কাক ভাল পাওঁ? মানুহজনক নে ধাৰণাটো !
🔹 ড০ পার্থসাৰথি মহন্ত
আপুনি কাৰোবাক ক’ৰবাত লগ পাইছে৷ তৎক্ষণাত এটা সংযোগ অনুভৱ কৰিছে৷ আৰু ভাবিছে– ‘মই বিচাৰি থকা মানুহজন ঠিক এইজনেই৷’
এনেকুৱা হৈছেনে?
হয়তো আপুনি তেওঁৰ সৈতে ভৱিষ্যতৰ কল্পনাও কৰি পেলাইছিল বা অনুভৱ কৰিছিল যে তেওঁ আপোনাৰ এটা হেৰাই যোৱা বা অসম্পূর্ণ অংশ পূর্ণ কৰিলে৷ কিছুদিনৰ পিছত– সপ্তাহ, মাহ বা বছৰৰ পিছত– উপলব্ধি কৰিলে যে তেওঁ আপোনাৰ মনত থকা মানুহজন একেবাৰেই নহয়৷ আপুনি হয়তো তেওঁৰ বিষয়ে ধাৰণাটোহে– আপুনি নিজকে কোৱা কাহিনীটো– প্রকৃততে যিজন কিন্তু ত্রুটিপূর্ণ মানুহ আছিল– বেছি ভাল পাইছিল৷
ৰোমাণ্টিক আদর্শবাদ বনাম আৱেগিক বাস্তৱ৷ দুয়োটাৰে মাজৰ ব্যৱধান মানৱ সম্পর্কত অতি সাধাৰণ৷ কিন্তু আলোচনা কম৷ কেৱল ৰোমাণ্টিক সম্পর্কতে নহয়– বন্ধুত্ব, পাৰিবাৰিক সম্পর্ক আনকি পেছাদাৰী সম্পর্কতো এই ব্যৱধান অতি সাধাৰণ৷ আমি সম্ভাৱনাৰ প্রেমত পৰোঁ৷ মানুহজনৰ এখন ছবি মনতে অংকন কৰোঁ আৰু আমাৰ ধাৰণাৰ সেই ছবিখনক ভাল পাবলৈ আৰম্ভ কৰোঁ৷
আমি এযোৰ চছমা পিন্ধো৷ আমাৰ আশা, কল্পনা আৰু ইচ্ছাৰ চছমা৷ বাস্তৱক আওকাণ কৰি এইযোৰ চছমা পিন্ধি যেতিয়া আমি কাৰোবাক চাওঁ সেয়াই ৰোমাণ্টিক আদর্শবাদ৷ এয়া কেৱল শাৰীৰিক আকর্ষণৰ কথা নহয়৷ এই ব্যক্তিজনে আমাৰ আৱেগিক প্রয়োজনীয়তা পূৰ কৰিব, আমাৰ মূল্যবোধৰ অংশীদাৰ হ’ব আৰু আমাৰ জীৱনত নিখুঁতভাৱে খাপ খাই পৰিব– এই বিশ্বাসে সৃষ্টি কৰে ৰোমাণ্টিক আদর্শবাদ৷ মনোবিজ্ঞানৰ মতে, মগজুৱে আর্হি আৰু ভৱিষ্যদ্বাণী ভাল পায়৷ আমি যেতিয়া কাৰোবাক ভাল পাওঁ, আমি তেওঁৰ পৰা আশা কৰা গুণ–বৈশিষ্ট্যৰে তেওঁৰ নজনা দিশবোৰ ভৰাই পেলাওঁ৷ আমাৰ কল্পনা, আদর্শ নতুবা কোনো কাল্পনিক বা নায়কোচিত চৰিত্রত দেখা পোৱা গুণ বা বৈশিষ্ট্য আমি এই ব্যক্তিজনৰো আছে বুলি ভাবি ভাল পাওঁ– ভাল পাবলৈ লওঁ৷
আৱেগিক বাস্তৱ হ’ল আমি প্রকৃততে কি আৱিষ্কাৰ কৰোঁ৷ কাৰোবাৰ লগত হোৱা জীৱন্ত অভিজ্ঞতাই হ’ল আৱেগিক বাস্তৱ৷ প্রাৰম্ভিক জিলিঙনি মাৰ যোৱাৰ পিছত দৈনন্দিন জীৱনত আমি কি আৱিষ্কাৰ কৰিলোঁ৷ বাস্তৱ খুব কমেইহে নিখুঁত হয়৷ এজন ব্যক্তি মৰমিয়াল অথচ ত্রুটিপূর্ণ, যত্নশীল তথাপিও অসামঞ্জস্যপূর্ণ, প্রেৰণাদায়ক অথচ কেতিয়াবা স্বার্থপৰ হ’ব পাৰে৷ আৱেগিক বাস্তৱে আমাক বুজাই দিয়ে যে যি যেনেকুৱা তেনেকুৱাকৈয়ে ভাল পাব লাগিব– আমি বিচৰা ধৰণে নহয়৷
তথাপিও আমি মানুহজনৰ বিষয়ে ধাৰণাটোক ভাল পাওঁ৷ ধাৰণা প্রেম৷ এয়া আমাৰ প্রয়োজনীয়তাৰ প্রক্ষেপণ৷ আমি আমাৰ অপূর্ণ আৱেগিক প্রয়োজনীয়তাবোৰ কাৰোবাৰ ওপৰত প্রক্ষেপ কৰোঁ, বিশ্বাস কৰোঁ যে তেওঁ সেই শূন্যতা পূৰণ কৰিব– সেয়া ৰোমাঞ্চ বা নিৰাপত্তা, যিকোনো হ’ব পাৰে৷ লগতে আমি এটা গুণৰ ভিত্তিত আন আন গুণৰো ধাৰণা কৰি লওঁ৷ এটা ইতিবাচক বৈশিষ্ট্যৰ আধাৰত সকলো ইতিবাচক বুলি ভাবি লওঁ৷ যিটো ভুল৷ ইয়াৰ উপৰিও আছে আমাৰ বেছিকৈ কোৱাৰ প্রৱণতা৷ আমি কৈ ভাল পাওঁ৷ স্বভাৱগতভাৱেই মানুহ গল্পকাৰ৷ আমি গল্প কওঁ, কাহিনী কওঁ, ৰহণ সানি কওঁ৷ কাৰোবাক লগ পাইছোঁহে– ‘জীৱনসংগী’ বুলি ক’লোৱেই নহয়৷ দুদিন পিছতহে বাস্তৱ কি বুজি পাওঁ৷
ধাৰণা প্রেমত পৰাৰ লগে লগে আপুনি নিজতকৈ তেওঁৰ লগত বেছি ব্যস্ত হৈ পৰে৷ তেনে কৰিব লাগে বুলি আপুনি ভাবে৷ আপোনাক নিৰাশ কৰিলেও, আঘাত দিলেও আপুনি তাত যুক্তি বিচাৰি পায়৷ ভৱিষ্যতে তেওঁৰ আচৰণ সলনি হ’ব বুলি আশা কৰে৷ বর্তমানৰ বাস্তৱতকৈ প্রাৰম্ভিক স্মৃতিবোৰৰ প্রতি আপুনি অধিক আকৃষ্ট৷ আপুনি অনুভৱ কৰে যে তেওঁ যদি মাত্র ‘এই এটা বস্তু সলনি কৰিলেহেঁতেন’ তেন্তে সকলো নিখুঁত হ’লহেঁতেন৷ বন্ধু বা পৰিয়ালে তেওঁৰ ত্রুটি উলিয়ালে আপুনি আওকাণ কৰে৷
এটা সময়ত এই ৰোমাণ্টিক আদর্শবাদে বাস্তৱৰ খুন্দা সহ্য কৰিব নোৱাৰা হয়৷ বাস্তৱতা আৰু মনত চলি থকা কল্পনাৰ কাহিনীটোৰ অহৰহ বিৰোধে সৃষ্টি কৰে হতাশা৷ এই বিৰোধ, হতাশা আৰু উপলব্ধিয়ে সৃষ্টি কৰে বিশ্বাসৰ সমস্যা৷ অথচ সত্যটো হ’ল– তেওঁ সলনি হোৱা নাই– আপুনিহে তেওঁক স্পষ্টকৈ দেখা হৈছে৷ তেওঁ একেই আছে৷ আপুনিহে অতদিনে আপুনি কল্পনা কৰা ব্যক্তিজন আৰু আপোনাৰ সন্মুখৰ ব্যক্তিজনক মিলাবলৈ চেষ্টা কৰি আছিল৷ আপুনি ব্যক্তিজনৰ কাৰণে নহয়, তেওঁক লৈ আপুুনি গঢ়া সপোনটোৰ বাবে শোক কৰে৷ আপুনি তেওঁ সলনি হ’ল বুলি তেওঁক দোষ দিয়ে, দৰাচলতে কিন্তু আপোনাৰ ধাৰণাহে অসম্পূর্ণ আছিল৷ আৱেগিক বাস্তৱ সেয়েহে অত্যন্ত অস্তত্বিকৰ৷ আৱেগিক বাস্তৱতাৰ অর্থ হ’ল অনিশ্চয়তা আৰু অসম্পূর্ণতাৰ সন্মুখীন হোৱা৷ আমি বিশ্বাস কৰিব খোজো যে আমাৰ প্রথম ধাৰণাটো সঠিক আছিল৷ গতিকে ভুল হোৱা বুলি মানি লোৱাটো ব্যক্তিগত ব্যর্থতাৰ দৰে হৈ পৰে৷ তদুপৰি বাস্তৱক মানি লোৱাৰ অর্থ হ’ব পাৰে এৰি দিয়া– সম্পর্ক শেষ কৰা৷ অকলে থকাৰ ধাৰণাটো ভয় লগা৷ তাতকৈ কল্পনাৰ লগত থকাই ভাল৷ লগতে আমি যদি কাৰোবাক তেওঁৰ কথা কৈ দিছোঁ, এতিয়া ভুল স্বীকাৰ কৰাটো আৰু কঠিন৷
এই পৰিস্থিতিৰ পৰিত্রাণ কি? আদর্শবাদ আৰু বাস্তৱৰ ব্যৱধান দূৰ কৰাৰ উপায় কি? মানুহে সদায় কল্পনাৰ জগতত বাস কৰিব নোৱাৰে৷ বাস্তৱ জগতখনলৈ ঘূৰি আহিব লাগিব৷ বাস্তৱক গ্রহণ কৰিবলৈ শিকিব লাগিব৷ প্রথম দৃষ্টিত, প্রথম চাৱনিত প্রেম হ’ব পাৰে, তথাপিও কাৰোবাক সঁচাকৈয়ে চিনি পোৱাৰ আগতে গভীৰ আৱেগিক প্রতিশ্রুতিত লৰালৰি কৰাটো বৰ এটা ঠিক নহ’ব পাৰে৷ প্রতিশ্রুতি সহজ, আচৰণৰ আর্হিয়েহে সঁচা কথা কয়৷ কথা নহয়, কাম চাওক৷ নিজকে সোধক–তেওঁক দেখা পাইছে নে নিজৰ প্রয়োজনীয়তাবোৰ দেখা পাইছে৷ দ্বৈততাক গ্রহণ কৰিবলৈ শিকিব লাগিব৷ এজন ব্যক্তি ভীষণ ভাল হ’ব পাৰে, তথাপিও ত্রুটি থাকিব পাৰে৷ নিখুঁততা আশা নকৰাকৈ দুয়োটা দিশকে গ্রহণ কৰি ল’ব পৰাটোৱেই পৰিপক্বতা৷ আশা–প্রত্যাশা–মূল্যবোধ ইত্যাদি খোলোচাকৈ কওক, আগতীয়াকৈ৷ প্রাৰম্ভিক অৱস্থাতে বুজি যাব তেওঁ আপুনি বিচৰা মানুহজন হয়নে?
কাৰোবাৰ প্রতি আকর্ষিত হোৱাকৈ তেওঁৰ বিষয়ে আমি কৰা ধাৰণাটো সেই মানুহজনে সৃষ্টি নকৰে, আমি কৰোঁ৷ এনে ধাৰণা আমি সৃষ্টি কৰাৰ কাৰণ আমাৰ আশা–কল্পনাও হ’ব পাৰে বা অতীতৰ কোনো দুখ–আঘাতো হ’ব পাৰে৷ আমি তেওঁৰ পৰা বৈধতা বিচাৰোঁ৷ আন কোনোবাই আমাক ‘সম্পূর্ণ’ কৰিব বুলি আমি বিশ্বাস কৰোঁ৷ অনেকে আকৌ ঘনিষ্ঠতাক ভয় কৰে৷ আচল মানুহজন বা কেনে হয়? তাতকৈ মই ভাল পোৱা ধাৰণাটোতে তেওঁ থাকক৷ অর্থাৎ আমি ভাল পোৱা ‘ধাৰণা’টোৱে আমাক প্রতিফলিত কৰে, তেওঁক নহয়৷
এই ধাৰণাটোৰ ওপৰত আৱেগিকভাৱে নির্ভৰশীল হৈ পৰাৰ লগে লগে ই হৈ পৰে ক্ষতিকাৰক৷ কাৰণ আপুনি আপোনাৰ সুখৰ বাবে কল্পনাৰ ওপৰত নির্ভৰ কৰে৷ এটা সময় আহিব যেতিয়া আপোনাৰ নিজৰ আচৰণ আপোনাৰ বাবে ক্ষতিকাৰক হৈ পৰিব পাৰে৷ আপোনাৰ অজুহাত হ’ব আপোনাৰ মনৰ ধাৰণাটো আৰু মনে বিচৰা মানুহজনৰ মাজত থকা অমিল৷ সময়ৰ লগে লগে নিজৰ পৰিচয়ক আওকাণ কৰি, আপোনাৰ ব্যক্তিত্ব আৰু পছন্দক কল্পনাৰ লগত খাপ খুৱাবলৈ যত্ন কৰি আপুনি আনকি আপোনাৰ আত্মবোধো হেৰুৱাব পাৰে৷
কাৰোবাৰ বিষয়ে ধাৰণাটোক ভাল পোৱাটো কেতিয়াবা ইতিবাচকো হ’ব পাৰে৷ সম্পর্কটো ভাল নহ’লেও ই আমাক নিজকে উন্নত কৰিবলৈ অনুপ্রাণিত কৰিব পাৰে৷ বংগ শিল্পী, লেখক আৰু সংগীতজ্ঞৰ বাবে এনে ‘ধাৰণা প্রেম’ সৃষ্টিশীলতাৰ উৎস হৈ পৰে৷ এনে প্রেমে তেওঁলোকৰ অনুভৱক শিল্পৰ ৰূপ দিয়াত সহায় কৰে৷ মানসিক দৃষ্টিকোণৰ পৰা কাৰোবাৰ ধাৰণাক ভাল পোৱাটো কেইবাটাও কাৰকৰ দ্বাৰা গঢ় লৈ উঠে৷ মোহ তত্ত্বৰ মতে, আমাৰ প্রাৰম্ভিক বন্ধনে আমি আনক কেনেকৈ আদর্শগত কৰি লওঁ তাক প্রভাৱিত কৰে৷ জ্ঞানমূলক মনোবিজ্ঞানৰ মতে, আমি সম্পূর্ণৰূপে চিনি নোপোৱা মানুহৰ বিষয়ে নজনাখিনি পূৰণ কৰিবলৈ চমু আৰু সহজ বাট বিচাৰি লওঁ৷ স্নায়ু ৰসায়নেও এটা ভূমিকা পালন কৰে৷ ডপামিনৰ দৰে ৰাসায়নিক পদার্থই প্রাৰম্ভিক পাৰস্পৰিক ক্রিয়াত এক উচ্ছ্বাস, এক মহানন্দৰ অনুভূতিৰ সৃষ্টি কৰে যি আমাৰ বিচাৰ–বুদ্ধি ধুঁৱলী–কুঁৱলী কৰি দিব পাৰে৷ মনোবিজ্ঞানীসকলে সেয়েহে মানুহক সচেতনভাৱে সম্পর্ক স্থাপন কৰি কল্পনাক বাস্তৱৰ পৰা পৃথক কৰাত সহায় কৰে৷ কল্পনা কৰি থকাতকৈ প্রকৃততে কি সেয়া উপলব্ধি কৰিবলৈ উৎসাহিত কৰে৷
সঁচা কথাটো হ’ল- আমি সকলোৱে সম্পর্ক আৰম্ভ কৰোঁ আদর্শবাদৰ স্পর্শৰে৷ বিপদ আহি পৰে যেতিয়া আমি বাস্তৱৰ মুখামুখি হওঁ আৰু সেই আদর্শক সলনি কৰিবলৈ অস্বীকাৰ কৰোঁ৷ প্রকৃত প্রেম হ’ল ব্যক্তিক এক সমগ্র হিচাপে ভাল পোৱা– তেওঁৰ ভাল–বেয়া সকলোকে লৈ৷ যেতিয়া আমি মানুহজনক তেওঁলোক যি বা যেনেকুৱা, তেনেকুৱাকৈয়ে ভাল পাবলৈ শিকো, তেতিয়া সম্পর্ক অধিক বাস্তৱমুখী, সন্মানজনক আৰু পৰিপূর্ণ হৈ পৰে৷ অর্থাৎ সঁচাকৈয়ে ভাল পাব লাগিব৷ কেৱল ধাৰণাটো নহয়, সামগ্রিকভাৱে ব্যক্তিজন আপোনাৰ হূদয়ৰ আপোন হওক৷
ফোন : ৯৪৩৫০–৪৮৪৮০