নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্দোলনৰ নামত হিংসাঃ আৰক্ষীয়ে প্রস্তুত কৰিছে দুষ্কৃতিকাৰীৰ এখন দীঘলীয়া তালিকা

শীঘ্রে গ্রেপ্তাৰ হ’ব ‘কা’বিৰোধী আন্দোলনৰ হিংসাত লিপ্ত অপৰাধী

নিয়মীয়া বার্তা, ২৩ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (কা)বিৰোধী প্রতিবাদী আন্দোলনত হিংসাত্মক কার্যত লিপ্তসকলক চিনাক্ত কৰাৰ বাবে তদন্ত চলাই আছে আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট (এছ আই টি)–এ৷

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ মহাপৰিদর্শক মৃদুলানন্দ শর্মাৰ নেতৃত্বত গঠিত পাঁচজনীয়া এছ আই টিয়ে ‘কা’বিৰোধী আন্দোলনৰ বিভিন্ন স্থানৰ ভিজুৱেল অহৰহ নিৰীক্ষণ কৰি আছে৷ মৃদুলানন্দ শর্মাৰ উপৰি এছ আই টিত আছে অপৰাধ অনুসন্ধান বিভাগৰ অধীক্ষক লীনা দলে, উপ–আৰক্ষী অধীক্ষক জগদীশ সিন্হা, পৰিদর্শক হিতেশ শর্মা আৰু বলোৰাম টেৰং৷

আৰক্ষী সূত্রই জনোৱা মতে, এছ আই টিয়ে ইতিমধ্যে ‘কা’বিৰোধী প্রতিবাদী আন্দোলনৰ সময়ত ৰাজহুৱা সম্পত্তি ধ্বংস কৰা দুষ্কৃতিকাৰীৰ এখন দীঘলীয়া তালিকা প্রস্তুত কৰিছে৷ বিভিন্ন মাধ্যমৰ পৰা এছ আই টিয়ে দুষৃকতিকাৰীৰ ভিজুৱেল সংগ্রহ কৰি এই তালিকা প্রস্তুত কৰিছে৷

সূত্রটোৰ মতে, এই তালিকাত বহু চিনাকি মুখ আছে৷ তালিকাত থকা দুষ্কৃতিকাৰীৰ বহুতৰে এছ আই টিয়ে ম’বাইল ফোন নম্বৰ ‘ট্রেছ’ কৰিছে৷ হিংসাত্মক কার্যত লিপ্ত এইসকল দুষ্কৃতিকাৰীক আৰক্ষীয়ে শীঘ্রে গ্রেপ্তাৰ কৰিব৷

উল্লেখ্য যে ‘কা’বিৰোধী প্রতিবাদী আন্দোলনৰ সুযোগ লৈ একাংশ দুষ্কৃতিকাৰীয়ে ধ্বংস কৰিছিল কোটি কোটি টকাৰ চৰকাৰী সা–সম্পত্তি৷ এই দুষ্কার্যত জড়িত ৰাজ্যৰ ৩০০ৰো অধিক দুষ্কৃতিকাৰীক আৰক্ষীয়ে ইতিমধ্যে গ্রেপ্তাৰ কৰিছে৷

ইপিনে ৰাজহুৱা সম্পত্তি ধ্বংস কৰা ভিডিঅ’ ফুটেজ প্রেৰণ কৰিবৰ বাবে আৰক্ষীয়ে ইতিমধ্যে দুটা হোৱাটছএপ নম্বৰ মুকলি কৰিছে ৷ নম্বৰ দুটা হ’ল ৮৬৩৮২–৪৮৩৬৪ আৰু ৯৯৫৭৪–৭৬৬৪১৷ এই নম্বৰ দুটাত ৰাইজে ভিডি’ ফুটেজ প্রেৰণ কৰিব পাৰিব৷

You might also like