নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাপুৰৰ কমাৰকুছিত কাইলৈ জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্রিয়া

যোৰাবাটৰ সমীপৰ দিচাং ৰিজ’ৰ্টৰ সমীপৰ হাতীমূৰা টিলাত অন্ত্যেষ্টিক্রিয়া সম্পন্ন হ’ব জুবিন গার্গৰ৷ ৰাজ্যিক কেবিনেটে অন্ত্যেষ্টিক্রিয়া সন্দর্ভত উক্ত স্থান আনুষ্ঠানিকভাৱে চূড়ান্ত কৰে৷ উল্লেখ্য যে প্রাণৰ শিল্পী জুবিন গার্গৰ শেষকৃত্য ক’ত সম্পন্ন হ’ব তাক লৈ যোৱা সময়ছোৱাত যথেষ্ট চর্চা চলিছিল৷ জুবিনৰ জন্মস্থান যোৰহাটত শিল্পীগৰাকীক সমাধিস্থ কৰাৰ বাবে যোৰহাটবাসীয়ে দাবী উত্থাপন কৰাৰ লগতে সমাধিস্থলী নির্মাণৰ বাবেও ভূমি যোগাৰৰ প্রস্তুতি চলিছিল৷

একে সময়তে উত্তৰ গুৱাহাটীত সমাধিস্থ কৰাৰ বাবেও এক চিন্তা–চর্চা আৰম্ভ হৈছিল৷ কিন্তু সেই সকলোবোৰ আলোচনা তথা চর্চাৰ পৰিৱর্তে পৰিয়ালৰ সৈতে হোৱা আলোচনা অনুসৰি যোৰাবাটৰ ওচৰৰ দিচাং ৰিজ’টৰ সমীপৰ হাতীমূৰা টিলাত জুবিনৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ কেবিনেটত গ্রহণ কৰা

এই সিদ্ধান্ত সন্দর্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমক অৱগত কৰে যে অন্ত্যেষ্টিক্রিয়াৰ বাবে সোণাপুৰৰ লগতে যোৰহাটত সম্পন্ন কৰাৰো প্রস্তাৱ আহিছিল৷ অসম সাহিত্য সভাই যোৰহাটত শেষকৃত্য কৰাৰ প্রস্তাৱক সমর্থন দিছিল৷

আনহাতে সদৌ অসম ছাত্র সন্থাই জুবিনৰ পত্নী তথা পৰিয়ালবর্গৰ সৈতে কৰা আলোচনাত পত্নী গৰিমা গার্গে শেষকৃত্য গুৱাহাটীৰ আশে–পাশে কৰাৰ কথা উল্লেখ কৰিছিল৷ বিষয়টোৰ কথা ইতিমধ্যে সদৌ অসম ছাত্র সন্থাই ৰাজহুৱাভাৱে প্রকাশ কৰিছিল৷

সেইমর্মেসৰুসজাইত মন্ত্রী ৰণোজ পেগু, কেশৱ মহন্ত আৰু বিমল বড়াই পুনৰ জুবিন গার্গৰ পত্নী গৰিমা গার্গ তথা তেওঁৰ পৰিয়ালৰ সৈতে বিষয়টো আলোচনা কৰে৷ এই আলোচনাতে গৰিমা গার্গ তথা তেওঁৰ পৰিয়ালে জুবিনৰ সমাধিস্থল গুৱাহাটীৰ আশে–পাশে কৰাৰ কথা উল্লেখ কৰে৷ যিহেতু জুবিনৰ কর্মভূমি গুৱাহাটী আছিল, তদুপৰি পৰিয়ালে জুবিনৰ বার্ষিক শ্রাদ্ধ তথা আন মাংগলিক কর্মসমূহ কৰিবলৈ সঘনে যোৰহাটলৈ যোৱাৰ অসুবিধা হ’ব বুলি স্পষ্ট কৰে৷ সমান্তৰালভাৱে জুবিনৰ পিতৃৰ বয়স ৮০ ঊর্ধ্বৰ হোৱা হেতুকে এই সময়ত তেওঁক যোৰহাটলৈ নিয়া যথেষ্ট জটিল হ’ব বুলিও উল্লেখ কৰে৷

এই সমগ্র বিষয়সমূহ আলোচনাৰ অন্তত পৰিয়ালৰ সিদ্ধান্ত অনুসৰিয়ে হাতীমূৰাত অন্ত্যেষ্টিক্রিয়া সম্পন্নৰ সিদ্ধান্ত লোৱা হয়৷ যিহেতু জুবিন কোনো চৰকাৰী ব্যক্তি নাছিল বা কোনো মন্ত্রী নাছিল, তেনেক্ষেত্রত চৰকাৰী হিচাপে পৰিয়ালৰ এনে সিদ্ধান্তত চৰকাৰে হস্তক্ষেপ নকৰে৷ ইয়াৰ পূর্বে এক সংবাদ মেলৰ জৰিয়তে মন্ত্রী ৰণোজ পেগু, কেশৱ মহন্ত আৰু বিমল বড়াই গৰিমা গার্গৰ সৈতে হোৱা আলোচনা অনুসৰি হাতীমূৰা টিলাত জুবিন গার্গৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন হ’ব বুলি অৱগত কৰে৷

আনহাতে মুখ্যমন্ত্রীগৰাকীয়ে ইয়াকো স্পষ্ট কৰে যে যোৰহাটবাসীৰ জুবিনৰ প্রতি থকা আৱেগ, মৰমক চৰকাৰে সন্মান কৰে৷ যিহেতু সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সমাধিস্থল গুৱাহাটীত, বিষ্ণু–জ্যোতিৰ সমাধিস্থল তেজপুৰত, সেই দিশৰ পৰা জুবিনৰ সমাধিস্থল যোৰহাটত হোৱাৰ বাবে চৰকাৰে চিন্তা–চর্চা কৰিছিল৷ কিন্তু পৰিয়ালৰ সিদ্ধান্তমর্মেই স্থান নির্ধাৰণ কৰা হৈছে৷ দিচাং ৰিজ’টৰ সমীপত ১০ বিঘা চৰকাৰী ভূমিত স্থানীয় লোকে নার্ছাৰী স্থাপন কৰাৰ লগতে এখন সৰু শ্মশান আছিল৷ জুবিনৰ অন্ত্যেষ্টিক্রিয়াৰ বাবে স্থানীয় লোকে এই স্থান মুকলিমূৰীয়াকৈ এৰি দিয়ে৷

তদুপৰি উক্ত ভূমিৰ কাষতেই গুৱাহাটীৰ অম্বৰীশ হোটেলৰ স্বত্বাধিকাৰ পুষ্পেন্দু বৰাৰো অলপ মাটি আছিল, যি মাটি তেওঁ জুবিনৰ শেষকৃত্যৰ বাবে এৰি দিছে৷ ইতিমধ্যে ভূমিখণ্ড চাফ–চিকুণ কৰাৰ কাম আৰম্ভ হৈছে৷ ৰাষ্ট্রীয় ঘাইপথৰ গাতে লাগি থকা হেতুকে অন্ত্যেষ্টিক্রিয়াৰ সময়ত উক্ত পথেৰে ট্রাক বা অন্য গাড়ীৰ চলাচল বন্ধ ৰখা হ’ব৷ কাইলৈ পুৱা ৮ বজাত জুবিনৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হ’ব৷

এই অনুষ্ঠানত চৰকাৰে আৱশ্যকীয় ব্যক্তিসকল উপস্থিত থকাটো বিচাৰে৷ যিহেতু ভূমিখণ্ডত যথেষ্টসংখ্যক লোক উপস্থিত থাকিব নোৱাৰিব৷ তদুপৰি ৰাজ্যিক মর্যাদাৰে সম্পন্ন হ’ব লগা শেষকৃত্য অনুষ্ঠানত কিছু আনুষ্ঠানিকতাও থাকিব, সেয়েহে যথেষ্ট ভিৰ হোৱাটো চৰকাৰে কামনা কৰা নাই৷ মুখ্যমন্ত্রীয়ে আজি ইয়াকো

উল্লেখ কৰে যে জুবিনৰ চিতাভস্ম যোৰহাটলৈ নিয়া হ’ব আৰু যোৰহাটতো নির্মাণ কৰা হ’ব জুবিনৰ সমাধিক্ষেত্র৷ ইফালে শ্রদ্ধাঞ্জলি জনাবৰ বাবে জুবিনৰ নশ্বৰদেহ সৰুসজাই ষ্টেডিয়ামত কাইলৈ ৰখাৰ কথা আজি মুখ্যমন্ত্রীয়ে ঘোষণা কৰে৷ আজিও গুণমুগ্ধই প্রিয় শিল্পীগৰাকীক সৰুসজাই ষ্টেডিয়ামত শ্রদ্ধাঞ্জলি জনাব পাৰিব৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ঘোষণা কৰা তিনিদিনীয়া ৰাজ্যিক শোকৰ দিন আজিলৈকে বৃদ্ধি কৰাৰ কথা মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে৷

নিয়মীয়া বাৰ্তা ডেস্ক, ২২ ছেপ্টেম্বৰ

You might also like