নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ ঢকুৱাখনাৰ যুৱক

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ২৭ এপ্ৰিল : পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক। বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ থকাৰ সময়ত ট্ৰেইনৰ পৰা ৰহস্যজনকভাৱে ঢকুৱাখনাৰ এজন যুৱক সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। সন্ধানহীন যুৱকজন ঢকুৱাখনা থানাৰ…

ভাঙি পৰিল হাৰাং নৈৰ ফুটব্ৰিজ, কথমপি প্ৰাণৰক্ষা কেইবাজনৰ

অৱশেষত  ভাঙি পৰিল কাছাৰ জিলাৰ বৰখলা সমষ্টিৰ ৰংগৰ-ভাংগৰপাৰ সংযোগী ফুটব্ৰিজ।ইয়াৰ ফলত জনজীৱন ব্যাহত হৈ পৰিছে। দেওবাৰে নিশা হঠাৎ ৰংগৰ-ভাংগাৰপাৰ ফুটব্ৰিজ নদীত ভাঙি পৰে। ইয়াৰ ফলত ফুটব্ৰিজত থকা একাংশ লোকে নদীত জপিয়াই প্ৰাণ ৰক্ষা কৰে। দলংখন…

ধুবুৰী জিলা কংগ্ৰেছ কমিটীৰ নিলম্বনৰ নিৰ্দেশ বাতিল APCC-ৰ

সম্প্ৰতি দলবিৰোধী কাৰ্যকলাপৰ বাবে ধুবুৰী জিলা কংগ্ৰেছে দিয়া নিৰ্দেশ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বাতিল কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, APCC/Circular/274 নম্বৰৰ এক চাৰ্কুলাৰ যোগে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটি (এপিচিচি)ৰ সাধাৰণ সম্পাদক…

IPL-ত আজি দিল্লীৰ বিৰুদ্ধে প্ৰতিশোধৰ লক্ষ্য বেংগালুৰুৰ

আজি আইপিএলত দিল্লী বনাম বেংগালুৰুৰ এক ৰোমাঞ্চকৰ মেচ অনুষ্ঠিত হ’ব। দুয়োটা দলে অৰুণ জেটলি ষ্টেডিয়ামত মুখামুখি হ’ব। এই ছিজনত দুয়োটা দলৰ মাজত এইখন দ্বিতীয় মোকাবিলা। ইয়াৰ পূৰ্বে দিল্লীয়ে বেংগালুৰুত অনুষ্ঠিত মেচখনত জয়লাভ কৰিছিল। সেয়েহে এইবাৰ…

আৱৰ্জনাৰে ভৰি থাকে নলবাৰী চহৰৰ হাজো-নলবাৰী পথ 

নলবাৰী চহৰৰ মাজমজিয়াতে আৱৰ্জনাৰে ভৰি পৰিছে। হাজো-নলবাৰী পথৰ জীৱন শিল্পী আদ্য শৰ্মা পাৰ্কৰ সন্মুখভাগ আৱৰ্জনাৰে ভৰি থাকে। তেনেদৰে চহৰৰ খনৰ সদৰ থানাৰ সন্মুখত তথা আম্বেদকাৰ চ'কত জাৱৰ-জোথৰে ভৰি থকা দেখা যায়। এই চ'কটোত নাই জাৱৰ পেলোৱা কোনো…

ফুটবল বিশ্বকাপ সন্দর্ভত ইৰানক নতুন চর্ত জাৰি আমেৰিকাৰ

ফুটবল বিশ্বকাপ সন্দর্ভত ইৰানৰ ওপৰত নতুন চর্ত জাৰি কৰিছে আমেৰিকাই৷ এই চর্ত পূৰণ হ’লেহে ইৰানৰ ফুটবল দলক আমেৰিকাত প্রৱেশৰ অনুমতি প্রদান কৰা হ’ব বুলি উল্লেখ কৰিছে মার্কিন বিদেশ সচিব মার্কো ৰোবি’ই৷ উল্লেখ্য যে আমেৰিকা, মেক্সিকো আৰু কানাডাই…

এদিনতে ৪বাৰ সলনি অৰেঞ্জ কেপৰ গৰাকী

আইপিএলৰ ইতিহাসত আমোদজনক ঘটনাৰ সাক্ষী হয় ক্রিকেট অনুৰাগী৷ এদিনতে ৪বাৰকৈ অৰেঞ্জ কেপৰ গৰাকী সলনি হ’বলগীয়া কথাটোৱে এতিয়া নেটিজেনৰ মাজতো বেচ চর্চা লাভ কৰিছে৷ দিল্লী কেপিটেলছ আৰু পাঞ্জাব কিংছৰ খেলৰ পূর্বে অৰেঞ্জ কেপৰ গৰাকী আছিল বিৰাট কোহলি৷…

টিহুত উত্তাল পৰিস্থিতি, শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ

টিহুৰ নাথকুছিস্থিত North East Mega Food Park-ৰ অন্তৰ্গত Graintech খাদ্য প্ৰস্তুতকৰণ উদ্যোগত আজি পুৱাৰে পৰা উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে। উদ্যোগটোৰ শ্ৰমিকসকলৰ তীব্ৰ প্ৰতিবাদৰ ফলতেই এই পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি জানিব পৰা গৈছে। অভিযোগ…

HS Result Assam : কাইলৈ ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

অসমৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল কাইলৈ অৰ্থাৎ ২৮ এপ্ৰিলত ঘোষণা কৰা হ’ব বুলি পূৰ্বেই ঘোষণা কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। Assam State School Education Board-এ ২৮ এপ্ৰিলত উচ্চতৰ মাধ্যমিক চূড়ান্ত…

কিয় মাতৃয়ে কৰিলে এনে কাণ্ড… ডিমৌ খৰাহাটত কৰুণ ঘটনা

শিৱসাগৰ জিলাৰ ডিমৌৰ খৰাহাট অঞ্চলত এক নৃশংস আৰু কৰুণ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ অনুসাৰে, এগৰাকী মাতৃয়ে নিজ কন্যাক হত্যা কৰাৰ পিছত নিজেও আত্মহত্যাৰ চেষ্টা চলায়। জানিব পৰা মতে, কল্পনা কালন্দী নামৰ মহিলা এগৰাকীয়ে তেওঁৰ ৪ বছৰীয়া…