে৷ এলগ’ৰিদমে আমি কি চাওঁ চাই থাকে আৰু আমাৰ ৰুচি আৰু চিন্তাধাৰাৰ সৈতে মিল থকা বস্তুবোৰ দেখুৱায়৷ আমি একে মনৰ মানুহৰ এটা ঘেৰাত সোমাই পৰোঁ আৰু ভিন্ন মতৰ প্রতি আমাৰ সহিষ্ণুতা কমি যায়৷ ফলত আমি যেতিয়া আমাৰ বিশ্বাসৰ পৰিপন্থী এটা মত দেখা পাওঁ– (দৰাচলতে সেইটো এটা ভাল পোষ্ট)– আমি তাক আমাৰ দৃষ্টিভংগীৰ ওপৰত আক্রমণ হিচাপে ধৰি লওঁ আৰু নেতিবাচক প্রতিক্রিয়া প্রকাশ কৰোঁ৷
নাম নথকা মুখৰ সাহস বেছি হয়৷ বাস্তৱত মানুহে বেছিভাগ সময়তে সাৱধানে কথা কয়৷ কিন্তু অনলাইনত গালি, ধমকি, অপমান কৰিবলৈ সহজতেই সাহস বিচাৰি পায়৷ অনেকে নিজৰ আচল চিনাকি লুকুৱাই ৰাখে৷ তদুপৰি অনলাইনত মানুহে নিজৰ সামাজিক বোধ হেৰুৱাই পেলায়৷ মনোবিজ্ঞানত ‘অনলাইন ডিছইনহিবিচন’ বুলি কোৱা হয়৷ অর্থাৎ কঠোৰ মত প্রকাশ কৰিবলৈ মানুহে অনলাইনত অধিক স্বাধীন অনুভৱ কৰে৷
সকলোৰে জীৱনত চাপ থাকে৷ সকলোৱে কিন্তু সেই চাপ কেনেকৈ মোকাবিলা কৰিব নাজানে৷ কামৰ চাপ, আর্থিক সমস্যা, ব্যক্তিগত জটিলতা এই সকলো একলগ হৈ মনত হতাশাৰ সৃষ্টি কৰে৷ সামাজিক মাধ্যম বহু সময়ত এই পুঞ্জীভূত ক্ষোভ আৰু ক্রোধ উজৰাৰ এখন মঞ্চ হৈ পৰে৷ কোনোবাই যদি আনন্দৰ পোষ্ট দিয়ে, সেইটো দেখি নিজৰ অভাৱৰ কথা মনত পৰে আৰু ঈর্ষা জন্মে৷ আমাৰ ক্ষোভ হয়৷ আনৰ সুখত আনন্দিত হোৱাৰ সলনি গালি পাৰি বা সমালোচনা কৰি আমি ক্ষণিকৰ বাবে শান্তি পাওঁ৷
তাতে আকৌ সচৰাচৰ মানুহে সামাজিক মাধ্যমত নিজৰ জীৱনৰ ভাল ভাল দিশ বা তেনে ফটোবোৰহে দেখুৱায়৷ আনৰ চকচকীয়া জীৱন দেখি বহুতে নিজৰ জীৱনক তুচ্ছ বুলি ভাবিবলৈ আৰম্ভ কৰে৷ এনে সামাজিক তুলনাই আমাৰ ভাব–চিন্তা নেতিবাচক কৰি তোলে৷ আর্থিক সংকটত থকা কোনোবাই যদি লগৰ এজনক নতুন গাড়ী লোৱা দেখে, হিংসা হয়৷ সেইজনৰ ওপৰত খং নুঠিলেও, নিজৰ অভাৱ অনুভৱ নকৰিবলৈ নেতিবাচক প্রতিক্রিয়া প্রকাশ কৰি দিয়ে৷
নেতিবাচক মন্তব্যবোৰে যিহেতু সাধাৰণতে বেছি মনোযোগ আকর্ষণ কৰে, মন্তব্য কৰাজনে তেওঁৰ কথাখিনি যুক্তিসংগত বুলি ভাবি লয়৷ নেতিবাচক সমালোচনামূলক মন্তব্যই চর্চা বা বিতর্কৰ সৃষ্টি কৰে বাবে মন্তব্য দিওঁতাজনে এক গুৰুত্ব অনুভৱ কৰে৷ সেই কাৰণেই কিছু লোকে আনৰ মনোযোগ পোৱাৰ আশাতে ইচ্ছাকৃতভাৱে বেয়া কথা কয়–তাৰ ফলত আনে মনত আঘাত পালেও পাওক৷
এই নেতিবাচক মন্তব্যবোৰৰ প্রতি আমি ক্রমাৎ কম সংবেদনশীল হৈ পৰোঁ৷ এইবোৰ আমাৰ কাৰণে সাধাৰণ কথা হৈ পৰে৷ কিছু লোক এইবোৰৰ প্রতি উদাসীন হৈ পৰে, কিছু জড়িত হৈ পৰে৷ এইদৰে কিছু লোক জড়িত হৈ পৰাৰ লগে লগে এটা চক্র আৰম্ভ হয়– নেতিবাচকতাৰ পৰা নেতিবাচকতা৷
অর্থাৎ প্রথম নেতিবাচক মন্তব্য কৰাজনৰ ভিউ বাঢ়িল৷ পোষ্ট ভাইৰেল হ’ল৷ পইচা আহিল৷ ঘৃণা বেচি পইচা৷ কাৰণ, মিছা কথা, গালি–গালাজ, গুজব–অপবাদ সহজেই ভাইৰেল হয়৷
গতিকে যিটো দেখা যায়, পুঞ্জীভূত হতাশা এই অনলাইন অসহিষ্ণুতাৰ এটা ডাঙৰ কাৰণ, কিন্তু একমাত্র নহয়৷ ইয়াত ব্যক্তিগত স্বার্থ আৰু মুনাফাও জড়িত হৈ থাকে৷ লগতে ঈর্ষা, আনৰ চকুত পৰাৰ দুর্বাৰ আকাংক্ষা ইত্যাদি আছেই৷ কিছুমানৰ বাবে বেয়া মন্তব্য কৰাটো যেনেকৈ নিজৰ চাপ উলিয়াই দিয়াৰ মাধ্যম, তেনেদৰে আন কিছুমানৰ বাবে এনে মন্তব্য নিজৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰাৰ চেষ্টা আৰু উপায়৷
এই নেতিবাচক প্রৱণতাই যে কেৱল মন্তব্য পোৱাজনকে আঘাত কৰে তেনে নহয়– ই সকলোকে প্রভাৱিত কৰে৷ এনে এটা বিষাক্ত পৰিস্থিতিৰ সৃষ্টি হয় যে মানুহে নিজৰ ভাল মুহূর্তবোৰ শ্বেয়াৰ কৰিবলৈও ভয় কৰা হয়৷ সম্পর্ক সৃষ্টিৰ সলনি সামাজিক মাধ্যম হৈ পৰে বিবাদৰ ক্ষেত্র– মানুহৰ মাজত দূৰত্ব সৃষ্টি কৰা মাধ্যম৷
নেতিবাচকতাৰ এই চক্র ভঙাটো জৰুৰী৷ কেতিয়াবা চুপ হৈ থাকিও সেয়া কৰিব পাৰি৷ তদুপৰি অসহিষ্ণুতাৰ প্রত্যুত্তৰত ভাল কথা লিখি দিব লাগে৷ ট্র’ল কৰাসকলে প্রতিক্রিয়া বিচাৰে৷ মনোযোগ বিচাৰে৷ সমানে খং কৰি উত্তৰ দিব লাগিব বুলিতো কথা নাই৷ বৰঞ্চ ইতিবাচক ব্যৱহাৰে আনকো উৎসাহিত কৰে আৰু এটা ইতিবাচক প্রতিক্রিয়া প্রৱাহ সৃষ্টি হয়৷
অর্থাৎ দোষী সামাজিক মাধ্যম নহয়৷ দোষী– আমি৷ সামাজিক মাধ্যম উগ্র নে দোষী নির্ভৰ কৰে আমাৰ ওপৰত৷ প্রতিটো একাউণ্টৰ পাছত এজন ব্যক্তি থাকে– তেওঁৰ ওপৰত৷ সামাজিক মাধ্যমে সেই মানুহজনকেই উদঙাই দিয়ে৷
ফোন : ৯৪৩৫০–৪৮৪৮০