নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাড়ী পাৰ কৰিবলৈ ২০ লাখৰ ভেঁটী চালকৰ : কৰিমগঞ্জত জব্দ ৫০ কোটিৰ য়াবা টেবলেট

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰী : আজি পুৱা কৰিমগঞ্জ চহৰৰ সমীপৰ বাগৰগুল চেক পইণ্টত আৰক্ষী বাহিনীয়ে এখন বাহনৰ পৰা বিপুল পৰিমাণৰ নিচাজাতীয় য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে। তদুপৰি এগৰাকী ব্যাক্তিক আটক কৰে আৰক্ষীয়ে। কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই কয় যে জব্দ কৰা য়াবা টেবলেটসমূহৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত ৫০ কোটি টকা। আৰক্ষীয়ে মিজোৰামৰ পৰা অহা এখন বাহনৰ পৰা ৭.৬ লাখ য়াবা টেবলেট জব্দ কৰে। লগতে ড্ৰাগছ বেপাৰী বুলি সন্দেহ এগৰাকী ব্যক্তিক নিচাযুক্ত দ্ৰব্য‌সহ গ্ৰেপ্তাৰ কৰা হয়। তেওঁ কয়, যেতিয়া আৰক্ষী আৰু ভিডিপিয়ে গাড়ীখন ৰখাই পৰীক্ষা কৰাৰ চেষ্টা কৰিছিল, তেতিয়া চালকে ২০ লাখ উৎকোচ দিছিল। আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, পৰীক্ষাৰ সময়ত আৰক্ষীয়ে য়াবা টেবলেটভৰ্তি কেইবাটাও পেকেট উদ্ধাৰ কৰে। খবৰ পাই লৰালৰিকৈ সেই স্থানলৈ গ’লোঁ আৰু আমাৰ বিশেষজ্ঞৰ দলটোৱে য়াবা টেবলেট গণনা কৰে। ৭.৬ লাখৰো অধিক য়াবা টেবলেট, যিটো আজিলৈকে অসমৰ অন্যতম বৃহৎ জব্দ হৈছে বুলি বৰুৱাই কয়। ধৃত ব্যক্তিজন কৰিমগঞ্জৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে। তেওঁ মিজোৰামৰ পৰা নিচাজাতীয় সামগ্ৰী কঢ়িয়াই নিয়াৰ সন্দেহ কৰিছে আৰক্ষী বিষয়াসকলে। কৰিমগঞ্জৰ উপ-আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাই কয় যে তেওঁলোকে ধৃত ব্যক্তিজনক জেৰা কৰি আছে। ‘আমি সন্দেহ কৰিছো যে এই চালানটো মিজোৰামৰ ফালৰ পৰা আহিছিল। ধৃত ব্যক্তিজন কৰিমগঞ্জৰ বাসিন্দা আৰু তেওঁ জেৰাত কোনো বিশেষ কথা প্ৰকাশ কৰা নাই বুলি শৰ্মাই কয়।
প্ৰেৰক গৌতম তালুকদাৰ
You might also like