নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

UPIত ৭টা নতুন নিয়ম বলৱৎ… সতৰ্ক নহ’লেই পৰিব পাৰে বিপদত!

ছিষ্টেমৰ ওপৰত চাপ হ্ৰাস, পেমেণ্টত বিলম্ব হোৱা, বিফল লেনদেনৰ দৰে সমস্যা হ্ৰাসৰ বাবে একাধিক নতুন নিয়ম জাৰি কৰিবলৈ সাজু হৈছে নেচনেল পেমেণ্টছ কৰ্প’ৰেচন অব ইণ্ডিয়া (NPCI)। NPCIৰ মতে নিয়মে UPI ব্যৱস্থাক অধিক মসৃণ আৰু অধিক নিৰ্ভৰযোগ্য কৰি তুলিব। বৰ্তমান বহু লোকে UPI ব্যৱহাৰ কৰে। আজিৰে পৰা কাৰ্যকৰী হ’বলগীয়া পৰিৱৰ্তনৰ বিষয়ে জানক, নহলে পৰিব অসুবিধাত।

এনপিচিআইয়ে জাৰি কৰা বিজ্ঞপ্তি অনুসৰি সকলো বেংক আৰু পেমেণ্ট ছাৰ্ভিচ প্ৰভাইডাৰক নিৰ্দেশ দিছে যাতে UPI নোটৱৰ্কত আটাইতকৈ বেছি ব্যৱহৃত APIবোৰৰ ব্যৱহাৰ সীমিত কৰা হয়। এই APIবোৰৰ ভিতৰত আছে বেলেঞ্চ এনকোৱেৰী, অটোপে মেণ্ডেট সম্পন্ন কৰা আৰু লেনদেনৰ ষ্টেটাছ পৰীক্ষা কৰা। NCPIয়ে জনাইছে, বাৰম্বাৰ API (এপ্লিকেচন প্ৰগ্ৰামিং ইণ্টাৰফেচ) অনুৰোধ UPI নেটৱৰ্কৰ ওপৰত অতিৰিক্ত চাপ সৃষ্টি কৰে, ফলত ছিষ্টেম ডাউন হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।

UPI অটো পে লেনদেনৰ বাবে নিৰ্দিষ্ট সময়সীমা আৰম্ভ এনপিচিআইৰ। নিয়ম অনুসৰি, নিৰ্ধাৰিত সময়ত ইএমআই, ইউটিলিটি বিল, ছাবস্ক্ৰিপশ্যন আৰু অন্যান্য অটো পেমেণ্টৰ দৰে নিৰ্ধাৰিত লেনদেনবোৰ প্ৰক্ৰিয়া কৰা হ’ব।

নতুন সীমাবদ্ধতা সকলো প্লেটফৰ্মৰ সকলো ব্যৱহাৰকাৰীৰ ক্ষেত্ৰতে প্ৰযোজ্য হ’ব। Paytm, Google Pay, PhonePe বা অন্য যিকোনো UPI পেমেণ্ট এপ ব্যৱহাৰ কৰে, সকলোৰে বাবে এই নিয়ম কাৰ্যকৰী হ’ব।

UPI ব্যৱহাৰকাৰীয়ে  আজিৰে পৰা  দিনত সৰ্বোচ্চ ৫০বাৰ তেওঁলোকৰ একাউণ্টৰ বেলেঞ্চ চেক কৰিব পাৰিব। নিৰ্দেশনা অনুসৰি, ব্যস্ত সময়ত ছাৰ্ভাৰৰ ওপৰত চাপ কমাবলৈ ইউপিআই এপবোৰক বেলেঞ্চ পৰীক্ষাৰ অনুৰোধ সীমিত কৰিবলৈ কোৱা হৈছে। নতুন নিয়ম অনুসৰি, গ্ৰাহকসকলে ২৪ ঘণ্টাত সৰ্বোচ্চ ৫০বাৰ বেলেঞ্চ চেক কৰিব পাৰিব।

NPCIৰ নিৰ্দেশনা অনুসৰি ইছ্যু কৰা বেংকসমূহে প্ৰতিটো বিত্তীয় লেনদেনৰ পিছত গ্ৰাহকক তেওঁলোকৰ একাউণ্টত উপলব্ধ বেলেঞ্চৰ বিষয়ে অৱগত কৰিব লাগিব।

UPI ব্যৱহাৰকাৰীয়ে আজিৰে পৰা প্ৰতিটো এপৰ পৰা প্ৰতিদিনে সৰ্বোচ্চ ২৫বাৰ তেওঁলোকৰ ম’বাইল নম্বৰৰ সৈতে সংযুক্ত বেংক একাউণ্টবোৰ চেক কৰিব পাৰিব।

লেনদেনৰ ষ্টেটাছ আপুনি সৰ্বোচ্চ তিনিবাৰ পৰ্যন্ত পৰীক্ষা কৰিব পাৰিব, আৰু প্ৰতিদিনে পৰীক্ষাৰ মাজত অন্তত ৯০ ছেকেণ্ডৰ ব্যৱধান ৰখাটো বাধ্যতামূলক।

Niyomiya Barta Desk, 1 August, 2025

You might also like