গুৱাহাটী শোধনাগাৰৰ সামাজিক সাংস্কৃতিক কল্যাণ কেন্দ্ৰৰ উদ্যোগত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি
গুৱাহাটী শোধনাগাৰৰ সামাজিক-সাস্কৃতিক অনুষ্ঠান কল্যাণ কেন্দ্রৰৰ উদ্যোগত কেন্দ্রৰ নুনমাটিৰ বাকৰিত প্ৰয়াত জুবিন গাৰ্গৰ বাবে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্হিত হয়।
কেন্দ্রৰ সাধাৰন সম্পাদক জানিক বৰ্মন আৰু কেন্দ্রৰ সংগীত বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী মন্জু দাসৰ উপস্থিতিত উক্ত অনুষ্ঠানত বিভিন্ন বিষয়ৰ ছাত্র-ছাত্ৰী , শিক্ষক তথা অভিভাবকসকলে শিল্পী গৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলিও আগবঢ়ায়।
তাৰ পিছতেই দাসৰ নেতৃত্বত জুবিন গাৰ্গৰ আপুৰুগীয়া গীত-মাত সমবেতভাবে পৰিবেশন কৰি শিল্পী গৰাকীলৈ অশ্রু-অন্জলিসহ শ্ৰদ্ধা নিবেদন কৰে আৰু গাৰ্গৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি শিল্পী গৰাকীক আজন্ম জীয়াই ৰখাৰ আহ্বানেৰে অনুস্থানৰ সামৰনি মাৰে।
নিয়মীয়া বাৰ্তা ডেস্ক, ২২ ছেপ্টেম্বৰ