নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ দ্রুততম বিকশিত অর্থনীতিৰ দেশৰ মর্যাদা হেৰুৱাব ভাৰতে

  • নিবনুৱা সমস্যা আৰু মুদ্রাস্ফীতিক লৈ যুঁজিছে এছিয়াৰ তৃতীয় বৃহত্তম দেশ ভাৰতে
  • ডলাৰৰ বিপৰীতে টকাৰ পতন, সুদৰ হাৰ বৃদ্ধিৰ বাবে বর্ষটোত অর্থনৈতিক বিকাশৰ হাৰ নিম্নগামী
  • নিম্নগামী হৈছে ভাৰতৰ বিদেশী ঋণৰ ভাণ্ডাৰ

নিয়মীয়া বাৰ্তা, ৩১ আগষ্ট: নিবনুৱা সমস্যা বৃদ্ধি আৰু মুদ্রাস্ফীতিয়ে দেশৰ অর্থনীতিক কোঙা কৰি তুলিছে৷ এছিয়াৰ তৃতীয় বৃহত্তম অর্থনীতিৰ দেশ ভাৰতে নিবনুৱা সমস্যা আৰু মুদ্রাস্ফীতিৰ সৈতে যুঁজি দেশৰ অর্থনীতিক সঠিক দিশে আগবঢ়াই নিয়াৰ প্রয়াস চলাই আছে যদিও সম্প্রতি দেশীয় অর্থনীতি আশানুৰূপ নহয়৷ ভাৰতীয় ৰিজার্ভ বেংকে সহনীয় নীতিৰে মুদ্রাস্ফীতিৰ সৈতে মোকাবিলা কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্রহণ কৰিছে যদিও ই ধাৰণা কৰা অনুযায়ী ফলপ্রসূ হোৱা নাই৷ ক’ভিড–১৯ মহামাৰীয়ে কোঙা কৰা অর্থনীতি পুনৰুদ্ধাৰৰ বাবে নীতি প্রস্তুত কৰিলেও ৰাছিয়া আৰু ইউক্রেইনৰ মাজৰ যুদ্ধই পৰিস্থিতি অন্য দিশলৈ নিয়ে৷ এনে স্থিতিত ভাৰতে বিশ্বৰ দ্রুততম বিকশিত অর্থনীতিৰ দেশৰ মর্যাদা হেৰুওৱাৰ ক্ষণ গণিছে৷ অর্থনৈতিক বিশেষজ্ঞসকলে প্রকাশ কৰা মতে ভাৰত যদিওবা বর্তমান বিশ্বৰ দ্রুততম বিকশিত অর্থনীতিৰ দেশ হিচাপে স্থান অটুট ৰাখিব পাৰিছে, শীঘ্রেই দেশৰ অর্থনীতিৰ দুর্বল ৰূপে এই স্থান হেৰুওৱাটো নিশ্চিত কৰি তুলিছে৷

দেশৰ নিবনুৱা সমস্যাৰ হাৰ মাহভিত্তিক উত্থান–পতন হৈ আছে যদিও সামগ্রিক স্থিতিত নিবনুৱা সমস্যা ভয়াৱহ ৰূপত বৃদ্ধি হৈছে৷ জুন মাহৰ তুলনাত জুলাইত সামান্য নিবনুৱাৰ হাৰ হ্রাস পাইছিল যদিও আগষ্টত পুনৰ নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে৷ তথ্য মতে ২৯ আগষ্টত দেশৰ নিবনুৱাৰ হাৰ ৮.৩ শতাংশ৷ ই হৈছে বিগত বর্ষৰ পাছত সর্বাধিক৷ ৮.৩ শতাংশ নিবনুৱাৰ ভিতৰত চহৰাঞ্চলত ৯.৬৩ শতাংশ আৰু গ্রামাঞ্চলত ৭.৬৬ শতাংশ৷ এই নিবনুৱাৰ প্রতিচ্ছবিয়েই দেশৰ অর্থনীতিৰ ছবি এখন প্রতিফলিত কৰে৷ আনপিনে, চলিত মাহৰ জানুৱাৰীৰ পৰা এতিয়ালৈকে মুদ্রাস্ফীতিৰ হাৰো উঠা–নমা হৈ আছে৷ জানুৱাৰীত মুদ্রাস্ফীতি ৬ শতাংশৰ বিপৰীতে ফেব্রুৱাৰীত ৬.১ শতাংশ, মার্চত ৭ শতাংশৰ বিপৰীতে এপ্রিলত ৭.৮ শতাংশ, মে’ত ৭ শতাংশৰ বিপৰীতে জুনত ৭ শতাংশ আৰু জুলাইত ৬.৭ শতাংশ৷ জুলাইত মুদ্রাস্ফীতিৰ হাৰ সামান্য নিম্নগামী হৈছে যদিও আগষ্টত ই পুনৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি বিশেষজ্ঞই প্রকাশ কৰিছে৷ অর্থনৈতিক বিকাশৰ হাৰো ভাৰতৰ উদ্বেগজনক হৈ আছে৷

বিগত ত্রিমাসিকত দেশৰ অর্থনৈতিক বিকাশৰ হাৰ দুই সংখ্যাযুক্তলৈ বৃদ্ধি হৈছে যদিও চলিত ত্রিমাসিকত এই অর্থনৈতিক বিকাশৰ হাৰ আধা হোৱাৰ সম্ভাৱনা আছে৷ এই পর্যায় বছৰটোৰ শেষলৈ চলি থাকিব৷ অর্থাৎ আৰবিআয়ে বৃদ্ধি কৰা সুদৰ হাৰৰ প্রভাৱে বর্ষটোত অর্থনৈতিক বিকাশৰ হাৰত প্রভাৱ পেলাব৷ দ্বিতীয় ত্রিমাসিকত অর্থনৈতিক বিকাশৰ হাৰ ১৫.২ শতাংশ ধাৰণা কৰা হৈছে যদিও অক্টোবৰ–ডিচেম্বৰ তথা তৃতীয় ত্রিমাসিকত অর্থনৈতিক বিকাশৰ হাৰ ৪.৫ শতাংশলৈ নিম্নগামী হ’ব৷ ৰয়টাৰে ২২–২৬ আগষ্টত চলোৱা সমীক্ষা অনুসৰি ২০২২ চনত অর্থনৈতিক বিকাশৰ হাৰ ৭.২ শতাংশ ধাৰণা কৰা হৈছে৷ অৱশ্যে পৰিস্থিতিয়ে এই বিকাশৰ হাৰ সঠিকভাৱে বর্তাই ৰাখে নে নাৰাখে সেয়া বিচার্যৰ বিষয়৷ বিশ্বৰ দ্রুততম বিকশিত অর্থনীতিৰ দেশ হিচাপে ভাৰতত সম্প্রতি ঘৰুৱা গ্রাহকৰ স্থিতি দুর্বল হৈ পৰিছে৷ ইয়াৰ কাৰণ হিচাপে নিবনুৱা সমস্যা বৃদ্ধি আৰু শ্রমিক–কর্মচাৰীৰ দৰমহা নিম্ন পর্যায়ৰ৷ ইপিনে, মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ পতন অব্যাহত আছে৷ ইতিমধ্যে প্রতি মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য অভিলেখসংখ্যক ৮০.১৩ টকালৈ নিম্নগামী হোৱাটোৱে টকাৰ পতনৰ ধাৰাটোক প্রতিফলিত কৰিছে৷ বিশেষজ্ঞৰ মতে প্রতি মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য শীঘ্রে উত্থান হোৱাৰ সম্ভাৱনা নাই৷ ই কেইবাসপ্তাহ ধৰি চলি থাকিব৷

আন্তর্জাতিক বজাৰত মার্কিন ডলাৰ শক্তিশালী হোৱাৰ বাবেই ভাৰতীয় টকাৰ মান দুর্বল হৈ আছে৷ ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধৰ বাবে আন্তর্জাতিক বজাৰত ভাৰতীয় টকাৰ মান নিম্নগামী হৈ আছে৷ দেশৰ অর্থনৈতিক বিকাশৰ হাৰ আৰু মুদ্রাস্ফীতিৰ সৈতে মোকাবিলা কৰিবলৈ আৰবিআয়ে তিনি মাহৰ ভিতৰত সুদৰ হাৰ চলিত বছৰত ১৪০ বেছিছ পইণ্ট বৃদ্ধি কৰিছে৷ ইয়াৰ বাবেই সুদৰ হাৰ বৃদ্ধি হোৱাৰ গাড়ী, ঘৰৰ ঋণৰ সুদৰ হাৰ বৃদ্ধি পাইছে৷ মুদ্রাস্ফীতি এনেদৰে চলি থাকিলে ৰিজার্ভ বেংকে পুনৰ ৰেপ’ৰেট বৃদ্ধি কৰাৰ সম্ভাৱনা আছে৷ চলিত বর্ষৰ শেষৰফালে ৰেপ’ৰেট ৬ শতাংশলৈ বৃদ্ধি কৰিব পাৰে বুলি অর্থনৈতিক বিশেষজ্ঞসকলে মত ব্যক্ত কৰিছে৷

আনপিনে, ভাৰতৰ বিদেশী ঋণৰ ভাণ্ডাৰো দ্রুতগতিত হ্রাস পাইছে৷ ২০২০ চনৰ অক্টোবৰৰ পাছত ভাৰতৰ বিদেশী ঋণৰ ভাণ্ডাৰ ৫৬৪ বিলিয়ন মার্কিন ডলাৰ পাইছে৷ আৰবিআইৰ তথ্য মতে ১৯ আগষ্টৰ পাছৰে পৰা সপ্তাহটোত ৬.৬৯ বিলিয়ন মার্কিন ডলাৰ হ্রাস পাইছে আৰু ইয়াৰ পূর্বৰ সপ্তাহটোত ২.২৪ বিলিয়ন মার্কিন ডলাৰ বিদেশী ধনৰ ভাণ্ডাৰ হ্রাস পাইছে৷ দুই বছৰৰ ভিতৰত সর্বনিম্ন হৈছে ভাৰতৰ বিদেশী ঋণৰ ভাণ্ডাৰ৷ ৰিজার্ভ বেংকৰ তথ্য মতে ভাৰতৰ বিদেশী ঋণৰ ভাণ্ডাৰ যোৱা ফেব্রুৱাৰী মাহৰ পৰা এতিয়ালৈকে ৬৭ বিলিয়ন মার্কিন ডলাৰ নিম্নগামী হৈছে৷ ই দেশৰ বাবে উদ্বেগজনক বিষয়৷ উল্লেখ্য যে ৰয়টাৰৰ শেহতীয়া সমীক্ষা মতে ভাৰতৰ চলিত বিত্তীয় ঘাটি বর্ষটোৰ জিডিপিৰ ৩.১ শতাংশ হৈছে৷ বিগত দশকটোৰ ভিতৰত ই হৈছে সর্বাধিক৷ এনেদৰে চলি থাকিলে দেশৰ অর্থনীতিলৈ ভয়াৱহ অশনি সংকেত কঢ়িয়াই অনাটো নিশ্চিত৷

You might also like