নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণপাট সত্ৰৰ আধ্যাত্মিক যুৱ সন্মিলন ২০২৩-ৰ জনজাতীয় মহিলাৰ আধ্যাত্মিক কৰ্মশালাৰ সমাপন সমাৰোহত মুখ্যমন্ত্ৰী ড° শৰ্মা

📌আত্মসহায়ক গোটৰ ৩০ লাখ মহিলাৰ প্ৰত্যেককে ১০ হাজাৰকৈ আৰ্থিক সকাহৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ
বিশেষ বাৰ্তা, ৪ জুনঃ নাৰী শক্তি আমাৰ সৃষ্টিৰ সৈতে জড়িত। সৃষ্টিৰ আৰম্ভণি নাৰীৰ শক্তিয়েদি হৈছিল। নাৰীক ভাৰতৰ সনাতন সভ্যতাই আদিশক্তি ৰূপে সদায় পূজা কৰি আহিছে। মা কামাখ্যাই হওক, মা বৈষ্ণোদেৱী হওক, মা কালীয়েই হওক, মা সৰস্বতীয়েই হওক, সনাতন হিন্দু ধৰ্মৰ আটাইতকৈ উৎকৃষ্টতম সৰ্বোত্তম আসনত আদিশক্তি ৰূপে মা সদায়েই স্থিতমান হৈ আহিছে।- আজি জেংৰাইমুখৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প বনমালী ক্ষেত্ৰত অনুষ্ঠিত দক্ষিণপাট সত্ৰৰ আধ্যাত্মিক যুৱ সন্মিলন ২০২৩-ৰ জনজাতীয় মহিলাৰ আধ্যাত্মিক কৰ্মশালাৰ সমাপন সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কয়। ভাষণ প্ৰসংগত তেওঁ আৰু কয় যে আমি বিশ্বাস কৰোঁ যে এই জগতৰ আদি, এই জগতৰ পালন আৰু এই জগতৰ সংহাৰ এই সমস্ত প্ৰক্ৰিয়াৰ সৈতে আদিশক্তি জড়িত হৈ আছে। ভাৰতৰ সভ্যতা সংস্কৃতিত গাৰ্গী, মৈত্ৰেয়ী , আদিতী, আত্ৰেয়ীকে ধৰি বিভিন্ন নাৰীয়ে জ্ঞান আৰু প্ৰজ্ঞাৰ জৰিয়তে ভাৰতৰ সনাতন সংস্কৃতিক উজলাই থৈ গৈছে। স্বামী বিবেকানন্দই কৈছিল যে নাৰীৰ উচিত মৰ্যাদা হলেহে এখন ৰাজ্যই বা ৰাষ্ট্ৰই মহত্ত্ব লাভ কৰিব পাৰে। স্বামী বিবেকানন্দৰ ভাষাত নাৰী হল ৰাষ্ট্ৰৰ নয়নৰ মণি। ৰাষ্ট্ৰৰ এই নয়ন পদ্ম সমৃদ্ধ হলে সমগ্র ৰাষ্ট্ৰ সমৃদ্ধ হব। এগৰাকী কুন্তিৰ জন্ম হলে পঞ্চপাণ্ডৱৰ যোগেদি ধৰ্ম ৰাজ্য প্ৰতিষ্ঠা হব। কিন্তু এগৰাকী মন্থৰাৰ জন্ম হলে সমগ্র অযোধ্যা শোকসাগৰত বুৰ যাব। সেয়েহে সনাতন পৰম্পৰাৰ পুথিত জ্ঞান আৰু দক্ষতাৰে সমৃদ্ধ নাৰীশক্তিৰ মাধ্যমেদি সবল দেশ আৰু আমি জাতি গঢ়িব লাগিব। আমি সকলোৱে জানো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেই হওক, মাধৱদেৱেই হওক বা দেৱ দামোদৰেই হ ওক, আমাৰ বৈষ্ণৱ সাহিত্য-সংস্কৃতি আৰু ধৰ্মত নাৰীৰ যি এক উচ্চ স্থান, তাক তেখেতসকলে ৰাইজৰ আগত দাঙি ধৰিছে। যিখন সমাজত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সময়ত নাৰীৰ মাজত শিক্ষাৰ পোহৰ পোহৰ পৰা নাছিল। যি সময়ত নাৰী মুক্ত নাছিল, সেই সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তেৰাৰ অনুপম সৃষ্টি নাটক আৰু কাব্যত নাৰীৰ চৰিত্ৰ অংকন কৰিছিল। গুৰুজনাৰ ৰচনাৰাজিত উজলি উঠা নাৰী চৰিত্ৰসমূহ আছিল বিচিত্র আৰু মনোগ্ৰাহী। তেৰাৰ সুদক্ষ আৰু সুনিপুণ হাতৰ পৰশত সৃষ্টি হোৱা ৰুক্মিণী, দৈৱকী, যশোদা, ৰাধা, শশী, সত্যভ্ৰমাকে ধৰি কেইবাগৰাকীও নাৰীৰ চৰিত্ৰ গৰিমাময় চৰিত্ৰ ৰূপে অসমীয়া সাহিত্যৰ ইতিহাসত সদায়েই জিলিকি আছে। নাৰীয়ে পুৰুষে হৈবা একামতি তেৱেসে সিজিব হৰিত ভকতি- এই বাণী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক দি থৈ গৈছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, দেৱ দামোদৰদেৱে অসমত আৰম্ভ কৰা ভক্তিবাদৰ বৃহৎ আন্দোলনৰ সময়ছোৱাত আই কনকলতা, সতী ৰাধিকা, আই পদ্মপ্ৰিয়া আদি অজস্ৰ নাৰীয়ে আমাৰ এই ভক্তি আন্দোলনক আগুৱাই লৈ যোৱাত বিশিষ্ট বৰঙণি আগবঢ়াই থৈ আহিছে। অসমৰ বুৰঞ্জীত মূলাগাভৰু , মহাসতী জয়মতীৰ দৰে বিশিষ্ট নাৰীৰ চৰিত্র সদায়েই আমাৰ সন্মুখলৈ আহে আৰু জয়মতী, মূলাগাভৰুৰ দৰে অজস্ৰ নাৰীৰ বৰঙণিয়ে আমাৰ সমাজ জীৱনক সদায়েই উজলাই ৰাখে বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে আধুনিক অসমীয়া যি পৰম্পৰা, আধুনিক অসমীয়া ইতিহাস সেই ইতিহাসৰ ফালেও যদি আমি মনত পেলাওঁ, ইন্দিৰা মিৰি, আইদেউ সন্দিকৈৰ দৰে মহীয়সী নাৰীৰ এই চৰিত্ৰসমূহ আমাৰ সন্মুখলৈ ভাহি আহে। কনকলতা বৰুৱা, ভোগেশ্বৰ ফুকননী, তিলেশ্বৰ বৰুৱা আদিৰ আত্মত্যাগে ভাৰতৰ স্বাধীনতা আন্দোলনক অম্লান কৰি থৈ গৈছে। সমাজৰ বিভিন্ন দিশত আত্মনিয়োগ কৰি চন্দ্ৰপ্ৰভা শইকীয়া, নলিনীৱালা দেৱী, নিৰ্মলপ্ৰভা বৰদলৈ , মামণি ৰয়ছম গোস্বামী আদিয়ে সমাজৰ বিভিন্ন কু-সংস্কাৰৰ বিৰুদ্ধে নিজৰ নিজৰ লেখাৰ জৰিয়তে মাত মাতি আহিছে। বিৰুৱালা ৰাভাই কু-সংস্কাৰৰ বিৰুদ্ধে যি জীৱনজোৰা সাধনাত ব্ৰতী হৈছে, সেয়া আমাৰ বাবে অনন্য প্ৰেৰণাৰ উৎস। পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ দৰে অনন্য নাৰীয়ে যিধৰণে হাতে বোৱা কাপোৰক সমাজৰ বৰঘৰলৈ লৈ গৈছে, সেয়া আমাৰ বাবে প্ৰেৰণাৰ পাত্ৰ বুলি উল্লেখ কৰে। তেওঁ কয়- মই আশা কৰিম আজি এই জেংৰাইমুখতো আধ্যাত্মিক যুৱ সন্মিলনৰ জৰিয়তে যি ২৩ গৰাকী নাৰীয়ে প্ৰশিক্ষণ লৈছে, তেওঁলোকে আধ্যাত্মিকতাৰ জ্ঞান আৰু ব্যৱহাৰিক জ্ঞান এই দুইটাৰ সংমিশ্ৰণৰ জৰিয়তে আমাৰ সমাজখনক নিকা কৰিবৰ বাবে আমাৰ সমাজখনৰ নাৰীৰ মহৎ ও মহীয়ান স্থান সুৰক্ষিত কৰাৰ বাবে কাম কৰিব। দক্ষিণপাট সত্ৰই এই ২৩গৰাকী মহিলাক প্ৰশিক্ষণ দিছে, সমগ্র অসমত ডেৰকোটিতকৈও অধিক মহিলা আছে, প্ৰত্যেকগৰাকী মহিলাক কোনোবা এটা অনুষ্ঠানে সন্মুখৰ পৰা প্ৰশিক্ষণ দিয়া সম্ভৱ নহয়। কিন্তু যিসকলে প্ৰশিক্ষণ লয় তেওঁলোকে যদি আন এশগৰাকী মহিলাক প্ৰশিক্ষিত কৰাৰ দায়িত্ব গ্ৰহণ কৰে, তেতিয়াহলে আমাৰ আধ্যাত্মিক যুৱ সন্মিলনৰ যি প্ৰয়াস আৰু প্ৰচেষ্টা, সি সফল হৈ পৰিব। আমাৰ ঘৰত এটা সাংস্কৃতিক জীৱন অতিকৈ প্ৰয়োজনীয়। কেইদিনমানৰ আগতে কেৰেলাৰ এটা ঘটনাৰ পটভূমিত কেৰেলা ষ্টৰী নামে এখন বোলছবি প্ৰকাশ পাইছিল। সেই বোলছবিৰ জৰিয়তে আমি দেখা পাইছিলোঁ- নিজৰ ঘৰত যেতিয়া সংস্কাৰৰ শিক্ষা দিয়া নহয়, নিজৰ ঘৰত যেতিয়া ভগৱানৰ লগত লৰা-ছোৱালীক চিনাকি কৰাই দিয়া নহয়, যেতিয়া আধ্যাত্মিকতাৰ চৰ্চা নহয়, তেতিয়াহলে লৰা-ছোৱালী ডাঙৰ হৈ বহু সময়ত আমি নিবিচৰাকৈ পথভ্ৰষ্ট হোৱা দেখা পাওঁ। কৰ্ণাটকৰ নিৰ্বাচনৰ সময়ত তেওঁ মুখামুখি হোৱা এটা কাহিনী উল্লেখ কৰি  কয় যে আমাৰ মাজত ধৰ্মীয় শিক্ষা আৰু সংস্কৃতিৰ পৰিচয় নোহোৱাৰ বাবে আমাৰ অসমৰ জনজাতীয় সমাজে বিভিন্ন সময়ত নিজৰ ধৰ্মৰ পৰা বিচ্ছিন্ন হৈছে। বিভিন্ন ধৰ্মত গৈ দীক্ষা লোৱাও দেখা পাইছে বুলি উল্লেখ কৰে। ইফালে, নাৰীৰ বাবে ৰাজ্য চৰকাৰে লোৱা আঁচনিৰ কথা কবলৈ গৈ তেওঁ কয় যে  ৰাজ্য চৰকাৰে চৰকাৰী চাকৰিত ৩০% নাৰীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিছে। আজি আমাৰ অসমত ৩ লাখ আত্মসহায়ক গোট আছে। এই আত্মসহায়ক গোটত ৩০ লাখ সদস্যা আছে। কেইদিনমান আগলৈকে এই আত্মসহায়ক গোটসমূহে বেংকৰ পৰা ৫ হাজাৰ কোটি টকাৰ ঋণ লৈছে আৰু সময়মতে ঋণ ওভতাই দিছে। ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে এই তিনি লাখ আত্মসহায়ক গোটত থকা ৩০ লাখ মহিলালৈ ব্যক্তিগতভাৱে উদ্যোগী মহিলা হিচাপে নিৰ্মাণ কৰিব খোজে। সেয়ে এইবাৰ আমি সিদ্ধান্ত লৈছোঁ উক্ত মহিলাসকলক ১০ হাজাৰ টকাকৈ সাহাৰ্য্য প্ৰদান কৰিম, যাতে তেখেতসকলে নিজা প্ৰচেষ্টাত কিবা এটা উদ্যোগ লব পাৰে। অৰুণোদয়, মাইক্ৰফাইনেন্সৰ দৰে আঁচনিয়ে আত্মবিশ্বাসৰ মনোভাব গঢ়ি তুলিছে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। আধ্যাত্মিক যুৱ সন্মিলনৰ চাৰিটা দিনৰ প্ৰশিক্ষণৰ শিক্ষা লোৱা মহিলাসকলে গাঁৱৰ আন আন মহিলাকো এনে শিক্ষা দিব লাগে যাতে এখন সুস্থ সমাজ নিৰ্মাণত বৰঙণি আগবঢ়াব পাৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ১১.৩০ বজাত ফুলনি হাইস্কুল খেলপথাৰত হেলিকপ্টাৰযোগে অৱতৰণ কৰা মুখ্যমন্ত্ৰীয়ে পোনেই আধ্যাত্মিক যুৱ সন্মিলনত উপস্থিত হয়।
কৰ্মশালাৰ প্ৰশিক্ষাৰ্থী জনজাতীয় মহিলাসকলৰ বৰ্গ প্ৰাৰ্থনাৰে আৰম্ভ হোৱা অনুষ্ঠানটোত প্ৰথমে আদৰণী ভাষণ আগবঢ়াই দক্ষিণপাট সত্ৰৰ অধিকাৰ ননীগোপাল দেৱ গোস্বামীয়ে কয় যে আধ্যাত্মিক জ্ঞানেৰে নিজকে জ্ঞানৱন্ত কৰি এখন সুস্থ সমাজ গঢ় দিয়াৰ উদ্দেশ্যে জন্ম হোৱা আধ্যাত্মিক যুৱ সন্মিলনে পৰৱৰ্তী সময়তো বড়ো সমাজৰ লগতে অন্যান্য জনজাতীয় সমাজলৈ গৈ আধ্যাত্মিক জাগৰণ গঢ়ি তুলিব। ইয়াৰ পিছতে আধ্যাত্মিক যুৱ সন্মিলন ২০২৩-ৰ স্মাৰক গ্ৰন্থ আধ্যাত্মদ্বীপ উন্মোচন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । গ্ৰন্থ উন্মোচন কৰি শিক্ষামন্ত্ৰীয়ে দক্ষিণপাট সত্ৰৰ আধ্যাত্মিকতাৰ অভিযান সফল হোৱাৰ কামনা কৰে। অনুষ্ঠানত ক্ৰমে লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱা, ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে, লখিমপুৰৰ বিধায়ক মানৱ ডেকা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মাজুলীৰ বিধায়ক ভুবন গাম, দেউৰী স্বায়ত্বশাসিত পৰিষদৰ ভৈৰৱ দেউৰী, টি এম পি কেৰ সাধাৰণ সম্পাদক চান্দ পাংগিং, মাজুলীৰ উপায়ুক্ত কাবেৰী বি শৰ্মা, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° নিৰোদ বৰুৱা, জেংৰাইমুখ মহাবিদ্যালয়ৰ অধ্যক্ষ নৱ কুমাৰ পেগু, প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু আদি উপস্থিত থাকে।
প্ৰেৰক জীৱন বৰুৱা
You might also like