নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত বলপূৰ্বক খিলঞ্জীয়াৰ ভূমি দখল মিঞাৰ, আক্ৰাছুৰ তীব্ৰ প্ৰতিক্ৰিয়া

নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট : যিটো সময়ত ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ একাধিক আঁচনি বলৱৎ কৰিছে, মিঞাৰ কবলৰ পৰা বিভিন্ন বনাঞ্চলত উচ্ছেদ চলাই ভূমি বেদখলমুক্ত কৰিবলৈ লৈছে, তেনে সময়তে বিলাসীপাৰা সম-জিলাৰ সন্তোষপুৰত খিলঞ্জীয়াৰ ভূমি বলপূৰ্বক এদল মিঞাই দখল কৰাৰ গুৰুতৰ অভিযোগ পোহৰলৈ অহাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ঘটনা সংঘটিত হৈছে শালকোচা আৰক্ষী চকীৰ কলিয়াৰখালৰ বাসিন্দা ৰঞ্জিত বৰ্মনৰ লগত।
বৰ্মনৰ অভিযোগ- উত্তৰসূৰী সূত্ৰে পোৱা ভূমিৰ ওপৰত সম্প্ৰতি একাংশ মিঞাই লোলুপ দৃষ্টি দিছে। চাপৰ ৰাজহ চক্ৰৰ সন্তোষপুৰত থকা তেওঁ পৈতৃক সম্পত্তি হিচাপে পোৱা ভূমি চাৰিজন মিঞাই বলপূৰ্বক দখল কৰি ভোগ কৰিবলৈ লৈছে। এই সন্দৰ্ভত শালকোচা আৰক্ষী চকীত ইতিমধ্যে এখন এজাহাৰ দাখিল কৰিছে। বৰ্মনে দিয়া অভিযোগ মতে, সন্তোষপুৰত থকা  ৯০ নং পট্টাৰ  ১৫৩, ১৭৮ আৰু ১৩২ নং দাগত মুঠ ৫ বিঘা ভূমি আছে । য’ত বৰ্মনে খেতি কৰি বছৰটোৰ শস্য উৎপাদন কৰিছিল। কৰ্মসূত্ৰে বৰ্মনে কোকৰাঝাৰৰ চৰাইখোলাত থকাৰ সুযোগ গ্ৰহণ কৰি মাটিখিনি অবৈধভাৱে আয়নাল আলী, সন্তোষ আলী, ছলেমান আলী আৰু লাল চান্দ আলীয়ে দখল কৰিছে। ৫ বিঘা ভূমিৰ আধা অংশত ঘৰ সাজি থাকিবলৈ লৈছে আৰু আধা অংশত পুখুৰী খান্দি মৎস্য পালন আৰু কঠীয়া ৰুই খেতি কৰিবলৈ লৈছে।
খিলঞ্জীয়াই নিজৰ ভূমিৰ অধিকাৰৰ পৰা এইদৰে বঞ্চিত হ’বলগীয়া হোৱাত সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনে অৰাজক পৰিস্থিতিক লৈ আক্ৰাছুৰ লগতে সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বেদখলকাৰী চাৰিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বৰ্মনৰ ভূমিটুকুৰা ওভতাই দিয়াৰ দাবী উত্থাপন কৰিছে সংগঠনটোৰ নেতৃত্বই। এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে ভুক্তভোগীয়ে।
প্ৰেৰক সমৰেশ শীল শৰ্মা
You might also like