নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ স্বাস্থ্যৰ বুজ ল’লে ৰঞ্জিত দাসে

নিয়মীয়া বাৰ্তা, ৫ নবেম্বৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল’লে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।

ক’ভিডত আক্ৰান্ত হোৱাৰ পাছত বাৰুকৈয়ে স্বাস্থ্যৰ অৱনতি ঘটিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ। ক’ভিডৰ পৰা সুস্থ হৈ ঘৰলৈও উভটিছিল গগৈ। কিন্তু দেহত অক্সিজেনৰ মাত্ৰা কমি যোৱাৰ পাছতে পুনৰ GMCHৰ ICUত ভৰ্তি হৈছিল কিন্তু বৰ্তমান উন্নত হৈছে গগৈৰ স্বাস্থ্য।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্যৰ বুজ লয় তৰুণ গগৈৰ। তাৰ পাছতে আজি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে স্বাস্থ্যৰ বুজ লৈ কয় যে তৰুণ গগৈ ডাঙৰীয়াক বহু ওচৰৰ পৰা আমি পাইছো। বিধানসভাত বিস্কুট খোৱাৰ কথাক লৈ নষ্টালজিক হৈ পৰিল দুয়োগৰাকী। তেখেতৰ দীৰ্ঘায়ুৰ লগতে আশু আৰোগ্য কামনা কৰিছো।

You might also like