টিউচনলৈ গৈ সন্ধানহীন দশম শ্ৰেণীৰ দুই ছাত্ৰ, ছিপাঝাৰত চাঞ্চল্য
ছিপাঝাৰত টিউচনলৈ গৈ সন্ধানহীন দশম শ্ৰেণীৰ দুজন ছাত্ৰ। দুয়ো ছিপাঝাৰৰ বৰমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ। ছাত্ৰ দুজনৰ নাম কৌস্তৱ কুমাৰ ডেকা আৰু মৌচম শৰ্মা।
পুৱাতে টিউচনলৈ বুলি ওলাই গৈছিল দুয়ো। বৰ্তমানেও ঘৰলৈ উভতি অহা নাই দুয়ো। ইতিমধ্যে বিভিন্ন স্থানত ছাত্ৰদ্বয়ৰ সন্ধান চলাইছে যদিও কোনো শুংসূত্ৰ পোৱা নাই পিতৃ মাতৃয়ে।
ঘটনাটোক লৈ অঞ্চলটিত চাঞ্চল্যৰ সূষ্টি কৰিছে।
Niyomiya Barta Desk, 25 August