নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইৰ অভিজাত অঞ্চলত অসম চৰকাৰৰ নিজা চৌহদ : থাকিব তথ্য কেন্দ্র, শিক্ষার্থী-ৰোগীৰ বাবে থকাৰ ব্যৱস্থা

বিশেষ বাৰ্তা, ২৫ আগষ্ট : দেশৰ বাণিজ্যিক প্রাণকেন্দ্র মুম্বাই মহানগৰীৰ অভিজাত কোলাবা অঞ্চলৰ ৪ বিঘা ভূমিত নির্মাণ হ’ব অসম চৰকাৰৰ নিজা চৌহদ৷ কেন্দ্রীয় জাহাজ, বন্দৰ আৰু জলপথ মন্ত্রালয়ে কোলাবা অঞ্চলৰ ৪ বিঘা ভূমি ৬০ বছৰৰ বাবে অসম চৰকাৰক লীজত প্রদান কৰিছে৷ এই কথা সদৰী কৰে কেন্দ্রীয় জাহাজ, বন্দৰ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে৷

গুৱাহাটীৰ জ্যোতিকুছিত থকা বাসভৱনত এখন সংবাদ মেলত তেওঁ কয় যে মুম্বাইত দেশ–বিদেশৰ উল্লেখনীয় বাণিজ্যিক প্রতিষ্ঠান, বিত্তীয় অনুষ্ঠানসমূহ অৱস্থিত৷ তাহানিৰ পৰাই মুম্বাই চহৰে বিশ্বৰ বুকুত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ তেনে এখন ব্যস্ততাপূর্ণ চহৰত অসম চৰকাৰৰ ফালৰ পৰা এটা নিজা চৌহদ স্থাপন কৰিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জাহাজ, বন্দৰ আৰু জলপথ মন্ত্রালয়ৰ অধীনস্থ মুম্বাই বন্দৰ কর্তৃপক্ষলৈ এখন পত্র প্রেৰণ কৰিছিল৷ মুম্বাই চহৰৰ আটাইতকৈ অভিজাত অঞ্চল হিচাপে বিবেচিত কোলাবাত কিছু মাটি প্রদান কৰাৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা লিখিতভাৱে অনুৰোধ জনোৱা হৈছিল৷ অসম চৰকাৰৰ সেই পত্রখন মুম্বাই বন্দৰ কর্তৃপক্ষই বিতংভাৱে অধ্যয়ন কৰি ব’ৰ্ডত অনুমোদন জনাই এম্পাৱার্ড কমিটীলৈ প্রেৰণ কৰে৷ আমাৰ মন্ত্রালয়ৰ তৰফৰ পৰা সমগ্র বিষয়টো অধ্যয়ন কৰি এম্পাৱার্ড কমিটীয়ে ইয়াত চূড়ান্ত অনুমোদন প্রদান কৰে৷ প্রায় ৪ বিঘাতকৈও অধিক ভূমি অসম চৰকাৰক ৬০ বছৰৰ বাবে লীজত প্রদান কৰাবলৈ ইতিমধ্যে মন্ত্রালয়ে অনুমোদন জনাইছে৷

এয়া অসমৰ বাবে অত্যন্ত ভাল খবৰ বুলি অভিহিত কৰি কেন্দ্রীয় মন্ত্রী সোণোৱালে পুনৰ কয় যে অসম চৰকাৰে এই ভূমিত ৰাজ্যখনৰ স্বার্থত বিভিন্ন ধৰণৰ কাম কৰিবলৈ এটা আন্তঃগাঁথনি নির্মাণ কৰিব৷ য’ত অসমৰ বিষয়ে সবিশেষ জানিবলৈ বিচাৰিলে অথবা বিনিয়োগ কৰিবলৈ বিচাৰিলে সংশ্লিষ্ট তথ্য প্রদানৰ বাবে এই চৌহদটোৱে তথ্যকেন্দ্রৰ কাম কৰিব৷ তদুপৰি অসমৰ বহু লোক উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ যায়৷ উচ্চ শিক্ষাৰ বাবেও বহু শিক্ষার্থী অসমৰ পৰা মুম্বাইলৈ আহে৷ এই ছাত্র–ছাত্রী অথবা ৰোগীসকলৰ সুবিধাৰ বাবে বিভিন্ন ধৰণৰ সা–সুবিধা প্রদান কৰাৰ বাবে এই চৌহদত ব্যৱস্থা থাকিব৷ ইয়াৰ উপৰি বিভিন্ন ধৰণৰ আনুষ্ঠানিক চৰকাৰী কাম–কাজৰ বাবে যোৱা বিষয়া–কর্মচাৰীসকলৰ বাবে থকাৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰে তাত পদক্ষেপ গ্রহণ কৰিব৷

কেন্দ্রীয় মন্ত্রীগৰাকীয়ে আশা প্রকাশ কৰে যে মুম্বাইৰ দৰে স্থানত অসম চৰকাৰে নিজা মাটি আৰু নিজা কেন্দ্র গঢ় দিয়াৰ লগে লগে অসমৰ ৰাইজৰ লগতে ছাত্র–ছাত্রীৰ পৰা আৰম্ভ কৰি ব্যৱসায়–বাণিজ্য কৰিবলৈ বিচৰা উদ্যোগপতিলৈকে সকলোৱে বিভিন্ন ধৰণৰ সেৱা গ্রহণ কৰিবলৈ সক্ষম হ’ব৷ ৰাজ্য চৰকাৰক এই ভূমি ৬০ বছৰৰ বাবে লীজত প্রদান কৰিবলৈ পাই তেওঁ আনন্দিত হৈছে বুলি উল্লেখ কৰি সোণোৱালে কয়– মই বিচাৰোঁ যে অসমে নিজা শক্তিৰে বিশ্বৰ অন্যতম উল্লেখযোগ্য বাণিজ্য প্রদর্শন কৰাৰ বাবে পদক্ষেপ লওক৷ ভূমিৰ বিষয়টো নিষ্পত্তি হোৱাৰ লগে লগে অসম চৰকাৰে অসমৰ ৰাইজৰ বৃহত্তৰ স্বার্থত শীঘ্রে তাত এটা সুন্দৰ অনুষ্ঠান গঢ় দিব বুলিও কেন্দ্রীয় মন্ত্রীগৰাকীয়ে আশা প্রকাশ কৰে৷

You might also like