🔹 ফেষ্টিভেল মহন্তৰ স্পষ্টীকৰণতেই ওলাল গোকাট ফাঁকি
নিউজ ডেস্ক, ২২ ছেপ্টেম্বৰ : অসমবাসীৰ হিয়াৰ স্পন্দন জুবিন গার্গৰ মৃত্যুক লৈ তেওঁৰ লগত যোৱা একাংশৰ বিৰুদ্ধে অব্যাহত আছে ধিক্কাৰ–গৰিহণা৷ বিশেষকৈ নর্থ–ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত জুবিনৰ মৃত্যুৰ কাৰক বুলি আঙুলিয়াই ইতিমধ্যে ক্ষোভ উজাৰিছে সহস্রজনে৷ ইয়াৰ মাজতে নিজৰ চাফাই গোৱাত ব্যস্ত হৈ পৰিল শ্যামকানু মহন্ত৷ জুবিনক হেনো জিৰণি দিবলৈহে তেওঁ ছিংগাপুৰলৈ নিছিল৷ ছিংগাপুৰৰ পৰা নিজৰ দোষ নাইকিয়া কৰাৰ লক্ষ্যৰে স্পষ্টীকৰণ দাঙি ধৰা শ্যামকানু মহন্তৰ বক্তব্য– জুবিন জিৰণি ল’বলৈহে ছিংগাপুৰলৈ আহিছিল৷ নর্থ–ইষ্ট ফেষ্টিভেলত অংশগ্রহণ কৰিবলৈ নহয়৷
ৰাষ্ট্রীয় সংবাদ মাধ্যম পিটিআইক এই সন্দর্ভত দিয়া ব্যক্তব্যৰ পিছতে পুনৰ ক্ষোভত জ্বলিছে জুবিন অনুৰাগী৷ উল্লেখ্য যে শ্যামকানুৰ উদ্যোগত প্রতিবর্ষই অনুষ্ঠিত হৈ আহিছে নর্থ–ইষ্ট ফেষ্টিভেল৷ এইবাৰো এইজন শ্যামকানু মহন্তই ছিংগাপুৰত আয়োজন কৰে নর্থ–ইষ্ট ফেষ্টিভেল৷ লক্ষণীয়ভাৱে জুবিন গার্গক এই ফেষ্টিভেলত অংশগ্রহণৰ বাবে নিয়া শ্যামকানু মহন্তই শেহতীয়াকৈ উল্লেখ কৰিছে যে জুবিন গার্গে এই মহোৎসৱত অনুষ্ঠান পৰিৱেশনৰ বাবে অহা নাছিল৷ আনকি তেওঁ অনুষ্ঠান পৰিৱেশনৰ বাবে কোনো বাদ্যযন্ত্রীক অনা নাছিল৷ অনুষ্ঠানত তেওঁ কেৱল ভূপেন হাজৰিকাৰ ‘বিস্তীর্ণ পাৰৰে’ গীতটো গাব বুলিহে উল্লেখ কৰিছিল৷ শ্যামকানু মহন্তৰ এনে গোকাট ফাঁকি শেহতীয়াকৈ পোহৰলৈ আহিছে৷ নর্থ–ইষ্ট ফেষ্টিভেলক লৈ সামাজিক মাধ্যমযোগে প্রকাশ কৰা প্র’মত জুবিন গার্গক বিশেষ আকর্ষণ হিচাপে উল্লেখ কৰা হৈছিল৷ লিখা হৈছিল– গেট ৰেডী টু গ্র’ভ উইথ দ্য টাইমলেছ ভয়চ অৱ বলীউড মিউজিকেল আইকন জুবিন গার্গ, দ্য লিভিং লিজেণ্ড অৱ আছাম, ইজ ছেট টু লাইট আপ দ্য ষ্টেজ উইথ হিজ ইলেক্ট্রিফাইং পার্ফৰমেঞ্চ৷ সেয়াই নহয়, নর্থ-ইষ্ট ফেষ্টিভেল পেজত জুবিন গার্গ লাইভ ইন ছিংগাপুৰ বুলিও উল্লেখ কৰা হৈছিল৷ এই সকলোবোৰৰ পৰাই স্পষ্ট হয় যে শ্যামকানু মহন্তই জুবিন গার্গক নর্থ–ইষ্ট ফেষ্টিভেলত মুখ্য আকর্ষণ হিচাপেই ছিংগাপুৰলৈ নিছিল৷
লক্ষণীয়ভাৱে সমগ্র ঘটনাৰ পাছত নিজৰ চাফাই গাবলৈ চেষ্টা কৰা শ্যামকানু মহন্তৰ মন্তব্য আছিল– ছিংগাপুৰৰ অসমীয়া সমাজৰ তন্ময়ে জুবিনক ফুৰাবলৈ নিয়াৰ কথা কৈছিল৷ মই ফুৰাব নালাগে বুলি কৈছিলোঁ৷ আমি বৈঠকলৈ যাওঁতে জুবিন শুই আছিল৷ বৈঠক চলি থাকোঁতেই সিদ্ধার্থৰ পৰা মেছেজ পাওঁ যে জুবিনৰ এটা এক্সিডেণ্ট হৈছে৷ শ্যামকানু মহন্তৰ এনে স্পষ্টীকৰণ কোনোপধ্যে মানি ল’ব খোজা নাই জুবিন অনুৰাগীয়ে৷ ইয়াৰ বিপৰীতে ইয়াৰ এক উচ্চ পর্যায়ৰ তদন্তৰ দাবী তুলিছে৷ শ্যামকানু মহন্তই যে নর্থ–ইষ্ট ফেষ্টিভেলৰ নামত জুবিনক ব্যৱহাৰ কৰিছিল, অনিচ্ছা সত্ত্বেও জুবিনক জোৰকৈ ছিংগাপুৰলৈ নিয়া হৈছিল সেই কথাবোৰ ইতিমধ্যে স্পষ্ট হৈছে৷
ইফালে, সমগ্র ঘটনাক লৈ প্রাক্তন আইপিএছ বিষয়া ভায়’লেট বৰুৱাই সামাজিক মাধ্যমত লিখা এক পোষ্টে যথেষ্ট প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ সামাজিক মাধ্যমত প্রাক্তন আৰক্ষী বিষয়াগৰাকীয়ে লিখিছে– আজিৰ এই পৰিস্থিতিত আটাইতকৈ সুৰক্ষিতভাৱে বাচি থকাৰ একমাত্র উপায় হৈছে– পুলিচ এৰেষ্ট৷ ইতিমধ্যে কেছ ৰেজিষ্টাৰ হৈছে৷ কিন্তু আৰক্ষীয়ে এছ.২৩৮ অৱ বিএনএছ ধাৰাটো চিআইডিয়ে পঞ্জীয়ন কৰা কেছটোত সন্নিৱিষ্ট কৰিব লাগিছিল৷ অৱশ্যে এতিয়াও সময় আছে৷ বিষয়টো হ’ল নৱপ্রজন্মৰ হার্টথ্র’ব জুবিন, লগতে আমাৰো হিয়াৰ এফাল, ঘৰত দুষ্টালি কৰি থকা নিষ্পাপ শিশুৰ দৰে৷ সেইবাবে ‘অসমীয়া হে’ বুলি…৷
ইফালে, সমগ্র ঘটনা সন্দর্ভত কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত কয়– অভিযোগ উত্থাপন হোৱা তথা জুবিনৰ সংগী সিদ্ধার্থ শর্মাক কালি দিল্লীত পোৱা গৈছিল৷ কিন্তু তেওঁক লৈ অহাৰ উপায় নাই৷ কিয়নো গৰিমা গার্গে তেওঁক একো কৰিব নালাগে বুলি আহ্বান জনাইছিল৷ গতিকে যেতিয়ালৈকে জুবিনক আমি অন্তিম বিদায় নিদিওঁ, তেতিয়ালৈকে এই দিশত আগবাঢ়িবলৈ বহুত বেছি কৰিব পৰা নাযাব৷ এই মুহূর্তত আমি এইটোৱে কৰিছোঁ যে যিসকলে এজাহাৰ দিছে, তেওঁলোকৰ জবানবন্দী গ্রহণ কৰা হৈছে৷ প্রায় ৫৪খন এজাহাৰ চিআইডিলৈ অনা হৈছে আৰু উপযুক্ত ধাৰা লগাই গোচৰ পঞ্জীয়ন কৰি প্রাথমিক প্রক্রিয়া আৰম্ভ কৰা হৈছে৷ এইক্ষেত্রত শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শর্মা দুয়োজন অভিযুক্ত অসমত নাই আৰু তেওঁলোকক পুলিচ পঠিয়াই এই মুহূর্তত আনিব পৰা পৰিৱেশো নাই৷