নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফাঁচি যন্ত্রণাদায়ক: ফাঁচিৰ সলনি যন্ত্রণাহীন মৃত্যুদণ্ডৰ পথ বিচাৰক কেন্দ্রই

নিয়মীয়া বাৰ্তা, ২২মাৰ্চ:  অপৰাধীৰ চূড়ান্ত শাস্তি মৃত্যুদণ্ড ফাঁচিৰে সমাপন কৰা প্রক্রিয়াটোক লৈ বিবেচনাৰ পক্ষত দেশৰ উচ্চতম ন্যায়ালয়৷ ফাঁচি নির্দয়, অমানৱীয় আৰু মানৱীয় মর্যাদাৰ নীতিক উলংঘন কৰা বুলি উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি গ্রহণ কৰি সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে আজি ফাঁচিৰ সলনি যন্ত্রণাহীন মৃত্যুদণ্ডৰ পথ বিচাৰ কৰিবলৈ কেন্দ্রক নির্দেশ দিয়ে৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় আৰু ন্যায়াধীশ পি এছ নৰসিংহৰ বিচাৰপীঠে আবেদনৰ শুনানি লৈ ফাঁচিৰ দ্বাৰা মৃত্যুদণ্ড অমানৱীয় বুলি কেন্দ্রক প্রশ্ণ উত্থাপন কৰি ফাঁচি যন্ত্রণাদায়ক হোৱাৰ বাবেই ফাঁচিৰ সলনি মৃত্যুদণ্ডৰ বাবে অন্য পথ বিচৰাৰ নির্দেশ দিয়ে৷ তদুপৰি এই পথ বিচৰাৰ বাবে গৱেষণা আৰু অধ্যয়নৰ বাবে বিশেষজ্ঞ কমিটী গঠনৰো নির্দেশ দিয়ে বিচাৰপীঠে৷ ফাঁচিৰ দ্বাৰা মৃত্যুদণ্ডৰ শাস্তি নিষেধাজ্ঞা বিচাৰি জনোৱা আবেদনৰ শুনানি গ্রহণ কৰি সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে কেন্দ্রীয় চৰকাৰৰ এটর্নী জেনেৰেলক ফাঁচিৰ দ্বাৰা মৃত্যুদণ্ড দিয়া তথা কিবা বিকল্প পথৰ দ্বাৰা মৃত্যুদণ্ড দিয়া সন্দর্ভত আন দেশসমূহৰ পৰা তথ্য সংগ্রহ কৰি বিবেচনা কৰিবলৈও নির্দেশ দিয়ে৷ ঋষি মালহোট্টা নামৰ অধিবক্তা এজনে দাখিল কৰা ৰাজহুৱা স্বার্থজড়িত আবেদনখনত দোষী ব্যক্তিক চূড়ান্ত শাস্তি হিচাপে ফাঁচিৰে মৃত্যুদণ্ড দিয়াৰ সময়ত লোকজনে বিভিন্ন আঘাত পোৱাৰ লগতে মৃত্যুৰ বাবে কেইবামিনিটো চটফটাই থাকিবলগীয়া হয় বুলি যুক্তি প্রদর্শন কৰে৷ মৃত্যুদণ্ড বিহাটো ফাঁচিৰ সলনি আন পদ্ধতি বিশেষকৈ বিষাক্ত বেজী, গুলীয়াই হত্যা অথবা বৈদ্যুতিক চকীত বহুৱাই সেই শাস্তি কার্যকৰী কৰাৰ বাবে আদালতে কেন্দ্রক নির্দেশ দিবলৈ আবেদনত আহ্বান জনায়৷ আবেদনকাৰীয়ে বিষাক্ত বেজীৰ প্রসংগ উত্থাপন কৰাৰ পাছত মুখ্য ন্যায়াধীশ চন্দ্রচূড়ে আবেদনকাৰীক প্রশ্ণ সোধে– মৃত্যুদণ্ড কার্যকৰী কৰিবলৈ বিষাক্ত বেজী অধিক যন্ত্রণাদায়ক নহ’ব বুলি আপুনি কিবা গৱেষণাত পাইছিল নেকি? আনপিনে, গুলীয়াই হত্যা কৰা সন্দর্ভত ন্যায়াধীশ নৰসিংহই কয় যে পূর্বতে গুলীয়াই হত্যা কৰা ব্যৱস্থা এটা আছিল৷ স্বেচ্ছাচাৰী সামৰিক শাসকসকলে ৰাজনৈতিক প্রতিদ্বন্দ্বীৰ পৰা ৰক্ষা পৰিবলৈ তাৎক্ষণিক পদ্ধতি হিচাপে গুলীয়াই হত্যা কৰিছিল৷ মৃত্যুদণ্ড বিহাৰ বাবে ১৯৮৩ চনৰ পাছৰ পৰা কিবা যন্ত্রণাবিহীন পদ্ধতি বৈজ্ঞানিক অধ্যয়নত ওলাইছে নেকি বুলি এটর্নী জেনেৰেলক প্রশ্ণ সোধে ন্যায়াধীশ নৰসিংহই৷ মৃত্যুদণ্ড বিহিবলৈ কম যন্ত্রণাদায়ক বৈজ্ঞানিক পদ্ধতি তথা মর্যাদাপূর্ণ মৃত্যুৰ বাবে কিবা উন্নত ব্যৱস্থা আছে নেকি এই বিষয়ে বিচাৰ–খোচাৰ কৰিবলৈ বিচাৰপীঠে কেন্দ্রক স্পষ্ট নির্দেশ দিয়ে৷ কেন্দ্রীয় চৰকাৰৰ পৰা সর্বোচ্চ ন্যায়ালয়ে ফাঁচিৰ পৰিৱর্তে যন্ত্রণাহীন বিকল্প পথ বিচাৰিবলৈ বিশেষজ্ঞ কমিটী গঠনৰ নির্দেশ দিয়াৰ লগতে এই বিষয়টো অহা ২ মে’ত পুনৰ আদালতে শুনানি গ্রহণ কৰিব বুলি কয়৷ বিশেষজ্ঞ কমিটী গঠনত ৰাষ্ট্রীয় আইন বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞ, এইম্ছ অথবা আন হাস্পতালৰ চিকিৎসক আৰু এই বিষয়ত বিশেষজ্ঞক অন্তর্ভুক্ত কৰিবলৈ নির্দেশ দিয়ে বিচাৰপীঠে৷ মন কৰিবলগীয়া যে মৃত্যুদণ্ড হিচাপে ফাঁচিকাঠত ওলমাটো কিমান উপযুক্ত তথা সঠিক সেই সন্দর্ভত ২০১৭ চনৰ আগষ্টত প্রথমবাৰৰ বাবে প্রশ্ণ উত্থাপন কৰিছিল উচ্চতম ন্যায়ালয়ে৷

You might also like