পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্যা ছায়েদা হামিদে অসমত বাংলাদেশীসকলক থাকিবলৈ দিয়া উচিত বুলি কৰা মন্তব্যই ৰাজ্যত এক বৃহৎ বিতৰ্কৰ সৃষ্টি কৰিছে। মনমোহন সিং চৰকাৰৰ সময়ত পৰিকল্পনা আয়োগৰ সদস্যা হিচাপে কাৰ্যনিৰ্বাহ কৰা হামিদে কালি গুৱাহাটীত অসম নাগৰিক সন্মিলনৰ এক সভাত এই মন্তব্য কৰিছিল। এই সভাত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ দৰে গুৰুত্বপূৰ্ণ ব্যক্তিসকল উপস্থিত আছিল।
হামিদে কৈছিল, “বাংলাদেশী হোৱাটোত কি ভুল? বাংলাদেশীও মানুহ, আৰু পৃথিৱী ইমান ডাঙৰ, তেওঁলোক ইয়াত থাকিব পাৰে। তেওঁলোকে ইয়াত কাৰো অধিকাৰ কাঢ়ি লোৱা নাই।” তেওঁ অসম চৰকাৰৰ বাংলাদেশীসকলৰ বিৰুদ্ধে চলি থকা উচ্ছেদ অভিযানৰ সমালোচনা কৰি কয় যে এই অভিযানে মুছলমান সম্প্ৰদায়ক লক্ষ্য কৰি আছে। তেওঁ আৰু কৈছিল যে অবৈধ প্ৰব্ৰজনকাৰীয়ে ভাৰতীয় নাগৰিকৰ অধিকাৰ কাঢ়ি লৈছে বুলি যুক্তি দিয়াটো “অতি দুৰ্ভাগ্যজনক আৰু মানৱতাৰ বাবে ক্ষতিকাৰক।”
তেওঁৰ এই মন্তব্যই অসমৰ স্থানীয় জনগোষ্ঠীৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ বিষয়টোক তুচ্ছ-তাচ্ছিল্য কৰাৰ অভিযোগ উত্থাপিত হৈছে। হামিদে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে অভিযানকো সমালোচনা কৰিছিল।
হামিদৰ এই মন্তব্যই ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিজেপি আৰু আছুৰ দৰে সংগঠনে তেওঁৰ এই মন্তব্যৰ তীব্ৰ নিন্দা কৰিছে।
এই সন্দৰ্ভত বিধায়ক মানৱ ডেকাৰ প্ৰতিক্ৰিয়া- অজিত ভূঞা FEAR MAFIA। অজিত ভূঞাহঁতৰ দৰে ব্যক্তিক অসমৰ ৰাইজে সামাজিকভাৱে বৰ্জন কৰিব লাগে। ছায়েদা হামিদে কথা কৈ থকাৰ সময়ত তেওঁলোকৰ বুদ্ধিভ্ৰষ্ট হৈছিল নেকি। অজিত ভূঞাই ১৯৯০ চনৰ পৰা অসমত ভয় বিক্ৰী কৰি আছে।
ইফালে অজিত কুমাৰ ভূঞা, ড০ হীৰেন গোহাঁইৰ অসম নাগৰিক সন্মিলনৰ বিপৰীত স্থিতি গ্ৰহণ কৰিছে লুৰিণজ্যোতি গগৈয়ে। তেওঁ কয়, XYZ যিয়েই নহওক বিদেশীৰ পৃষ্ঠপোষকতা কৰাসকলৰ কোনো কথা মানি লোৱা নহ’ব। AJPয়ে অসমত বাংলাদেশী ৰাখিবলৈ ষড়যন্ত্ৰ কৰা কাৰ্যৰ সদায় বিৰোধিতা কৰি যাব।
চামগুৰিৰ বিধায়ক দীপ্লুৰঞ্জন শৰ্মাৰ মন্তব্য- ‘ছায়েদা হামিদে পাকিস্তান, বাংলাদেশলৈ গৈ তাৰ নাগৰিকত্ব গ্ৰহণ কৰক। যিসকল লোকে ছায়েদা হামিদক অসমলৈ মাতি আনিছিল তেওঁলোককো লগত লৈ যাওক। ছায়েদা হামিদৰ মন্তব্য অসমীয়াৰ স্বাভিমানৰ প্ৰতি চৰম ভাবুকি। কংগ্ৰেছৰ পৰিকল্পনা মতে অসমলৈ আহি এন মন্তব্য আগবঢ়াইছে ছায়েদা হামিদে।’
বিধায়ক চক্ৰধৰ গগৈৰ মন্তব্য- ‘ছৈয়দা হামিদে মিঞাৰ সপক্ষে কথা ক’বলৈকে অসমলৈ আহিছিল। অজিত ভূঞা, হীৰেন গোহাঁইৰ কথা অসমৰ মানুহে নুশুনা হৈছে। সেয়েহে বাহিৰৰ পৰা মানুহ মাতি আনি অজিত ভূঞাহঁতে ৰঙা দলিচা পাৰি দিছে।’
আছুৰ সকীয়নি- অসমলৈ আহি ছায়েদা হামিদে কৰা অসম আৰু ভাৰতবিৰোধী মন্তব্যক গৰিহণা সদৌ অসম ছাত্ৰ সন্থাৰ। এনে বিজতৰীয়া মানসিকতাৰ মানুহক মাতি আনি অসমৰ সামাজিক বাতাবৰণ নষ্ট নকৰিবলৈও আয়োজকসকলক সকীয়নি আছুৰ। এনে মন্তব্য কাণ্ডজ্ঞানহীন। অসম আৰু অসমীয়াৰ সংগ্ৰাম সম্পৰ্কে ছৈয়দা হামিদৰ কোনো জ্ঞান নাই।”
সকীয়নি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ- ‘জমিয়তৰ লগতে ছৈয়দা হামিদক কচুকটা দিয়া হ’ব।’
হুংকাৰ চিতু বৰুৱাৰ – উজনি অসমত নিষিদ্ধ সাংসদ অজিত ভূঞা। বাংলাদেশীৰ ত্ৰাণকৰ্তা ছায়েদা হামিদক অসমলৈ মাতি আনিছিল অজিত ভূঞাই। ঘোষণা জাতীয় সংগ্ৰামী সেনাৰ সভাপতি চিতু বৰুৱাৰ
Niyomiya Barta Desk, 25 August