নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৭ বছৰ বয়স হ’লেই ভোটাৰ কার্ডৰ বাবে কৰিব পাৰিব আবেদন

নিয়মীয়া বাৰ্তা, ২৯ জুলাইঃ যুৱক–যুৱতীসকলৰ বয়স ১৮ বছৰ হোৱালৈকে অপেক্ষা কৰিবলগীয়া নহ’ব৷ এতিয়াৰে পৰা ১৭ বছৰ হ’লেই ভোটাৰ কার্ডৰ বাবে আগতীয়াকৈ আবেদন জনাব পাৰিব ভাৰতীয় নাগৰিকে৷  এই কথা ঘোষণা কৰিছে দেশৰ নির্বাচন আয়োগে৷

ইতিমধ্যে নতুন নির্দেশিকা অনুসৰি যুৱক–যুৱতীসকলৰ নাম পঞ্জীয়নকৰণৰ ক্ষেত্রত ৰাজ্যসমূহক ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনোৱা হৈছে আয়োগৰ তৰফৰ পৰা৷ সংবিধান অনুসৰি ভাৰতীয় নাগৰিকৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ নূ্যনতম বয়স ১৮ বছৰ৷ ইয়াৰ পূর্বে ১৮ বছৰ সম্পূর্ণ হোৱাৰ পাছতে ভোটাৰ কার্ডৰ বাবে আবেদন কৰাৰ নিয়ম আছিল৷

You might also like