নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথৰ দুৰৱস্থাত প্ৰসূতিৰ আৰ্তনাদ : বাগানপাৰাৰ জালাহবস্তিৰ জনজীৱনৰ কৰুণ কাহিনী

নিয়মীয়া বাৰ্তা, বৰমা, ২০ আগষ্ট : বাক্সা জিলাৰ বাগানপাৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জালাহবস্তিত প্ৰত্যক্ষ হৈছে এক হৃদয়বিদাৰক দৃশ্য। উন্নয়ন আৰু সমৃদ্ধিৰ কাহিনী শিৰোনাম হৈ থকাৰ মাজতে এই ঘটনাটোৱে স্থানীয় ৰাইজক স্তম্ভিত কৰি তুলিছে। বিটিচিৰ…

কাইলৈ গুৱাহাটীত এছিয়া কাপ হকীৰ ট্ৰফী প্ৰদৰ্শন

অহা ২৯ আগষ্টৰ পৰা বিহাৰৰ ৰাজগিৰত অনুষ্ঠিত হ’ব লগা পুৰুষৰ এছিয়া কাপ হকীৰ চেম্পিয়ন ট্ৰফীটো কাইলৈ গুৱাহাটীত প্ৰদৰ্শন কৰা হ’ব৷ অসম হকী সন্থাৰ সভাপতি তপন দাসে জনোৱা অনুসৰি মহানগৰীৰ মুঠ দহটা স্থানত এই ট্ৰফী প্ৰদৰ্শন কৰা হ’ব৷ পুৱা কামাখ্যা…

মোদীৰ শিক্ষাগত অৰ্হতা সম্পৰ্কীয় তথ্য প্ৰকাশ নকৰিব, দিল্লী হাইক’ৰ্টৰ ৰায়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গ্ৰেজুৱেশ্যন ডিগ্ৰীৰ সৈতে সম্পৰ্কিত তথ্য প্ৰকাশৰ বাবে কেন্দ্ৰীয় তথ্য আয়োগৰ (CIC) নিৰ্দেশক দিল্লী উচ্চ ন্যায়ালয়ে বাতিল কৰি দিছে। দিল্লী বিশ্ববিদ্যালয়ে কেন্দ্ৰীয় তথ্য আয়োগৰ এই নিৰ্দেশৰ বিৰুদ্ধে আপত্তি…

বিলাসীপাৰাত বলপূৰ্বক খিলঞ্জীয়াৰ ভূমি দখল মিঞাৰ, আক্ৰাছুৰ তীব্ৰ প্ৰতিক্ৰিয়া

নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট : যিটো সময়ত ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ একাধিক আঁচনি বলৱৎ কৰিছে, মিঞাৰ কবলৰ পৰা বিভিন্ন বনাঞ্চলত উচ্ছেদ চলাই ভূমি বেদখলমুক্ত কৰিবলৈ লৈছে, তেনে সময়তে বিলাসীপাৰা…

কাক ভাল পাওঁ? মানুহজনক নে ধাৰণাটো !

🔹 ড০ পার্থসাৰথি মহন্ত আপুনি কাৰোবাক ক’ৰবাত লগ পাইছে৷ তৎক্ষণাত এটা সংযোগ অনুভৱ কৰিছে৷ আৰু ভাবিছে– ‘মই বিচাৰি থকা মানুহজন ঠিক এইজনেই৷’ এনেকুৱা হৈছেনে? হয়তো আপুনি তেওঁৰ সৈতে ভৱিষ্যতৰ কল্পনাও কৰি পেলাইছিল বা অনুভৱ কৰিছিল যে তেওঁ আপোনাৰ এটা…

ডেৱাল্ড ব্ৰেভিছৰ ছিক্সাৰে সৃষ্টি কৰিলে হাস্যকৰ দৃশ্য, বল লৈ দৌৰি গ’ল অনুৰাগী

অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজত খেলা তৃতীয় এদিনীয়া মেচত যদিও প্ৰ’টিয়াজ দলটোৱে লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল, তথাপি তৰুণ বেটছমেন ডেৱাল্ড ব্ৰেভিছৰ শ্বটসমূহে দৰ্শকক উৎসাহিত কৰি তুলিছিল। মেচৰ সময়ত তেওঁ এনে এটা ছিক্স…

টিউচনলৈ গৈ সন্ধানহীন দশম শ্ৰেণীৰ দুই ছাত্ৰ, ছিপাঝাৰত চাঞ্চল্য

ছিপাঝাৰত টিউচনলৈ গৈ সন্ধানহীন দশম শ্ৰেণীৰ দুজন ছাত্ৰ। দুয়ো ছিপাঝাৰৰ বৰমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ। ছাত্ৰ দুজনৰ নাম কৌস্তৱ কুমাৰ ডেকা আৰু মৌচম শৰ্মা। পুৱাতে টিউচনলৈ বুলি ওলাই গৈছিল দুয়ো। বৰ্তমানেও ঘৰলৈ উভতি অহা নাই দুয়ো। ইতিমধ্যে…

অসমত বাংলাদেশী থকাত কি আপত্তি? ছায়েদা হামিদৰ বিতৰ্কিত মন্তব্যত ক্ষোভৰ জুই

পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্যা ছায়েদা হামিদে অসমত বাংলাদেশীসকলক থাকিবলৈ দিয়া উচিত বুলি কৰা মন্তব্যই ৰাজ্যত এক বৃহৎ বিতৰ্কৰ সৃষ্টি কৰিছে। মনমোহন সিং চৰকাৰৰ সময়ত পৰিকল্পনা আয়োগৰ সদস্যা হিচাপে কাৰ্যনিৰ্বাহ কৰা হামিদে কালি গুৱাহাটীত অসম…

মুম্বাইৰ অভিজাত অঞ্চলত অসম চৰকাৰৰ নিজা চৌহদ : থাকিব তথ্য কেন্দ্র, শিক্ষার্থী-ৰোগীৰ বাবে থকাৰ…

বিশেষ বাৰ্তা, ২৫ আগষ্ট : দেশৰ বাণিজ্যিক প্রাণকেন্দ্র মুম্বাই মহানগৰীৰ অভিজাত কোলাবা অঞ্চলৰ ৪ বিঘা ভূমিত নির্মাণ হ’ব অসম চৰকাৰৰ নিজা চৌহদ৷ কেন্দ্রীয় জাহাজ, বন্দৰ আৰু জলপথ মন্ত্রালয়ে কোলাবা অঞ্চলৰ ৪ বিঘা ভূমি ৬০ বছৰৰ বাবে অসম চৰকাৰক লীজত…

পুটিনৰ পাছতে দিল্লী ভ্রমণৰ কথা ঘোষণা জেলেনস্কীৰ 

🔹 ভাৰতৰ মধ্যস্থতাত অন্ত পৰিব নেকি ৰাছিয়া ইউক্রেইনৰ সংঘাত নিউজ ডেস্ক, ২৫ আগষ্ট : বিগত তিনি বছৰ ধৰি চলি থকা ৰাছিয়া–ইউক্রেইনৰ সংঘাত ৰোধৰ বাবে ট্রাম্পৰ প্রচেষ্টা বাৰে বাৰে বিফল হৈছে৷ এনে পৰিস্থিতিত ভাৰতৰ মধ্যস্থাতাত দীর্ঘদিনীয়া সংঘাতৰ অৱসান…